পথাৰৰ পৰাই আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি হাজাৰ হাজাৰ টন ৰঙালাউ
অসমৰ কৃষিখণ্ডত এক নতুন ইতিহাস ৰচনা কৰিছে বোকাখাতৰ চহলা যুগনীয়া আটিৰ প্ৰগতিশীল কৃষকসকলে। কেৱল চৰকাৰী চাকৰিৰ পাছত দৌৰা শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে এক অনুপ্ৰেৰণাদায়ক নিদৰ্শন দাঙি ধৰি চহলা পথাৰৰ ২,০০০ বিঘাতকৈও অধিক কৃষিভূমিত এতিয়া বিৰিঙিছে কেৱল সফলতাৰ হাঁহি।
এই বৃহৎ কৃষি পথাৰখন পৰিদৰ্শন কৰি অভিভূত হৈ পৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা। এক ব্যতিক্ৰমী ৰূপত নিজে স্কুটি চলাই পথাৰত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ এই প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে।
চহলাত কৃষকে উৎপাদন কৰা ৩,০০০ টনতকৈও অধিক ৰঙালাউ এতিয়া কেৱল অসমতে আৱদ্ধ হৈ থকা নাই। ইয়াৰ সোৱাদ লাভ কৰিছে বহিঃৰাজ্য তথা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ গ্ৰাহকেও। ইতিমধ্যে ১২০ ট্ৰাক ৰঙালাউ বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হৈছে।
উল্লেখযোগ্য যে পূৰ্বৰ বৰ্ষত এই অঞ্চলৰ কৃষকে সমূহীয়াকৈ খেতি কৰি ৬ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। যোৱা বৰ্ষৰ তুলনাত এইবাৰ বজাৰ মূল্যও যথেষ্ট আশাব্যঞ্জক। প্ৰতিকেজি ৰঙালাউ পথাৰৰ পৰাই বেপাৰীয়ে ১৫ টকা দৰত সংগ্ৰহ কৰিছে, ফলত কৃষকসকলৰ উপাৰ্জন বৃদ্ধি পাইছে।
কৃষকসকলৰ সৈতে মত বিনিময় কৰি সংবাদ মাধ্যমৰ আগত মন্ত্ৰী অতুল বৰাই কয়, “প্ৰগতিশীল কৃষকসকলে যি একাগ্ৰতা আৰু অধ্যৱসায়ৰ পৰিচয় দিছে, সেয়া সমগ্ৰ অসমৰ বাবে এক আদৰ্শ। কালি তেওঁলোকৰ পথাৰ পৰিদৰ্শন কৰি মই অভিভূত হৈছোঁ। আমাৰ ৰাজ্যখন কৃষিৰ ওপৰত নিৰ্ভৰশীল, গতিকে কৃষকসকলে এনেদৰে সংঘবদ্ধ হৈ কাম কৰিলেহে উপাৰ্জন বৃদ্ধি পাব।”
তেওঁ লগতে কয় যে বিগত ১০ বছৰত ৰাজ্যৰ বহু শিক্ষিত যুৱক-যুৱতীয়ে কৃষিখণ্ডক জীৱিকা হিচাপে গ্ৰহণ কৰি নিজৰ সপোন সাকাৰ কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষকক উৎসাহিত কৰিবলৈ বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।
একাংশ শিক্ষিত যুৱকে কৃষিকৰ্মৰ মাজেদি কেনেকৈ স্বাৱলম্বী হ’ব পাৰি, তাৰ এক বলিষ্ঠ উদাহৰণ চহলাৰ এই পথাৰখন। পথাৰৰ লহপহীয়া ৰঙালাউবোৰে এতিয়া কেৱল কৃষি বিপ্লৱৰ কথাই কোৱা নাই, বৰঞ্চ অসমৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী হোৱাৰ এক সুুস্পষ্ট ইংগিতো দিছে। কৃষি মন্ত্ৰীগৰাকীয়ে চহলাৰ কৃষকসকলৰ এই যাত্ৰাই আনকো কৃষিকৰ্মৰ প্ৰতি আকৰ্ষিত কৰিব বুলি আশা প্ৰকাশ কৰে।
চহলা পথাৰৰ পৰা পৱন কামান, ২৩ এপ্ৰিল