IPL-ত ইতিহাস গঢ়িলে কিং কোহলিয়ে
দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত IPL মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে ইতিহাস ৰচনা কৰিছে। দিল্লী কেপিটেলছৰ বিৰুদ্ধে মাত্ৰ ১১ ৰান সংগ্ৰহ কৰিয়েই কোহলিয়ে IPLত ৯,০০০ ৰান সম্পূৰ্ণ কৰি নতুন মাইলৰ খুঁটা স্থাপন কৰে। তেওঁ IPL ইতিহাসত এই কৃতিত্ব লাভ কৰা প্ৰথমজন বেটাৰ হিচাপে পৰিগণিত হৈছে।
এই ঐতিহাসিক সাফল্যৰ পিছত ষ্টেডিয়ামত উপস্থিত দৰ্শকে থিয় হৈ কোহলিক অভিনন্দন জনাই হাততালি দিয়ে। উল্লেখযোগ্য যে IPLত সৰ্বাধিক ৰান সংগ্ৰহৰ ৰেকৰ্ড ইতিমধ্যে কোহলিৰ নামতেই আছে।
মেচখনত কোহলিয়ে ১২টা বলত ১১ ৰান সম্পূৰ্ণ কৰে। ছয় নম্বৰ অভাৰৰ শেষ বলত তেওঁ এই মাইলৰ খুঁটা স্পৰ্শ কৰে। পিছত তেওঁ দুটা ছয় মাৰি দলক জয়ৰ দিশে লৈ যায়।
IPLত সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈসকল—
- বিৰাট কোহলি – ৯০১২ ৰান
- ৰোহিত শৰ্মা – ৭১৮৩ ৰান
- শিখৰ ধাৱন – ৬৭৬৯ ৰান
- ডেভিদ ৱাৰ্নাৰ – ৬৫৬৫ ৰান
- কে এল ৰাহুল – ৫৫৮০ ৰান
ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল