নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ল’ স্ক’ৰিং মেচত দিল্লীৰ বিৰুদ্ধে ৯ উইকেটত জয় আৰচিবিৰ

ডিজিটেল ডেস্ক, ২৮ এপ্রিল : ভুবনেশ্বৰ কুমাৰ আৰু জ’ছ হেজলউডৰ বলিং তাণ্ডৱত দিশহাৰা দিল্লী কেপিটেলছ৷ চলিত আইপিএলত সর্বনিম্ন স্ক’ৰ কৰাৰ নজিৰ গঢ়ে অক্ষৰ পেটেল নেতৃত্বাধীন দিল্লী কেপিটেলছে৷

সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত ল’ স্ক’ৰিং মেচখনত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক সহজেই ৯ উইকেটত পৰাস্ত কৰে৷ দিল্লীয়ে জয়ৰ বাবে বান্ধি দিয়া মাত্র ৭৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি আৰচিবিয়ে ৬.৩ অভাৰত এটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ বিৰাট কোহলিয়ে ২৩ আৰু দেৱদূত পাড়িকালে ৩৪ ৰান কৰি অপৰাজিত হৈ থাকে৷ জেকব বেথেলে ২০ ৰান কৰি বিদায় লয়৷ চলিত আইপিএলত বেংগালুৰুৰ এয়া আছিল ষষ্ঠ জয়৷ দলটোৱে এতিয়ালৈকে ৮খন মেচ খেলি ১২ পইণ্ট অর্জন কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানটো নিজৰ দখলতে ৰাখিছে৷

আনহাতে, দিল্লীৰ এয়া আছিল পঞ্চম পৰাজয়৷ দিল্লীয়ে এতিয়ালৈকে ৮খন মেচৰ ৩খনত জয়লাভ কৰি ৬ পইণ্টেৰে পইণ্ট তালিকাৰ সপ্তম স্থানত আছে৷ সোমবাৰৰ মেচখনত প্রথমে বেটিং কৰি দিল্লী কেপিটেলছে ১৬.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৭৫ ৰানহে কৰে৷ দলটোৰ এই বেটিং বিপর্যয়ৰ মূলতে আছিল ভুবনেশ্বৰ আৰু হেজলউডৰ বিধ্বংসী বলিং৷ ইনিংছৰ দ্বিতীয়টো বলত ছাহিল পৰখ (০)ৰ ৰূপত প্রথমটো উইকেট হেৰুওৱাৰ পিছতে বিপর্যয়ে লগ দিয়ে দিল্লীক৷

ভুবনেশ্বৰ আৰু হেজলউডৰ বিধ্বংসী বলিঙৰ সন্মুখত ইটোৰ পিছত সিটো উইকেট হেৰুৱায়৷ এটা সময়ত দলীয় স্ক’ৰ ৮ ৰানতে ৬টাকৈ উইকেট হেৰুৱাই নির্লজ্জ বেটিং দাঙি ধৰা দিল্লীক অভিষেক পোড়েল আৰু ডেভিদ মিলাৰে কিছু মান ৰক্ষা কৰে৷ দুয়োৱে সপ্তম উইকেটত ৩৫ ৰান সংগ্রহ কৰে৷ অভিষেকে ৩০ আৰু মিলাৰে ১৯ ৰান কৰে৷ জেমিছনে ১২ ৰানৰ অৰিহণা আগবঢ়ায়৷ দলটোৰ মাত্র ৩গৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰে৷ আৰচিবিৰ হৈ ভুবনেশ্বৰে ৩ অভাৰত ৫ ৰান দি ৩টা আৰু হেজলউডে ৩.৩ অভাৰত ১২ ৰান দি ৪টা উইকেট লয়৷

You might also like