নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পশ্চিমবংগ-তামিলনাডুত বিধানসভা নির্বাচনৰ ভোটগ্রহণ

পশ্চিমবংগত দুটা পর্যায়ৰ প্রথমটো–তামিলনাডু একেটা পর্যায়তে ভোটগ্রহণ

ডিজিটেল ডেস্ক, ২৩ এপ্রিল : দেশৰ ৪খন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনৰ সূচী অনুসৰি ইতিপূর্বে ৯ এপ্রিলত প্রথম পর্বত ভোটগ্রহণ অনুষ্ঠিত হোৱাৰ পিছত আজি দ্বিতীয়টো পর্বত পশ্চিমবংগ আৰু তামিলনাডুত অনুষ্ঠিত হৈছে নির্বাচনৰ ভোটগ্রহণ৷

পশ্চিমবংগত আজি প্রথম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হোৱাৰ পিছত ২৯ এপ্রিলত দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ আজি ৰাজ্যখনৰ ১৫২টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে৷ ৰাজ্যখনৰ ১৬খন জিলাক সামৰি লোৱা সমষ্টিসমূহত স্থাপন কৰা ২,৯৫৮টা অতিৰিক্ত বুথকে ধৰি ৪৪,৩৭৬টা ভোটগ্রহণ কেন্দ্রত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে৷ প্রথম পর্যায়ৰ ভোটগ্রহণৰ বাবে সংশ্লিষ্ট অঞ্চলসমূহত সশস্ত্র আৰক্ষী বাহিনীৰ ২,৪০৭টা গোটক মোতায়েন কৰা হৈছে৷ সকলো ভোটগ্রহণ কেন্দ্রতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে৷ প্রায় ৩.৬০ কোটি ভোটাৰে আজি পশ্চিমবংগত ১,৪৫২গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷ মুখ্যতঃ ৰাজ্যখনৰ শাসকীয় তৃণমূল কংগ্রেছ আৰু বিজেপিৰ মাজতে হাইভল্টেজ প্রচাৰ অভিযান চলে নির্বাচনী প্রচাৰৰ সময়ছোৱাত৷

আনহাতে, আজি তামিলনাডুত প্রায় ৫.৭৩ কোটি ভোটাৰে ৰাজ্যখনৰ বিধানসভা নির্বাচনত ভোটদান কৰিব৷ আজি একেটা পর্যায়তে তামিলনাডু বিধানসভা সমষ্টিত ২৩৪টাৰ আটাইকেইটাতে ভোটগ্রহণ সম্পন্ন হ’ব৷ ভোটগ্রহণৰ বাবে ৰাজ্যখনৰ বিভিন্ন সমষ্টিত ৭৫,০৬৪টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে৷ ভোটগ্রহণ পর্ব সুকলমে সম্পন্ন কৰাৰ বাবে ৮৩,৮৭৫ আৰক্ষী মোতায়েন কৰা হৈছে৷ তদুপৰি, ফ্লায়িং স্কোৱাড, ছার্ভিলেঞ্চ টীম আৰু ষ্টেটিক মনিট’ৰিং ইউনিটসমূহকো মোতায়েন কৰা হৈছে৷ সমগ্র ৰাজ্যখনত ৪,১৮,৫৪১টা প’ষ্টেল ভোট লাভ কৰা হৈছে বুলি মুখ্য নির্বাচন বিষয়া অর্চনা পাটনায়কে জনায়৷

পশ্চিমবংগৰ দৰেই তামিলনাডুতো প্রচাৰ অভিযান তীব্র হোৱা দেখিবলৈ পোৱা যায়৷ আটাইকেইখন ৰাজ্যৰে নির্বাচনৰ ভোটগণনা হ’ব অহা ৪ মে’ত৷

You might also like