বিধায়ক আমিনুলৰ জামিন নাকচ নগাঁও আদালতৰঃ পৰৱৰ্তী শুনানি ১৮ এপ্ৰিলত
নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ ন’ভেল ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধকল্পে ৰাজ্য চৰকাৰে যুদ্ধকালীন তৎপৰতা অৱলম্বন কৰাৰ বিপৰীতে অডিঅ’ বাৰ্তাযোগে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দি গ্ৰেপ্তাৰ হোৱা ধিঙৰ বিধায়ক আমিনুল ইঠলামৰ জামিন নাকচ কৰা হৈছে । বুধবাৰে বিধায়ক ইছলামৰ হৈ অধিবক্তা এ এইচ খন্দকৰে নগাঁও আদালতত জামিনৰ আবেদন জনাইছিল যদিও সেয়া নাকচ কৰা হয় ।
লগতে আদালতে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে অহা ১৮ এপ্ৰিল । বিষয়টো সন্দৰ্ভত আদালতে স্পষ্ট কৰি দিয়া অনুসৰি বিধায়কজনক জামিন দিলে তদন্ত প্ৰক্ৰিয়া বাধাগ্ৰস্ত হোৱাৰ সম্ভৱনা আছে । ছেছন আদালতে এই আবেদনৰ শুনানিৰ দিন অহা ১৮ এপ্ৰিলত ধাৰ্য কৰি সেইদিনাই আৰক্ষীক কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিছে ।