বিশ্ব স্বাস্থ্য সংস্থাৰ বিৰুদ্ধে সৰৱ ড’নাল্ড ট্ৰাম্প
নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ সংহাৰ অব্যাহত থকাৰ সময়তে আমেৰিকাত এতিয়া বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ সকলো দেশকে অতিক্ৰম কৰিছে মহাপ্ৰতাপী দেশখনে। শেহতীয়া তথ্য মতে, আমেৰিকাত ৪ লক্ষাধিক লোক ক’ভিড-১৯ মহামাৰীত আক্ৰান্ত হৈছে। আনহাতে প্ৰাণ গৈছে প্ৰায় ১৩ হাজাৰ লোকৰ। দেশখনৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাৰ বিৰুদ্ধে ক্ষুৰধাৰ মন্তব্য আগবঢ়াইছে। চীনৰ পৰা এই ভাইৰাছবিধৰ বিশ্বজুৰি বিস্তাৰ ঘটা পাছত ৰাষ্ট্ৰসংঘৰ শাখা সংস্থা বিশ্ব স্বাস্থ্য সংস্থাই কিয় আন্তৰ্জাতিক ভ্ৰমণ কৰ্তনৰ বিষয়টো সন্দৰ্ভত পৰামৰ্শ আগবঢ়াইছে, তাক লৈ কঠোৰ মন্তব্য আগবঢ়ায় ট্ৰাম্পে। ৰাষ্ট্ৰপতি ট্ৰাম্পে আনকি এইবুলিও উল্লেখ কৰে যে ক’ৰোনা ভাইৰাছৰ মহামাৰীৰ সময়ত বিশ্ব স্বাস্থ্য সংস্থা এতিয়া চীনৰ পক্ষত আছে। গতিকে বিশ্ব স্বাস্থ্য সংস্থালৈ আমেৰিকাই আগবঢ়োৱা পুঁজি কৰ্তন কৰি দিয়াৰ হুংকাৰো দিছে ট্ৰাম্পে। সাংবাদিকৰে হোৱা বাৰ্তালাপত ট্ৰাম্পে কয় যে বিশ্ব স্বাস্থ্য সংস্থাই আমেৰিকাৰ পৰা বৃহৎ পুঁজি লাভ কৰি আহিছে। কিন্তু সংস্থাটোলৈ পুঁজি প্ৰেৰণৰ ক্ষেত্ৰত এতিয়া প্ৰতিৰোধ লগোৱাৰ হুংকাৰ দিছে নেতাগৰাকীয়ে। স্মৰ্তব্য যে ট্ৰাম্পৰ আমেৰিকা ফাৰ্ষ্ট নীতিত আঘাত হনা বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ বিৰুদ্ধে অভিযোগ অনা হৈছে। ইফালে আমেৰিকাত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যাই অভিলেখ সৃষ্টি কৰাৰ দৰে দেশখনৰ নিউয়ৰ্ক প্ৰদেশতো সৃষ্টি হৈছে অভিলেখ। নিউয়ৰ্কত প্ৰাণ হেৰুৱাইছে ৭৩১জন লোকে। প্ৰদেশখনত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৪৮৯জনলৈ বৃদ্ধি পাইছে। সমগ্ৰ আমেৰিকাত ক’ৰোনাত প্ৰাণ হেৰুৱাইছে ১২,৯০৭গৰাকী লোকে।