উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভয়ংকৰ অগ্নিকাণ্ড
উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ ইন্দিৰাপুৰম অঞ্চলত অৱস্থিত Gaur Green Society-ৰ এটা ফ্লেটত আজি (২৯ এপ্ৰিল) ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, জুই ৯ম মহলাত আৰম্ভ হৈছিল আৰু কিছু সময়ৰ ভিতৰতে ১৩ম মহলালৈ বিস্তাৰ লাভ কৰে।
জুই ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ শিখা দূৰৰ পৰা থকা Delhi–Meerut Expressway-ৰ পৰা স্পষ্টকৈ দেখা গৈছিল। ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী আদিত্য়নাথে এই অগ্নিকাণ্ডৰ ঘটনা গুৰুত্বসহকাৰে গ্ৰহণ কৰি বিষয়টোত তৎক্ষণাত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়া সকলক তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু সহায়কাৰী কাম-কাজ তীব্ৰ কৰাৰ নিৰ্দেশ দিয়ে। ইফালে, জুই নিয়ন্ত্ৰণ কৰিবলৈ National Disaster Response Force (NDRF)-ৰ এটা দলো ইন্দিৰাপুৰমত উপস্থিত হৈছে আৰু জুই নুমুৱাবলৈ অভিযান অব্যাহত ৰাখিছে।
ডিজিটেল ডেস্ক, ২৯ এপ্ৰিল