নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ ভাৰতত ২১ দিনীয়া লকডাউনৰ অৰ্ধেক সময় ইতিমধ্যে পাৰ হৈ যোৱাৰ পাছতো ক’ৰোনাৰ সংক্ৰমণ নোহোৱাত শংকিত হৈ পৰিছে দেশৰ বহুকেইখন ৰাজ্য । যাৰ বাবে কেন্দ্ৰক এই লকডাউনৰ সময়সীমা বৃদ্ধিৰ বাবে আবেদনো জনাইছে কেইবাখনো ৰাজ্যই । তাৰ মাজতে আজি ওড়িশাৰ ৰাজ্য চৰকাৰে ৩০ এপ্ৰিললৈকে ৰাজ্যখনত লকডাউনৰ সময় বৃদ্ধিৰ ঘোষণা কৰে ।
যাৰফলত লকডাউন বৃদ্ধি কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে ওড়িশা ।
লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে কেন্দ্ৰক ৩০ এপ্ৰিললৈকে বিমান আৰু ৰে’ল সেৱা বন্ধ ৰখাৰো আহ্বান জনাইছে ।
Odisha CM Naveen Patnaik has requested the Centre not to start train and air services till April 30th; Educational institutions in the state to remain closed till June 17th. https://t.co/z5R4a8Cyap
— ANI (@ANI) April 9, 2020