ভুল নীতিক লৈ LSG-ক চোকা সমালোচনা প্ৰাক্তন ক্ৰিকেটাৰৰ
IPL 2026-ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্ৰদৰ্শনক লৈ তীব্ৰ সমালোচনা উঠিছে। দলটোৱে দুজন তাৰকা খেলুৱৈৰ ওপৰত প্ৰায় ৫০ কোটি টকা ব্যয় কৰিও আশানুৰূপ ফল লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।
দলটোৰ অধিনায়ক ঋষভ পণ্ট আৰু উইকেটকীপাৰ-বেটাৰ নিকোলাছ পুৰাণৰ প্ৰদৰ্শনক লৈ প্ৰাক্তন ক্ৰিকেটাৰ তথা বিশ্লেষক ছাইমন ডাউলে কঠোৰ সমালোচনা কৰিছে।
তেওঁৰ মতে, দলটোৱে দুজন খেলুৱৈৰ ওপৰত বিশাল ধন ব্যয় কৰিও মেচ জিকিব পৰা প্ৰদৰ্শন লাভ কৰা নাই। তথ্য অনুসৰি নিকোলাছ পুৰাণে ৬টা ইনিংছত মাত্ৰ ৫১ ৰান সংগ্ৰহ কৰিছে, আনহাতে তেওঁৰ গড় ৮.৫০। ইফালে পণ্টে ৬টা ইনিংছত ১৪৭ ৰান কৰিছে।
তেওঁ মন্তব্য কৰিছে যে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ টপ অৰ্ডাৰত বিদেশী খেলুৱৈৰ গঠন আৰু ব্যয় নীতি ভুল হৈছে, যাৰ ফলত দলটোৰ প্ৰদৰ্শন প্ৰভাৱিত হৈছে। তেওঁৰ মতে, দলটোৱে মুঠ পাৰ্ছৰ এক বৃহৎ অংশ মাত্ৰ দুজন খেলুৱৈৰ ওপৰত ব্যয় কৰিছে যদিও ফলাফল হতাশাজনক।
বৰ্তমান লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পইণ্টছ টেবুলৰ নৱম স্থানত আছে আৰু প্লে’অফলৈ যোৱাৰ পথত দলটো কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে।
ডিজিটেল ডেস্ক, ২৩ এপ্ৰিল