নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদালতৰ মজিয়াত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থৰ গোপন লেনদেন উন্মোচিত

আদালতৰ মজিয়াত উন্মোচিত হ’ল জুবিন হত্যাৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বহু গুৰুত্বপূৰ্ণ গোপন লেনদেনৰ তথ্য। জনপ্ৰিয় সংগীতশিল্পী জুবিন গাৰ্গৰ সৈতে জড়িত এই ঘটনাই পুনৰ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য।

আদালতত দাখিল কৰা তথ্য অনুসৰি, জুবিন গাৰ্গে উপাৰ্জন কৰা কোটি কোটি টকাৰ পৰা এক বৃহৎ অংশ সিদ্ধাৰ্থই নিজৰ বিভিন্ন বেংক একাউণ্টত জমা কৰিছিল। তদন্তত প্ৰকাশ পাইছে যে সিদ্ধাৰ্থৰ নামত মুঠ ৬টা বেংক একাউণ্ট আছিল। ইয়াৰ ভিতৰত ICICI বেংকৰ তিনিটা শাখাত ৩টা একাউণ্ট, শিলপুখুৰীৰ বন্ধন বেংক শাখাত ২টা একাউণ্ট আৰু পল্টন বজাৰৰ এক্সিছ বেংক শাখাত ১টা একাউণ্ট আছিল।

এই ৬টা একাউণ্টত সিদ্ধাৰ্থই মুঠ ১ কোটি ৫৬ লাখ টকা জমা ৰাখিছিল বুলি আদালতত উল্লেখ কৰা হয়। ইয়াৰ উপৰি, সিদ্ধাৰ্থৰ ভাতৃ দীপক শৰ্মাৰ বেংক একাউণ্টত ৬৮ লাখ ৯১ হাজাৰ টকা জমা কৰা হৈছিল যদিও দীপকে সেই টকাৰ কোনো বৈধ উৎস দেখুৱাব পৰা নাছিল।

একেদৰে সিদ্ধাৰ্থৰ মাতৃ সুমন শৰ্মাৰ একাউণ্টতো ১ কোটি ৩৫ লাখ টকা জমা কৰা হৈছিল বুলি তদন্তত পোহৰলৈ আহিছে। এই ধনসমূহেৰে সিদ্ধাৰ্থই মানপাৰাত ফ্লেট ক্ৰয় কৰাৰ লগতে “মহাবীৰ একুৱা” আৰু “ৰয়েল হেৰিটেজ হোটেল”ত বিনিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে। তদুপৰি, অভিযুক্তই আন ৬টা অস্থাৱৰ সম্পত্তিও ক্ৰয় কৰিছিল বুলি তথ্য প্ৰকাশ পাইছে।

আদালতত আৰু প্ৰকাশ পোৱা মতে, এই ধনৰে সিদ্ধাৰ্থই নিজৰ প্ৰেমিকাকো বহু মূল্যৱান উপহাৰ দিছিল। তদন্তকাৰী সংস্থাই দাবী কৰিছে যে এই সকলো ধন “proceeds of crime” অৰ্থাৎ অবৈধ উপাৰ্জনৰ ফল।

এই চাঞ্চল্যকৰ তথ্যসমূহ আদালতৰ মজিয়াত উন্মোচিত হোৱাৰ পিছত ঘটনাটোক লৈ পুনৰ একেবাৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। গোচৰটোত আগন্তুক দিনত আৰু কি কি তথ্য পোহৰলৈ আহে, সেয়া লক্ষ্যণীয় হ’ব।

ডিজিটেল ডেস্ক, ৩০ এপ্ৰিল

You might also like