নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : লাহে লাহে যাম, সুকলমে পাম

ৰাজপথ উন্নয়নৰ প্রতীক, মৃত্যুৰ নহয়৷ শেহতীয়াকৈ ৰাজ্যত পথ দুর্ঘটনাৰ সংখ্যা ক্রমাত বৃদ্ধি পাবলৈ ধৰিছে৷ অলপতে তামুলপুৰ–নাগ্রীজুলি পথৰ নোৱাখাটত নিশা সংঘটিত হৈছিল এক ভয়ংকৰ দুর্ঘটনা৷

নলবাৰীৰ ‘ভাস্কৰজ্যোতি বিহু হুঁচৰি দল’–এ এখন ট্ৰেভেলাৰ বাহনেৰে তামুলপুৰৰ বাঙালীপাৰলৈ বিহু প্রদর্শনৰ বাবে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘর্ষৰ ফলত ২৫ বছৰীয়া নাচনী নিশামণি হালৈৰ মৃত্যু হয়৷

১১গৰাকী বিহুৱা–বিহুৱতী গুৰুতৰভাৱে আহত হয়৷ বিহুৰ আনন্দময় পৰিৱেশৰ মাজত এই ঘটনা সঁচাকৈ মর্মান্তিক৷ আনফালে গুৱাহাটীৰ মঠঘৰীয়াত সংঘটিত ভয়ংকৰ পথ দুর্ঘটনাত কৰুণ মৃত্যুক সাবটি লয় তিনি যুৱতীয়ে৷

তাৰে এগৰাকীৰ কিছুদিনৰ পিছতেই বিবাহ আছিল৷ এই দুয়োটা ঘটনাই শেহতীয়াকৈ সকলোকে ভবাই তুলিছে৷ দীঘলীয়া জীৱন এটা আছিল চাৰিওগৰাকী যুৱতীৰ, কিন্তু ক্ষন্তেকীয়া ভুলৰ বাবেই যেন কাললৈ হেৰাই গ’ল প্রতিভাৱান যুৱতীকেইগৰাকী৷

২০২৫–২৬ বর্ষতে ৰাজ্যত ৩০,৯৫৮টা পথ দুর্ঘটনা হৈছে৷ চলিত মাহৰ এপ্রিল মাহতেই ৰাজ্যত সংঘটিত হৈছে ২,৭৫৩টা দুর্ঘটনা৷ ১০৮ ইএমআৰআই গ্রীন হেলথ ছার্ভিচ নামৰ স্বাস্থ্য সেৱাখণ্ডৰ প্রতিষ্ঠানটোৰ তথ্য অনুযায়ী ২০২১–২২ বর্ষত ৰাজ্যত পথ দুর্ঘটনা সংঘটিত হৈছিল ২২,৫২১৷

২০২২–২৩ত ইয়াৰ সংখ্যা ২৯,৫৪২টালৈ বাঢ়িছিল৷ ২০২৪–২৫ বর্ষত ইয়াৰ সংখ্যা ৩০,৯৭৭টা হ’ল৷ ২০২৫–২৬ বর্ষত ৩০,৯৫৮ হৈছিল যদিও এতিয়া ইয়াৰ সংখ্যা যেন পুনৰ বাঢ়ি যাব৷ দেশত প্রতিদিনে পথ দুর্ঘটনাৰ নামত প্রায় ৪৬২জন লোকৰ মৃত্যু হয়৷

প্রতি বছৰে প্রায় ১.৭ লাখ লোকৰ মৃত্যু হয়৷ আচৰিত নহয়নে? এইসকল ব্যক্তিৰ যুদ্ধত মৃত্যু হোৱা নাই৷ কেৱল দুর্ঘটনাৰ বাবেহ মৃত্যু হৈছে৷ এতিয়া গাড়ীখন লৈ পৰিয়ালৰ কোনোবা ৰাজপথলৈ গ’লে সকলোৱে ভয় খোৱা হৈছে৷

যেন ৰাজপথবোৰ যমদূতহে৷ প্রতিদিনে বাতৰিকাকত–টিভিত এই বাতৰি দেখি–পঢ়ি মানুহবোৰৰ মন–মগজুত এক ভয়ৰ সৃষ্টি হৈছে৷ কিন্তু এতিয়া প্রশ্ন হয়– এই দুর্ঘটনাবোৰৰ বাবে জগৰীয়া কোন ? পথ নে ৰথ৷ নে চৰকাৰৰ ? নে উন্নয়নৰ নামত মৰণফান্দ৷

এই কথাবোৰ মনলৈ নিশ্চয় আহিব৷ এতিয়া পথবোৰ উন্নত হৈছে৷ টুলেন পথ ফ’ৰলেন হ’ল, ফ’ৰলেন পথ গৈ এতিয়া ছিক্সলেন হ’ল, তাৰ পিছতো দুর্ঘটনাৰ সংখ্যা কমা নাই৷ উন্নত পথত গাড়ী গতিত থাকে আৰু এই গতিয়ে দুর্গতি কৰে৷ গতিকে, চালকসকল সাৱধান হোৱাটো জৰুৰী৷ কেৱল চালক সাৱধান হ’লেই নহ’ব–প্রশাসনেও কিছু কথাত গুৰুত্ব দিয়া প্রয়োজন৷

ৰাষ্ট্রীয় ঘাইপথৰ বহু ঠাইত ডাইভার্ছন থাকে, কিন্তু তাৰ বাবে সতর্কবাণী নাথাকে৷ ৰাতি পথত বহু ঠাইত পোহৰ নাই, ৰিফ্লেক্টৰো নাথাকে৷ গাঁৱৰ সৰু সৰু ৰাস্তাবোৰ ৰাষ্ট্রীয় পথত সংযোগ হৈছে, বহু ঠাইত নাথাকে স্পীড ব্রেকাৰ নতুবা ছিগনেল৷

গতিকে, এই দিশবোৰত অলপ গুৰুত্ব দিয়াৰ প্রয়োজন আছে৷ ঘাইপথৰ দাঁতিতে ডাঙৰ ডাঙৰ ট্ৰাকবোৰ ৰখাই থোৱা হয়৷ এইবোৰৰ বিৰুদ্ধে প্রশাসনে ব্যৱস্থা ল’ব লাগে৷ কিন্তু বহু সময়ত প্রশাসনেই এই কথাবোৰ নীৰৱে চাই থাকে৷

বহুতে গাড়ী কিনে৷ কিন্তু মেইনটেইন নকৰে৷ ব্রেক, টায়াৰ, হেডলাইট বেয়া হ’লেও ঠিক কৰি নলওঁ৷ যিমানলৈ সম্ভৱ চলাই থাকোঁ৷ সকলো অসুবিধা থাকিলেও ১০০ স্পর্শ কৰিবলৈ নেৰোঁ৷ বাণিজ্যিক বাছ–ট্ৰাকৰ অৱস্থা দেখিলে পুতৌ হয়৷ বহু গাড়ী ইমানেই পুুৰণা যে প্রশাসনে দেখিও ব্যৱস্থা নলয়৷

১৫ বছৰীয়া পুৰণা ট্ৰাকত প্রয়োজনতকৈ অধিক সামগ্রী কঢ়িয়াই অনা, নির্দিষ্ট সময়ৰ ভিতৰত বস্তু পঠিওৱা আৰু দিয়া কথাবোৰেও দুর্ঘটনা বৃদ্ধিত অৰিহণা যোগায়৷ সময়ত বস্তু দিয়াৰ কাৰণেই ড্ৰাইভাৰে টোপনি ক্ষতি কৰি হ’লেও গাড়ী চলাই লক্ষ্য স্থান পোৱাব লাগে৷

গতিকে, এই কথাবোৰতো প্রশাসনে চকু দিব লাগিব৷ নতুন প্রজন্মই ২২০ বাইকখন চলাবলৈ পালে পাহৰিয়ে থাকে যে তেওঁ কোন৷ বহুতে হেলমেট পিন্ধিলে চুলি নষ্ট হ’ব বুলি ভাবে৷ সেয়ে হেলমেট পৰিধান কৰিবলৈ বহুতে টান পায়৷

প্রশাসনে অধিক জৰিমনা বিহা বাবেহে আজিকালি অধিকাংশহ হেলমেট পৰিধান কৰে৷ মুঠতে সুৰাপান কৰি গাড়ী চলোৱা, ম’বাইল চাই, কথা পাতি গাড়ী চলোৱা, ছিট বেল্ট পৰিধান নকৰা চালকৰ বিৰুদ্ধে প্রশাসন কঠোৰ হ’ব লাগে৷

সকলোতকৈ ডাঙৰ সিদ্ধান্ত এটা চৰকাৰে ল’ব লাগে৷ ৰাজপথত কিদৰে গাড়ী–মটৰ চলাব, কিদৰে খোজকাঢ়িব, কিদৰে ৰাস্তা পাৰ হ’ব এই সকলোবোৰ স্কুল পর্যায়ৰ পৰাই শিকোৱাৰ ব্যৱস্থা কৰিব লাগে৷

ধন দিলেই লাইচেঞ্চ দিয়া বন্ধ কৰিব লাগে৷ পথ বনাওঁতে অভিযন্তাসকলে মনত ৰাখিব লাগিব যে এই পথেৰে এদিন মোৰ পৰিয়ালৰ মানুহো যাব৷ গতিকে, যিমান নিঁখুতভাৱে পাৰি সিমান নিঁখুতকৈ পথ নির্মাণ কৰিব লাগে৷

শেষত কেৱল জৰিমনা, লাইচেঞ্চ বাতিল কৰি এই সমস্যা সমাধান কৰিব নোৱাৰি, সকলো সজাগ–সচেতন হ’ব লাগিব৷ গাড়ী চলাওঁতে মনত ৰাখিব যে ঘৰ পাওঁতে পলম হওক, কিন্তু ঘৰ পাম৷ পথৰ ফলকতকৈ আমি আমাৰ হৃদয়ত লিখি ল’ব লাগিব যে লাহে লাহে যাম, সুকলমে পাম৷

You might also like