নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষেত্ৰীৰ দুৰুঙত চাঞ্চল্যকৰ হত্যাকাণ্ড… বন্ধুৰ আক্ৰমণত বন্ধুৰ প্ৰাণহানি

মহানগৰীৰ সমীপৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত দুৰুঙত যোৱানিশা এক চাঞ্চল্যকৰ  হত্যাকাণ্ড সংঘটিত হয়। বন্ধুৰ আক্ৰমণত প্ৰাণ গল এগৰাকী বন্ধুৰ। ঘটনা অনুসৰি যোৱানিশা  দুৰুঙৰ  বিহুতলীত ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান চলি আছিল।

সকলোৱে আনন্দ ফুৰ্তি কৰি অনুষ্ঠান উপভোগ কৰি আছিল। তেনে সময়তে নিশা প্ৰায় এক বজাত বিহুতলীৰ সমীপৰ পথৰ ওপৰতে ক্ষেত্ৰী থানাৰ অন্তৰ্গত ৩নং ঔজাৰিৰ বৰাপাহাৰৰ মলয় দাস (২৬) আৰু ২নং ঔজাৰীৰ প্ৰণৱজিৎ দাস (২০) নামৰ যুৱক দুজনৰ মাজত কিছু কথাত  তৰ্কাতৰ্কি হয়।

পৰৱৰ্তী সময়ত সাধাৰণ কাজিয়াই ভয়ংকৰ ৰূপ লয়।‌ পাছত সুৰাসক্ত হৈ থকা মলয় দাসে হাতত থকা সুৰাৰ বটল ভাঙি প্ৰণৱজিৎ দাসৰ পেটত ভৰাই নৃশংসভাৱে আক্ৰমণ কৰে। ফলত প্ৰাণজিৎ দাসৰ অত্যধিক ৰক্তক্ষৰণ হয়।

সংকটজনক অৱস্হাত প্ৰণৱজিৎ দাসক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ সোণাপুৰ জিলা চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ অভিযুক্ত মলয় দাসক আটক কৰে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ক্ষেত্ৰী থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিক্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি  ঘটনাৰ সন্দৰ্ভত  তদন্ত অব্যাহত ৰাখিছে।

নিয়মীয়া বাৰ্তা, সোণাপুৰ, ৩০ এপ্ৰিল

You might also like