অপ্রতিৰোধ্য পঞ্জাব কিংছক ৰুধিলে ৰাজস্থান ৰয়েলছে
অৱশেষত জয়ৰ গতি ৰুদ্ধ হ’ল পঞ্জাব কিংছৰ৷ চলিত আইপিএলত শ্রেয়াছ আয়াৰ নেতৃত্বাধীন পঞ্জাব কিংছে প্রথমটো পৰাজয়ৰ মুখ দেখিছে৷ নিউ চণ্ডীগড়ত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত পঞ্জাব কিংছে অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ হাতত ৬ উইকেটত পৰাস্ত হয়৷
মেচখনত পঞ্জাবে জয়ৰ বাবে বান্ধি দিয়া ২২৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ যশস্বী জয়ছোৱাল আৰু ড’ন’ভান ফেৰেইৰাৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত ৰাজস্থান ৰয়েলছে ১৯.২ অভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷
মেচখনত বিজয় সাব্যস্ত কৰি ৰাজস্থান ৰয়েলছে ৯খন মেচৰ ৬খনত জয় আৰু তিনিখনত পৰাস্ত হৈ ১২ পইণ্টেৰে পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হয়৷ বিপৰীতে পঞ্জাব কিংছে ৮খন মেচ খেলি ৬খনত বিজয় সাব্যস্ত কৰি ১৩ পইণ্টেৰে শীর্ষস্থানটো নিজৰ দখলতে ৰাখিছে৷
দলটোৰ এখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হয়৷ মেচখনত জয়ছোৱাল আৰু বৈভৱ সূর্যবংশীয়ে প্রথম উইকেটত ৫১ ৰান সংগ্রহ কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে৷ বৈভৱে বিস্ফোৰক ৰূপ ধাৰণ কৰি ১৬টা বলত তিনিটা চাৰি আৰু ৫টা ছয়েৰে ৪৩ ৰানৰ অৱদান আগবঢ়ায়৷
ইফালে, জয়ছোৱালে ২৭টা বলত ৭টা চাৰি আৰু এটা ছয়েৰে ৫১ ৰানৰ অৰিহণা আগবঢ়ায়৷ ধ্রুৱ জুৰেলে ১৬ আৰু অধিনায়ক ৰিয়ান পৰাগে ২৯ ৰান কৰে৷ এটা সময়ত দলীয় স্ক’ৰ ১৫১ ৰানত চাৰিটা উইকেট হেৰুৱাই দলটোৱে বিপর্যয়ত পৰিছিল যদিও ফেৰেইৰা আৰু শুভম ডুবেই পঞ্চম উইকেটত অপৰাজিতভাৱে ৭৭ ৰান সংগ্রহ কৰি দলৰ জয় নিশ্চিত কৰে৷
ৰাজস্থানৰ জয়ৰ মূলতে হ’ল ফেৰেইৰাৰ বিস্ফোৰক অপৰাজিত অর্ধশতক৷ ২৬টা বলত ৬টা চাৰি আৰু তিনিটা ছয়েৰে ৫২ ৰান কৰি অপৰাজিত হৈ থাকে ফেৰেইৰাই৷
ইফালে, ডুবেই ১২টা বলত অপৰাজিতভাৱে ৩১ ৰান কৰে৷ পঞ্জাবৰ হৈ য়ুজবেন্দ্র চাহালে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি মার্কাছ ষ্ট’ইনিছৰ বিস্ফোৰক অপৰাজিত অর্ধশতক আৰু অ’পেনাৰ প্রভছিমৰন সিঙৰ ৫৯ ৰানৰ সহায়ত পঞ্জাব কিংছে নির্ধাৰিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ২২২ ৰান সংগ্রহ কৰে৷
১৮ অভাৰত চাৰিটা উইকেট হেৰুৱাই পঞ্জাবে ১৮১ ৰান কৰিছিল যদিও ষ্ট’ইনিছে বিস্ফোৰক ৰূপ ধাৰণ কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ ষ্ট’ইনিছে ২২টা বলত ৪টা চাৰি আৰু ৬টা ছয়েৰে ৬২ ৰান কৰি অপৰাজিত হৈ থাকে৷ প্রিয়াংশ আর্যই ২৯, ক’ন’লীয়ে ৩০ আৰু অধিনায়ক শ্রেয়াছেও ৩০ ৰান কৰে৷
ডিজিটেল ডেস্ক, ২৯ এপ্রিল