নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : গুৱাহাটীত চিটীবাছৰ একমাত্র চালক পাপৰি ৰয় ৰাভাৰে সাক্ষাৎকাৰ

গ্রীন বাছ চলোৱাৰ সময়ত হর্ন কমকৈ বজাবলৈ চেষ্টা কৰোঁ

সাক্ষাৎ গ্রহণ : নৱ কুমাৰ শর্মা
ফোন : ৯৯৫৪৫–৯০১৩৩

গুৱাহাটী মহানগৰীত অসম ৰাজ্যিক পৰিবহণ নিগম চমুকৈ এএছটিচিৰ চিটীবাছ চালক হিচাপে আপুনি একমাত্র মহিলা যাৰ বাবে এতিয়া আপোনাৰ এক সুকীয়া চিনাকি গঢ়ি উঠিছে৷ আৰম্ভণিৰে পৰা কিদৰে আগবঢ়ি আপুনি উক্ত সেৱাত ব্রতী হ’ল?
আচলতে প্রথম অৱস্থাত মই ব্যৱসায়হে কৰিছিলোঁ৷ সেয়া ২০১১ চন মানৰ কথা৷ তেতিয়া আমাৰ ঘৰত ব্যাপক আর্থিক দীনতা৷ টকা–পইচাৰ অভাৱ দূৰ কৰিবলৈ মই ব্যৱসায় আৰম্ভ কৰিছিলোঁ৷ মোৰ ঘৰ হ’ল বকোৰ ওচৰৰ শিঙৰিৰ বৰগাঁও–বাকৰাপাৰাত্৷ আমাৰ ঘৰৰ ওচৰে–পাঁজৰে মই সেই সময়ত তামোল–পাণৰ দোকান দিছিলোঁ৷ মোৰ ভণ্টি আছিল গুৱাহাটীৰ মালিগাঁৱত৷ এবাৰ ভণ্টিৰ ঘৰলৈ আহিছিলোঁ৷ তেতিয়া বজাৰত দেখিছিলোঁ তৰকাৰীপাতিৰ দাম বহু বেছি৷ গাঁৱত যিহেতু তৰকাৰীৰ দাম কম, সেয়ে কম দামত গাঁৱত তৰকাৰী কিনি, গুৱাহাটীত বিক্রী কৰি নতুন ব্যৱসায় কৰিবলৈ মন মেলিলোঁ অর্থাৎ ২০১২ চন মানত মই জিকা–ভোল, লেছেৰা আদিকে ধৰি তৰি–তৰকাৰীৰ ব্যৱসায় আৰম্ভ কৰিলোঁ গুৱাহাটীত৷ এই ব্যৱসায় কৰি সেই সময়ত মই যথেষ্ট লাভৱান হৈছিলোঁ৷ লাভৰ টকাৰে গাঁৱৰ পৰা বুজন পৰিমাণৰ তৰকাৰী গুৱাহাটীলৈ সুচলভাৱে সৰবৰাহ কৰিব পৰাকৈ এখন গাড়ী ক্রয় কৰাৰ সিদ্ধান্ত ল’লোঁ৷ ভবামতেই কাম কৰিলোঁ অর্থাৎ গাড়ী এখন কিনিলোঁ৷ ‘ছোটা হাতী’ বুলি সর্বসাধাৰণৰ মাজত পৰিচিত মাল টনা গাড়ী এখন কিনিছিলোঁ৷ প্রায় ৬ লাখ টকীয়া গাড়ীখন ডেৰ লাখ টকা বেংকত জমা দি কিস্তি হিচাপত টকা আদায় দিয়াৰ চর্ত সাপেক্ষে গাড়ীখন কিনিছিলোঁ৷ কিন্তু গাড়ীখন মই চলাব নাজানো৷ চালক এজন ৰাখিলোঁ৷ গাড়ীখনেৰে তৰকাৰীৰ ব্যৱসায় ভালদৰেই চলিছিল৷ কিন্তু ইয়াৰ কিছুদিন পিছত সন্মুখলৈ আহিছিল এক সমস্যা অর্থাৎ গাড়ীখনৰ চালকজনে মাজে মাজে মোক অসুবিধা দিবলৈ আৰম্ভ কৰিছিল৷ মানে প্রয়োজনৰ সময়ত তেওঁ নাহিছিল৷ ফলত মই অসুবিধাত পৰিবলগীয়া হৈছিল৷ মই নিজেই ভাবিবলৈ ধৰিলোঁ যে এই চালকক ৰাখিলে মই গাড়ীৰ কিস্তিও দিব নোৱাৰিম আৰু জিৰ’ হৈ পৰিম৷ সেয়ে মই গাড়ী চলাবলৈ শিকিম বুলি সিদ্ধান্ত ল’লোঁ৷ ইতিমধ্যেই আগতে গাড়ীখনেৰে অহা–যোৱা কৰোঁতে কাষত বহি চলোৱাৰ কায়দা–কিটিপখিনি মই প্রাথমিকভাৱে আহৰণ কৰি লৈছিলোৱেই৷ অৱশেষত ২০১৪ চনৰ কোনোবা এটা দিনত মই গাড়ীখন অকলে লৈ বাহিৰলৈ ওলালোঁ৷ ঘৰৰ কাষতে এখন মুকলি পথাৰ আছে৷ তাত অকলে অকলে চলাবলৈ আৰম্ভ কৰিলোঁ৷ এনেদৰে কাৰো সহায় নোলোৱাকৈ বহু সময় গাড়ীখন চলালোঁ৷ গাড়ীখন এনেদৰে চলাই থকা দেখিলে আমাৰ কাষৰে আন এজন চালকে৷ তেওঁ আগবাঢ়ি আহিল মোৰ কাষলৈ৷ তেতিয়া তেওঁক লগত লৈ মোৰ ভুলখিনি তেওঁৰ সহায়ত শুদ্ধ কৰিলোঁ৷ কামৰূপ (মহানগৰ)ৰ পূর্বৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ জৰিয়তে মই মেঘালী দাস নামৰ এগৰাকী উদ্যোগী মহিলাক লগ পাইছিলোঁ৷ গুৱাহাটীৰ ছয়মাইলত থকা তেওঁৰ ‘মেঘনা ট্রেভেল্ছ’ৰ সৌজন্যত মই বিনামূলীয়াকৈ গাড়ীচালনাৰ আনুষ্ঠানিক শিক্ষা ল’লোঁ আৰু লগতে লাভ কৰিলোঁ গাড়ী চালনাৰ অনুজ্ঞাপত্র৷ তাত আমি একেলগে ১৩গৰাকী মহিলাই গাড়ী চলোৱাৰ প্রশিক্ষণ লৈছিলোঁ৷ ইয়াৰ পিছৰে পৰা মই ছুইফ্ট ডিজায়াৰ আদিৰ দৰে সৰু গাড়ী বৰঝাৰ বিমানবন্দৰৰ পৰা গুৱাহাটীৰ অঞ্চলে অঞ্চলে চলাবলৈ আৰম্ভ কৰিছিলোঁ৷ এনেদৰে ২০১৮ চন মানলৈ মই গাড়ী চলাই পিছত এই কাম সাময়িকভাৱে বাদ দিছিলোঁ৷ পিছত এএছটিচিৰ নতুন ইলেক্ট্রিকেল চিটীবাছৰ চালকৰ বাবে ‘মেঘালী ট্রেভেল্ছ’ৰ মেঘালী দাসে প্রশিক্ষণ সম্পূর্ণ কৰা ১৩গৰাকী মহিলা চালকক নিযুক্তি দিবলৈ এএছটিচিক অনুৰোধ কৰিছিল৷ তেতিয়া কর্তৃপক্ষৰ ফালৰ পৰা ইমান মূল্যৱান গাড়ী মহিলা চালকৰ হাতত তুলি দিবলৈ সাহস নকৰিলে৷ কিন্তু কিছুদিন পিছত এএছটিচিৰ পৰা মেঘালী দাসলৈ ফোন আহিছিল আৰু ১৩গৰাকী চালককে পুৰুষৰ সৈতে সমানে সমানে ‘ইণ্টাৰভিউ’ দিবলৈ ক’লে৷ সেই সূত্রে পুৰুষৰ সৈতে মই সমানে সমানে সাক্ষাৎকাৰ দিলোঁ৷ সাক্ষাৎকাৰত বহু পুৰুষক পিছ পেলাই মই উত্তীর্ণ হৈছিলোঁ৷ অৱশেষত চলিত বর্ষৰে যোৱা ফেব্রুৱাৰী মাহৰ পৰা কামত নিযুক্ত হৈ কর্তব্য পালন কৰি আছোঁ৷

চালক হিচাপে নিযুক্তি লাভ কৰা সেই সাক্ষাৎকাৰ সম্পর্কে অলপ ক’ব নেকি?
সাক্ষাৎকাৰৰ পূর্বে তিনি দিন আমাক প্রশিক্ষণ দিয়া হৈছিল৷ অনলাইনত হৈছিল এই প্রশিক্ষণ৷ প্রথম দিনাই মোৰ‘Heavy P.S.B Driving Lisence’খন চাইছিল কর্তৃপক্ষই৷ তাৰ পিছত তিনি দিন চলিছিল প্রশিক্ষণ৷ প্রশিক্ষণৰ অন্তত চতুর্থ দিনা হৈছিল সাক্ষাৎকাৰ৷ গুৱাহাটীৰ ৰূপনগৰৰ এএছটিচি বাছ আস্থানত হৈছিল সাক্ষাৎকাৰ৷ সেই সময়ত ইলেক্ট্রিক বাছখন খিৰিকীৰে মূৰ নুলিওৱাকৈ কেৱল আইনাত চাই গাড়ীখন ‘আগুওৱা–পিছুওৱা’ কৰিব দিছিল৷ এনেদৰে গাড়ীচালনাৰ কেইবাটাও জটিল পদক্ষেপৰ মুখামুখি হ’বলগীয়া হৈছিল৷ এই সকলোখিনিয়েই মই সহজতেই পাৰ কৰিবলৈ সক্ষম হৈছিলোঁ৷ পিছত মোক সাক্ষাৎকাৰ লোৱা এগৰাকী জ্যেষ্ঠ বিষয়াই কৈছিল, ‘তুমি ইমান মূল্যৱান এই গাড়ীখন সঁচাকৈ ভালকৈ চলাব পাৰিবানে?’ এই কথাটো তেওঁ মোক বাৰম্বাৰ সোঁৱৰাই দি সুধি আছিল৷ প্রতিবাৰেই হয় মই পাৰিম বুলি দৃঢ়ভাৱে কৈছিলোঁ৷ অৱশেষত সেই দায়িত্বভাৰ মই লাভ কৰিলোঁ৷

আপুনি এতিয়ালৈকে কি কি গাড়ী চলাইছে?
সকলো ধৰণৰ ট্রাক, ডাম্পাৰ, বাছ, ছুইফ্ট ডিজায়াৰ, ৱেগনাৰ, ট্রেক্টৰ আদি প্রায় সকলো প্রকাৰৰ চাৰিচকীয়া বাহনৰ লগতে বুলেটকে ধৰি সকলো দুচকীয়া বাহন চলাই পাইছোঁ৷ অৱশ্যে মাটি কটা এক্সকেভেটৰ মই এতিয়ালৈ চলাই পোৱা নাই৷ বাকী প্রায়খিনি বাহনেই মই চলাব পাৰোঁ৷

গাড়ী চলাওঁতে বহুতে অযথা ‘হর্ন’ বজাই পৰিৱেশ বিনষ্ট কৰা দেখা যায়৷ এইক্ষেত্রত আপোনাৰ মতামত?
হয়, এইটো এটা দৰকাৰী কথা৷ বিশেষকৈ জনস্বাস্থ্যৰ লগত জড়িত ই এক গুৰুত্বপূর্ণ বিষয়৷ বহুতে বিষয়টোক কার্যতঃ অৱজ্ঞা কৰা দেখা যায়৷ অপ্রয়োজনীয়ভাৱে মই প্রায়ে হর্ন বা গাড়ীৰ শিঙা নবজাওঁ৷ অৱশ্যে মই যিহেতু ডাঙৰ গাড়ী চলাওঁ, গতিকে পথচাৰীসকলে সাধাৰণতে পথৰ পৰা কাষলৈ গৈ পথ মুকলি কৰি দিয়েই৷ ইয়াৰ মাজতে বাহন চালনাৰ সময়ত যথাসম্ভৱ কমকৈ হর্ন বজাই শব্দ প্রদূষণ নিয়ন্ত্রণৰ প্রচেষ্টা চলাই আহিছোঁ৷ কাৰণ অযথাভাৱে বজোৱা গাড়ীৰ শিঙাৰ শব্দই পৰিৱেশ বিনষ্ট কৰে৷ শব্দ প্রদূষণৰ ফলত মানুহৰ স্নায়ৱিক তথা আনুষংগিক নানা ৰোগৰো সম্ভাৱনা থকাৰ কথা মই জানো৷ সেয়ে এইক্ষেত্রত মই যথেষ্ট সজাগ৷ মই অন্য সংশ্লিষ্ট সকলো পক্ষকে অযথা হর্ন বজাই পৰিৱেশ বিনষ্ট নকৰিবলৈ আহ্বান জনালোঁ৷ বিষয়টোক লৈ সংশ্লিষ্ট কর্তৃপক্ষই সকলোৰে মাজত জনসজাগতা বৃদ্ধি কৰিবলৈ কিছু কার্যকৰী ব্যৱস্থা গ্রহণ কৰা উচিত বুলি মই ভাবোঁ৷

গাড়ী চালনাৰ ক্ষেত্রত মহিলা হিচাপে কিবা প্রত্যাহ্বান?
প্রায় সকলো কামতেই কম–বেছি বাধা–বিপত্তি, সমস্যা, প্রত্যাহ্বান থাকেই৷ গতিকে গাড়ী চলোৱাৰ ক্ষেত্রতো নিশ্চয় ব্যতিক্রম নহ’ব৷ দৰাচলতে প্রথম অৱস্থাত মই অলপ বেছি অসুবিধা পাইছিলোঁ৷ কাৰণ আমি গাঁৱৰ ভিতৰুৱা এক সাধাৰণ এলেকাৰ পৰা ওলাই আহিছোঁ৷ গতিকে বাহিৰৰ নগৰীয়া পৰিৱেশত গাড়ী এখনৰ সৈতে তৎক্ষণাৎ মিলি যোৱা স্বাভাৱিকভাৱেই কিছু কঠিন৷ কিন্তু তাৰ মাজতে আগবাঢ়ি থাকিলোঁ৷ এতিয়া অৱশ্যে তেনে কোনো বিশেষ সমস্যা, আহুকাল বা প্রত্যাহ্বান নাই৷ এতিয়া মোটামুটিভাৱে ঠিকেই চলি আছোঁ৷

এখন ডাঙৰ আকাৰৰ গাড়ীৰ সৈতে জীৱন–জীৱিকা চলাই থাকি মাজে–সময়ে পোৱা জিৰণি বা অৱসৰৰ সময়ত আপুনি কি কাম কৰি ভাল পায়?
জিৰণি বা অৱসৰৰ সময়ত মই গান শুনো৷ মোৰ এটা ইউটিউব চেনেল আছে৷ তাত মাজে মাজে ভিডি’ বনাই আপলোড কৰোঁ৷ ইয়াৰ জৰিয়তে সদাশয় লোকৰ পৰা মই যথেষ্ট সঁহাৰি লাভ কৰিছোঁ৷ ইয়াৰ উপৰি অৱসৰকালীন সময়ত মোৰ আন এটা প্রিয় চখ হ’ল ভাগৱত পাঠ শুনা৷ মই অত্যন্ত ভাল পাওঁ ভূপেন বণিয়াৰ ভাগৱত পাঠ শুনি৷ সময় পালেই মই ভাগৱত পাঠ শুনো৷ পুৱা–গধূলি প্রার্থনা শুনাটো মোৰ এক প্রাত্যহিক অভ্যাস৷ ৰামায়ণ–মহাভাৰত আদিও শুনো৷ আকৌ নামতী দলৰ সৈতে মই মাজে মাজে তাল বজাওঁ৷ এনেবোৰ কামৰ মাজেৰেই অতিবাহিত হয় মোৰ জিৰণিৰ সময়৷

মহানগৰীত প্রথম দিনা চিটীবাছ চালনাৰ প্রথম অভিজ্ঞতাৰ স্মৃতি ৰোমন্থন কৰিব নেকি?
গুৱাহাটীত মই আনুষ্ঠানিকভাৱে প্রথম চিটীবাছ চলাইছিলোঁ চলিত বর্ষৰ ১৫ ফেব্রুৱাৰীত৷ এএছটিচিৰ অধীনৰ সেই বাছখন আছিল পিএম ই–বাছ৷ সেইখন এখন মূল্যৱান–ত্যাধুনিক ইলেক্ট্রিক বাছ৷ প্রথমে ৰূপনগৰৰ এএছটিচিৰ বাছ আস্থানৰ পৰা পল্টনবজাৰলৈ বাছখন লৈ গৈছিলোঁ৷ তাৰ পৰা খানাপাৰালৈ গৈছিলোঁ৷ প্রথম দিনটো চিটীবাছ আনুষ্ঠানিকভাৱে চলোৱাৰ অভিজ্ঞতা যথেষ্ট আশাব্যঞ্জক বুলিয়েই ক’ব লাগিব অর্থাৎ সিদিনা মোৰ যথেষ্ট ভাল লাগিছিল৷ ব্যাপক উৎসাহ অনুভৱ কৰিছিলোঁ৷

আমি কামনা নকৰোঁ, তথাপি গাড়ী চলাওঁতে কেতিয়াবা কিবা বিপদ বা প্রতিকূলতাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ ঘটনা সংঘটিত হৈছিল নেকি?
হয়, গাড়ী চলাওঁতে এবাৰ দুর্ঘটনা সংঘটিত হৈছিল৷ অৱশ্যে সেয়া গাড়ী শিকাৰ একেবাৰে প্রাৰম্ভিক অৱস্থাৰ সময়ৰ কথা৷ মই আগতেই উল্লেখ কৰিছিলোঁ যে মই প্রথম দিনা অকলেই গাড়ী শিকিবলৈ গাড়ীখন লৈ গৈছিলোঁ৷ আমাৰ ঘৰৰ ওচৰৰ পথাৰত গাড়ীখন চলাইছিলোঁ৷ সেই সময়ত স্বইচ্ছাই অহা আন এজন চালকে মোক কিছু দিহা–পৰামর্শ দিছিল৷ সেই মতে গাড়ী চলাই মই একপ্রকাৰ পার্গত হৈ পৰিছিলোঁ৷ এনেদৰে চলাই তিনি দিন অতিক্রম কৰিলে৷ শিকাৰ চতুর্থ দিনাৰ কথা৷ সিদিনা মই বজাৰৰ সা–সামগ্রী লৈ লগৰ কেইগৰাকীমান সহযোগীৰ সৈতে গুৱাহাটীলৈ গাড়ীখন লৈ ওলাইছিলোঁ৷ গাড়ী মই চলাইছিলোঁ৷ আগনিশা মোৰ অলপ টোপনি ক্ষতি হৈছিল৷ ইফালে একেবাৰে কাহিলি পুৱাতেই বজাৰলৈ বুলি যাবলগীয়া হৈছিল৷ এনেদৰে গৈ থাকোঁতে পুৱতি নিশা মোক টোপনিৰ আৱেশে বিপদগ্রস্ত কৰিলে৷ গাড়ীখন ভৰলুত দুর্ঘটনাত পতিত হৈছিল৷ গাড়ীখন এনেদৰে বাগৰি পৰে যে তাৰ পৰা বজাৰৰ সামগ্রীসহ আমি মানুহখিনিও ওলাই পৰিছিলোঁ৷ অৱশ্যে সৌভাগ্যবশতঃ আমাৰ বিশেষ ক্ষয়–ক্ষতি হোৱা নাছিল৷ সেই দুর্ঘটনাটোৰ পিছত ভগৱানৰ কৃপাত এতিয়ালৈকে আন কোনো ঘটনা সংঘটিত হোৱা নাই৷ এই দুর্ঘটনাৰ পিছত মই গাড়ীখন চলাবলৈ ভালদৰে শিকিবলৈ সিদ্ধান্ত লৈছিলোঁ৷ সেইমর্মে মই গুৱাহাটীৰে ‘মেঘনা ট্রেভেল্ছ’ত গাড়ী চালনাৰ শিক্ষা গ্রহণ কৰি পৰৱর্তী পর্যায়ত অনুজ্ঞাপত্রও গ্রহণ কৰিছিলোঁ৷

এগৰাকী দক্ষ চালক হ’বলৈ কি বিশেষ গুণৰ অধিকাৰী হোৱাৰ দৰকাৰ বুলি আপুনি ভাবে?
প্রথম কথাই হ’ল মনত অফুৰন্ত সাহস থাকিব লাগিব৷ সাহসী হ’লেহে যান–বাহন চলোৱাৰ ক্ষেত্রত বিশেষভাৱে সফলতা আহে৷ তদুপৰি গাড়ী চলাওঁতে একদম অন্যমনস্ক হ’ব নালাগে৷ মনোযাগীভাৱে গাড়ী চলোৱা উচিত৷ শৰীৰৰ ক্ষেত্রত হাত আৰু ভৰি সঠিক হ’ব লাগে৷ গাড়ী চলোৱাৰ ক্ষেত্রত হাত–ভৰিৰ প্রয়োগ অত্যন্ত গুৰুত্বপূর্ণ৷ ইয়াৰ উপৰি চকুৰ ‘পাৱাৰ’ মানসম্পন্ন হোৱা উচিত৷ এজন চালক উল্লিখিত ধৰণে শাৰীৰিক–মানসিকভা সুস্থ থকা প্রয়োজনীয়৷ কাৰণ চালকজনৰ কর্মদক্ষতাৰ ওপৰতে নিজৰ লগতে গাড়ীত থকা সকলো যাত্রীৰে জীৱন আৰু সুৰক্ষা জড়িত হৈ থাকে৷ সেয়ে চালকসকল গুণগত হোৱা অত্যন্ত জৰুৰী৷

বাণিজ্যিক অথবা সাধাৰণ অনুজ্ঞাপত্রধাৰী একাংশ চালকৰ মাজত সুবিধা পালেই যান–বাহন আইন উলংঘা কৰাৰ এক প্রৱণতা পৰিলক্ষিত হয়৷ বিশ্বৰ বহু উন্নত ৰাষ্ট্রত সকলোৱে স্বতঃস্ফূর্তভাৱে যান–বাহন আইন মানি চলে৷ আপোনাৰ অভিমত?
যান–বাহন আইন সদায় মানি চলিবলৈ আমাক ইতিমধ্যে প্রশিক্ষণৰ সময়তে কৈ দিয়া হৈছে৷ আমি এই আইন মানি চলোঁ৷ আচলতে এই বিধি আমি প্রত্যেকে স্বতঃস্ফূর্তভাৱে মানি চলা উচিত৷ ইয়াক মানি চলিবলৈ বাধ্য কৰাবই নালাগে৷ বিদেশত সকলোৱে নিজে নিজে আইন–কানুন অনুসৰণ কৰে যাৰ বাবে তাৰ পৰিবহণ ব্যৱস্থা অত্যন্ত সুশৃংখলিত লগতে সুৰক্ষিত৷ কিন্তু আমাৰ ইয়াত একাংশই নিজৰ সুবিধা অনুসৰি প্রায়ে যান–বাহন আইন উলংঘা কৰে৷ ফলত সমগ্র পৰিবহণ ব্যৱস্থাতেই ইয়াৰ বিৰূপ প্রভাৱ পৰে৷ আইন–কানুন মানি চলিলে সকলো শৃংখলিত হৈ থাকে৷ দুর্ঘটনা আদিৰ সম্ভাৱনাও কমি থাকে৷ এইখিনিতে কওঁ যে আমি চালনা কৰা পিএম ই চিটীবাছসমূহক যান–বাহন আইন সঠিকভাৱে মানি চলিবলৈ ইতিমধ্যে কঠোৰ নির্দেশনা দিয়া আছে৷ আনকি বাছ আস্থানৰ বাহিৰে আন স্থানত যাতে গাড়ী নৰখায় তাক নিশ্চিত কৰিবলৈ সংশ্লিষ্ট ক্ষেত্রসমূহত বিশেষ মানুহ ৰখাই থোৱা আছে৷ সেই বিশেষ লোকসকলে সেয়া নিৰীক্ষণ কৰি থাকে৷ তদুপৰি আমি চলোৱা প্রতিখন গাড়ীতেই সংলগ্ণ আছে সাতটাকৈ কেমেৰা৷ বিশেষ কাৰিকৰী প্রযুক্তিগত ব্যৱস্থাৰ জৰিয়তে মুখ্য কার্যালয়ৰ পৰা সকলো নিৰীক্ষণত ৰাখে অর্থাৎ কেমেৰাৰ জৰিয়তে মুখ্য কার্যালয়ে প্রতিখন গাড়ীকেই কার্যতঃ নিৰীক্ষণত ৰাখে৷ ফলত গাড়ীত বেআইনী কাম কৰাটো সহজসাধ্য নহয়৷ আইনসমূহ সঠিকভাৱে পালন কৰিবলৈ সময়ে সময়ে পদক্ষেপ লৈ অহা হৈছে৷ লাহে লাহে সকলোৰে মাজত এই লৈ নিশ্চিতভাৱে সজাগতা জাগিব বুলি মই আশাবাদী৷ কাৰণ আইনসমূহ কার্যকৰী হ’লে সকলোৰেই মংগল৷ এই কথাটো সকলোৰে হূদয়ংগম হ’লে আগলৈ আৰু আইন ভংগ কৰাৰ প্রৱণতা নিশ্চিতভাৱেই কমিব৷ এইক্ষেত্রত মই প্রবল আশাবাদী৷

শেহতীয়াভাৱে পথ দুর্ঘটনাৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আপোনাৰ প্রতিক্রিয়া?
হয়, পূর্বৰ তুলনাত পথত যান–বাহনৰ দুর্ঘটনাৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ ফলত আমি বহু লোকক অকালতে হেৰুৱাবলগীয়া হৈছোঁ৷ কিছু লোক পংগু হ’বলগীয়াও হয়৷ এয়া আমাৰ সকলোৰে বাবে দুর্ভাগ্যজনক৷ এইক্ষেত্রত চালক, যাত্রী আৰু সর্বসাধাৰণ সকলোৰে মাজত ব্যাপক সজাগতাৰ আৱশ্যক বুলি মই ভাবোঁ৷ বহু সময়ত একাংশই জধে–মধে গাড়ী চলায়৷ এনে হ’ব নালাগে৷ সুস্থ মনেৰে আৰু শৃংখলিতভাৱে যান–বাহন চলালে যান–বাহনৰ দুর্ঘটনা কমিব বুলি মই ভাবোঁ৷ তদুপৰি যান–বাহন আইন সকলোৱে মানি চলাটো নিশ্চিত হোৱা দৰকাৰ৷ ই বাধ্যতামূলক হ’ব লাগে৷

আপুনি যেতিয়া গাড়ী চলাই কর্তব্য পালন কৰি থাকে, সেই সময়ত আপুনি কি কথাৰ প্রতি বিশেষ লক্ষ্য ৰাখে?
গাড়ী চলোৱা সময়ত ‘তন–মন’ সুস্থিৰ অৱস্থাত ৰাখিবলৈ যত্ন কৰোঁ৷ গাড়ীত উঠা প্রতিগৰাকী যাত্রীৰ জীৱন যিহেতু বাহনখনৰ সঠিক যাত্রাৰ ওপৰত নির্ভৰশীল, সেয়ে এইক্ষেত্রত মই যথেষ্ট সজাগ হৈ থাকোঁ৷ লগতে প্রতিগৰাকী যাত্রীক যাতে আৰামেৰে গন্তব্যস্থানলৈ লৈ যাব পাৰোঁ তাৰ বাবে জধে–মধে ব্রেক মাৰি, হর্ন বজাই শান্তি আৰু তেওঁলোকৰ সুচল যাত্রা বিঘ্ণিত কৰিব নিবিচাৰোঁ৷

ইলেক্ট্রিক বাহনৰ তুলনাত আন গাড়ী চালনাৰ কিবা প্রভেদ?
মই ইলেক্ট্রিক আৰু আন গাড়ী চলাইছোঁ৷ এইক্ষেত্রত তুলনামূলকভাৱে ইলেক্ট্রিক গাড়ীসমূহ চলোৱাটো বেছি সুবিধাজনক৷ এই বাহন চলোৱাৰ ক্ষেত্রত এখন ভৰি আৰু দুখন হাত ব্যৱহাৰ হয়৷ আন গাড়ীত কিন্তু দুখন ভৰি, দুখন হাতৰ প্রয়োগ হয়৷ আমি চলোৱা ইলেক্ট্রিক বাহনসমূহ বেছ সুবিধাজনক আৰু আৰামদায়ক৷

বাহন চালনাৰ সমান্তৰালভাৱে আন কি কাম কৰিছিল?
বাহন চলোৱাৰ সমান্তৰালভাৱে মই বিশেষকৈ ঘোঁৰা চলাইছিলোঁ৷ আমাৰ ঘৰত দুটা ঘোঁৰা আছিল৷ এটাৰ নাম ‘পক্ষীৰাজ’ আনটো ‘দীপালী’৷ দেউতা গোবিন্দ ৰয়ে ঘোঁৰা দুটাৰ তত্ত্বাৱধান কৰিছিল৷ এদিন মই ঘোঁৰাৰ পিঠিত বহিছিলোঁ৷ এনে অৱস্থাত মোৰ দাদা জগন্নাথ ৰয়ে ঘোঁৰাটোৰ পিছৰ ভৰিখনত কোবাই দিছিল৷ তেতিয়া ঘোঁৰাটোৱে মোক পিঠিত লৈ দৌৰ মাৰে৷ সিদিনা মোক কিছু দূৰলৈ লৈ গৈছিল৷ সিদিনাৰ পৰাই সাহস পাই মই ঘোঁৰা চলোৱা আৰম্ভ কৰিলোঁ৷ ঘোঁৰা চলাই ভাল লগা হ’ল৷ সেই সময়ত মই অষ্টম শ্রেণীত পঢ়িছিলোঁ৷ ঘোঁৰাত উঠি মই বকো, শিঙৰি, বাকৰাপাৰা আদি অঞ্চলত ঘূৰি ফুৰিছিলোঁ৷ বিশেষকৈ বজাৰসমূহলৈ গৈছিলোঁ৷ পিছত দেউতাই ঘোঁৰা দুটা ২০১৩ চনত বিক্রী কৰি দিছিল৷ ইয়াৰ লগতে মই গাহৰি পালন কৰোঁ৷ তাঁতশালত কাপোৰ ব’ব জানো৷

You might also like