নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ ক’ৰোনাত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে নিৰ্দিষ্ট কৰি দিয়া ছখন হাস্পতালৰ চাফাই কৰ্মীৰ বাবে মঙলবাৰে অনুষ্ঠিত মৌখিক সাক্ষাৎকাৰত সৃষ্টি হয় অভাৱনীয় পৰিস্থিতি । লকডাউনৰ মাজতে মাত্ৰ ২৫ টা পদৰ মৌখিক সাক্ষাৎকাৰত অৱতীৰ্ণ হ’বলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্পত সমৱেত হ’ল সহস্ৰাধিক লোক । পুৱাৰে পৰা সাক্ষাৎকাৰত অৱতীৰ্ণ হ’বলৈ সৰুসজাই ক্ৰীড়া প্ৰকল্পত এই লোকসকলে ভিৰ কৰা পৰিলক্ষিত হয় । গুৱাহাটীৰ উপৰি নলবাৰী, মঙলদৈ, জাগীৰোড আদি বিভিন্ন অঞ্চলৰ প্ৰাৰ্থী আহি শাৰী পাতি সাক্ষাৎকাৰত অৱতীৰ্ণ হয় । লক্ষণীয়ভাৱে সাক্ষাৎকাৰত অৱতীৰ্ণ হ’বলৈ অহা প্ৰাৰ্থীসকলে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ সলনি গাতে গা লগাই সাক্ষাৎকাৰত অৱতীৰ্ণ হ’বলৈ শাৰী পাতে ।
উল্লেখ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল , সোণাপুৰ জিলা হাস্পতাল, সৰুসজাই ষ্টেডিয়াম ক’ভি-১৯ কেন্দ্ৰ, চৰকাৰী আয়ুৰ্বেদিক কলেজ ক’ভিড-১৯ কেন্দ্ৰ , কালাপাহাৰ টি বি হাস্পতাল আৰু ক’ভিড-১৯ ৰ যিকোনো আন হাস্পতালৰ চাফাই কৰ্মীৰ ২৫ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল । যোৱা ৫ এপ্ৰিলত এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল । পদসমূহৰ বাবে প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা ধাৰ্য কৰা হৈছিল ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ । কিন্তু এই সাক্ষাৎকাৰত একাংশ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু স্নাতক ডিগ্ৰীধাৰীয়েও অৱতীৰ্ণ হয় । সমান্তৰালভাৱে বিভিন্ন চৰকাৰী-বেচৰকাৰী হাস্পতালত অস্থায়ীভাৱে কাম কৰি থকা একাংশ চাফাই কৰ্মীও ক’ভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে নিৰ্দিষ্ট কৰা হাস্পতালৰ পদসমূহৰ বাবে সাক্ষাৎকাৰত অৱতীৰ্ণ হয় ।