নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেদেৰটাৰীৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ ১৪ বছৰ…

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৭ এপ্ৰিল : ৩০ এপ্ৰিল, ২০১২, ধুবুৰী জিলাৰ ইতিহাসৰ এক অভিশপ্ত দিন। উল্লেখ্য যে ১৪ বছৰ পূৰ্বে ২০১২ চনৰ ৩০ এপ্ৰিলৰ দিনা সংঘটিত হৈছিল ৰাজ্যৰ আটাইতকৈ ভয়াৱহ নাও দুৰ্ঘটনাটো৷ সিদিনা ধুবুৰী চহৰৰ যোগমায়া ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰে বিয়লি ৩মান বজাত মেদেৰটাৰী অভিমুখে যাত্ৰা কৰিছিল ‘পাঁচ ভাই’ নামৰ লেছীচালিত ফেৰীখন। যাত্ৰাৰম্ভ কৰাৰ আনুমানিক প্ৰায় ডেৰ ঘন্টা মান পিছত ফুট গধূলিত সংঘটিত হৈছিল সেই দুৰ্ঘটনাটো। গন্তব্যস্থান মেদেৰটাৰীৰ নদী ঘাট পোৱালৈ বাকী আছিল মাথোঁ কেইকিলোমিটাৰ পথ। কিন্তু তাৰ পূৰ্বে এক প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হৈছিল ফেৰীখন। সেই কালধুমুহাত খণ্ড-বিখণ্ড হোৱা ফেৰীখনৰ ৪৭গৰাকী যাত্ৰীয়ে সিদিনা প্ৰাণ হেৰুৱাইছিল।

দুৰ্ঘটনাটোৰ পিছত দুৰ্ঘটনাগ্ৰস্ত সেই ফেৰীখনৰ সম্ভাব্য যাত্ৰীসংখ্যাক লৈও সৃষ্টি হৈছিল বিভ্ৰান্তিৰ। কিয়নো লেছী নিয়ন্ত্ৰণাধীন ধুবুৰীৰ যাত্ৰীবাহী ফেৰীবোৰৰ অধিকাংশতে নাছিল যাত্ৰীৰ কোনো ধৰণৰ টিকটৰ ব্যৱস্থা।

ইফালে, সেই নাও দুৰ্ঘটনাটোৱে ৰাজ্যৰ লগত সমগ্ৰ দেশত খলকনি তোলাৰ পিছ মূহুৰ্তৰে পৰা দুৰ্গম, অনগ্ৰসৰ মেদেৰটাৰীলৈ আগমন ঘটা দেখা গৈছিল হাইপ্ৰফাইল নেতা, মন্ত্ৰী আৰু আমোলাৰ। ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈসহ মেদেৰটাৰীত উপস্থিত হৈছিল কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীও। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত ২০১২ বৰ্ষৰ ৫ মে’ৰ দিনা মেদেৰটাৰীত উপস্থিত হৈছিল তদানীন্তন কেন্দ্ৰীয় চৰকাৰখনৰ নৌ-পৰিবহণ মন্ত্ৰী (Minster, Ministry of Shipping) জি কে ভাছান। মন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ ব্ৰহ্মপুত্ৰত আগলৈ যাতে এনে ধৰণৰ দুৰ্ঘটনা নঘটে সেয়া ৰোধ কৰাৰ বাবে নিৰাপদ জল পৰিবহণ ব্যৱস্থা গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰাৰ সমান্তৰালকৈ ধুবুৰী আৰু মেদেৰটাৰীৰ মাজত এম ভি যাযাবৰ নামৰ যাত্ৰীবাহী এখন ইঞ্জিনচালিত মাৰবোটৰ শুভ উদ্বোধন কৰিছিল। পিছে, বৰলুইতৰ জলস্তৰ হ্ৰাস পোৱাৰ লগে লগে সেই মাৰবোটখনৰ চলাচল বন্ধ হৈ পৰিছিল আৰু পিছলৈ গৈ সেইখন পৰিত্যক্ত অৱস্থাতেই জহি-খহি গৈ নিশ্চিহ্ন হৈ পৰা দেখা গৈছিল।

এয়াই কেৱল নহয়; মেদেৰটাৰীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী ভাছানক তদানীন্তন কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ পৰিবহণ মন্ত্ৰী চন্দন ব্ৰহ্মই ৰাজ্যৰ জল পৰিবহণ ক্ষেত্ৰখনৰ উন্নয়ন আৰু ২শখন নিৰাপদ যাত্ৰীবাহী লঞ্চ ক্ৰয় কৰাৰ বাবে যুগুত কৰা ৩৬৫ কোটি টকাৰ আঁচনি এখনত অনুমোদন প্ৰদান কৰিবলৈ এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছিল। তদানীন্তন কেন্দ্ৰীয় নৌ-পৰিবহণ মন্ত্ৰীগৰাকীয়ে স্মাৰক পত্ৰখনত উল্লেখিত বিষয়বোৰ শীঘ্ৰে বিবেচনা কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিছিল যদিও পিছলৈ গৈ এটা ফুটাকড়িও মোকলাই দিয়া নাছিল তদানীন্তন কেন্দ্ৰীয় চৰকাৰখনে।

কেন্দ্ৰীয় চৰকাৰৰ অনুৰূপে মেদেৰটাৰীৰ শোকাৱহ সেই দুৰ্ঘটনাটোৰ পিছত শোকবিহ্বল মেদেৰটাৰীবাসীলৈ অঞ্চলটোৰ উন্নয়নৰ বাবে তদানীন্তন ৰাজ্য চৰকাৰ আৰু বিভিন্ন  নেতা-মন্ত্ৰীয়ে প্ৰদান কৰিছিল বিভিন্ন প্ৰতিশ্ৰুতি। তদানীন্তন ৰাজ্য চৰকাৰখনে মেদেৰটাৰী অঞ্চলৰ উন্নয়নৰ বাবে ১০ কোটিটকীয়া এটা পেকেজ প্ৰদান কৰাৰ ঘোষণা কৰাৰ সমান্তৰালকৈ এআইইউডিএফ চুপ্ৰিমো তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে তেওঁ আৰু তেওঁৰ দলৰ বিধায়কসকলে নিজৰ নিজৰ এমাহৰ দৰমহা মেদেৰটাৰীৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দুৰ্ভগীয়াসকলক প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিছিল। সেই সময়ত সঘনে মেদেৰটাৰীলৈ অহা-যোৱা কৰা তদানীন্তন ৰাজ্য চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী তথা বৰ্তমানে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনেও এমজিএনৰেগা আঁচনিৰ অধীনত ১ কোটি টকাৰে এমাহৰ ভিতৰত মেদেৰটাৰী অঞ্চলৰ ক্ষতিগ্রস্ত পথ আৰু দলংবোৰ মেৰামতি কৰা হ’ব বুলিও ঘোষণা দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতিবোৰৰ অধিকাংশই দিঠকত গৈ ফুটুকাৰ ফেনত পৰিণত হোৱাহে দেখা গৈছিল।

ইপিনে, দুৰ্ঘটনাটোৰ পিছত তদানীন্তন ৰাজ্য চৰকাৰ আৰু ধুবুৰী জিলা প্ৰশাসনে পৃথকে পৃথকে দুটাকৈ তদন্ত আৰম্ভ হোৱা বুলি ঘোষণা কৰিছিল। আনকি জিলাখনৰ তদানীন্তন উপ–আৰক্ষী অধীক্ষক পৰ্যায়ৰ এগৰাকী আৰক্ষী বিষয়াৰ দ্বাৰা মেদেৰটাৰীত ৰাজহুৱা শুনানিৰ ব্যৱস্থা কৰাও হৈছিল। কিন্তু পৰিতাপৰ কথা এয়াই যে মেদেৰটাৰীৰ শোকাৱহ সেই দুৰ্ঘটনাটোৰ আজি ১৪ বছৰ উকলিবৰ হ’ল যদিও বৰ্তমানেও পোহৰলৈ নাহিল এটা তদন্তৰো প্ৰতিবেদন। পিছে চৰ্চা কিন্তু এয়াই যে সেই সময়ত ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন পাৰঘাটৰ দায়িত্বত থকা তথা কংগ্ৰেছৰ এগৰাকী নেতাৰ আশিসধন্য লেছীৰ এক শক্তিশালী ছিণ্ডিকেট চক্ৰৰ হেঁচাত সেও মানি তদানীন্তন ৰাজ্য চৰকাৰখনে বিষয়টোক লৈ পিছহোঁহকা মাৰিছিল। ৩০ এপ্ৰিললৈ এতিয়া মাজত মাথোঁ দুটা দিন!

You might also like