নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত জংঘলৰ মাজত সোমাই পৰিল পানী নিষ্কাশনৰ নলা

বজালী জিলাৰ সদৰ পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে যোৱা এটি নলা৷ উক্ত নলাটোৰ কাম আৰম্ভ কৰাৰ পিছতে ঠিকাদাৰৰ অন্তৰ্ধান হোৱা ঘটনাই ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে৷

উল্লেখ্য যে পাঠশালা নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলেজ ৰোড বাছ ষ্টোপেজৰ পৰা পূৱদিশে কিছুদুৰ খোজ কাঢ়ি গ’লেই দেখিবলৈ পোৱা যায় উক্ত অৰ্ধনিৰ্মিত নলাটো৷ প্ৰায় ৯০০ মিটাৰ দৈৰ্ঘৰ বুলি প্ৰকাশ এই নলটোৰ প্ৰায় এক শতাংশহে কাম সম্পূৰ্ণ হোৱা বুলি কব পৰি৷

দীৰ্ঘ দিন ধৰি ঠিকাদাৰে নলাৰ কামটো আৰম্ভ কৰিয়েই নিৰ্মান কাৰ্য্য ইতিমধ্যে সামৰি থৈছে৷ যাৰ বাবে এতিয়া ঘন বন জংগলৰ মাজত সোমাই পৰিছে উক্ত নলাটো৷ আধাতে এনেকৈ এৰি থৈ যোৱা কামটোৰ উন্মুক্ত হৈ থকা দুৰ্বল ৰ’ডসমূহ দেখিলে অনুমান কৰিব পাৰি যে ঠিকাদাৰে নলাৰ কামটো অকণো সঠিকভাৱে কৰা নাই৷

আনহাতে নলাৰ কামটো মাত্ৰ আৰম্ভ কৰিয়েই এনেদৰে এৰি ঠিকাদাৰ কিয় অন্তৰ্ধান হ’ল সেই বিষয়েও স্থানীয় লোকে কোনো সঠিক তথ্য নাই লাভ কৰিবলৈ সক্ষম হোৱা নাই  জানিব পৰা মতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্ধাৰিত অঞ্চল সমুহত বাৰিষাৰ সময়ত পানী নিষ্কাশনৰ বাবে এই নলাটো নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল৷

উল্লেখ্য যে পাঠশালাৰ ভট্টদেৱ নগৰৰ সমাজসচেতন ব্যক্তি বিনয় গোস্বামীৰ নেতৃত্বত অঞ্চলটোৰ দুয়োপাৰে পানী নিষ্কাশনৰ বাবে এখন দাবী সমিতিয়ে চৰকাৰক ইতিমধ্যে হেচা প্ৰয়োগ কৰি আহিছিল৷

যাৰ বাবে এই নলাটো নিৰ্মাণৰ কাম বিভাগীয় কৰ্তপক্ষই হাতত লয়৷ ইতিমধ্যে বিভাগীয় কতৃপক্ষই নানা অজুহাত দেখুৱাই বহু পলমকৈ নলা নিৰ্মাণৰ কাম হাতত লয় যদিওঁ কেৱল এক শতাংশ কাম কৰিয়েই কিয় ঠিকাদাৰ অন্তৰ্ধান হ’ল সেয়া যেন এক ৰহস্য বিষয় হৈ পৰিছে৷

এনে এক প্ৰেক্ষাপটতে পাঠশালাৰ সচেতন সমাজে বিষয়টো সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব বিচৰাৰ লগতে বজালী জিলা আয়ুক্তৰ বিষয়টো সন্দৰ্ভত হস্তক্ষেপ বিচাৰিছে৷

নিয়মীয়া বাৰ্তা, পাঠশালা, ২৭ এপ্ৰিল

You might also like