নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাংখেড়েত আজি চেন্নাই–মুম্বাইৰ হাইভল্টেজ মেচ

একেৰাহে দুখন মেচত জয়েৰে চেন্নাই শিবিৰত আশাৰ সঞ্চাৰ কৰাৰ সময়তে আজি মুম্বাইৰ বিৰুদ্ধে হাইভল্টেজ মেচ খেলিব চিএছকেই৷

ইফালে, দলটোৰ যুৱ খেলুৱৈ আয়ুস মাত্রে বাহিৰ হোৱাৰ পিছত মূল একাদশত প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীয়ে খেলাৰ সম্ভাৱনা প্রকট হৈছে৷

চেন্নাই শিবিৰত মাহীয়ে কঠোৰ অনুশীলন কৰি থকা পৰিলক্ষিত হয়৷ এই লৈ অনুৰাগীৰ মাজতো বৃদ্ধি পাইছে উৎসাহ৷

শাৰীৰিক অসুস্থতাৰ বাবে চলিত আইপিএলৰ প্রথম ছয়খন মেচত খেলিব পৰা নাছিল ধোনীয়ে৷ ছ’চিয়েল মিডিয়াত ধোনীয়ে অনুশীলন কৰি থকা এখন ফটো শ্বেয়াৰ কৰে চিএছকে৷

অনুৰাগীসকলৰ মতে ধোনীৰ উপস্থিতিয়ে চেন্নাই শিবিৰত আত্মবিশ্বাস বৃদ্ধি কৰিব৷ প্রস্তুতি শিবিৰৰ সময়ত অনুশীলন কৰি থকা অৱস্থাতে পেশীৰ সমস্যাত ভুগিছিল মহেন্দ্র সিং ধোনীয়ে৷ যাৰ বাবে আইপিএলৰ প্রথম দুটা সপ্তাহত দুটা সপ্তাহ খেলিব পৰা নাছিল ধোনী৷

উল্লেখ্য যে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হব এই হাইভল্টেজ মেচখন।

ইফালে ৰোহিত শৰ্মাৰ প্ৰত্যাৱৰ্তনো লক্ষণীয় হব।

ডিজিটেল ডেস্ক, ২৩ এপ্রিল

You might also like