ডিজিটেল ডেস্ক, ১ মে’ : হোজাই জিলাত পুনৰ এক ভুৱা বিদ্যালয়ৰ কেলেংকাৰি পোহৰলৈ আহিছে। ভুৱা UDISE ক’ড ব্যৱহাৰ কৰি অবৈধভাৱে চলাই থকা ডবকা ভেলৌগুৰিৰ ইউনাইটেড ইংলিছ স্কুলক বৃহস্পতিবাৰে জিলা প্ৰশাসনে তৎকালীনভাৱে ছীল কৰি দিয়ে। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে, বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত গভীৰ উৎকণ্ঠা দেখা গৈছে।
প্ৰশাসনিক সূত্ৰ অনুসৰি, স্থানীয় একাংশ ব্যক্তিয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছিল। তদন্তত প্ৰকাশ পায় যে বিদ্যালয়খনত ব্যৱহৃত UDISE ক’ড (১৮১০০৫১৪০০৭)টো আচলতে বৰপেটা জিলাৰ কপোহা আদৰ্শ জাতীয় বিদ্যালয়ৰ নামত জাৰি কৰা হৈছিল। অৰ্থাৎ, সম্পূৰ্ণ ভুৱা নথিপত্ৰৰ আধাৰত বিদ্যালয়খন দীৰ্ঘদিন ধৰি চলাই অহাৰ অভিযোগ উত্থাপন হৈছে।
বৃহস্পতিবাৰে বিয়লি ডবকা ৰাজহ চক্ৰ বিষয়া চৈতালী ৰাণী দত্ত আৰু জিলা বিদ্যালয় পৰিদৰ্শক ৰঞ্জন কুমাৰ ডেকাৰ উপস্থিতিত বিদ্যালয়খন ছীল কৰা হয়। এই অভিযানত অভিযোগকাৰী হিচাপে ভেলৌগুৰিৰ আফট হুছেইন লস্কৰসহ আন দুজন ব্যক্তিৰ ভূমিকা থকা বুলি জানিব পৰা গৈছে। বিদ্যালয়খনৰ স্বত্বাধিকাৰী আব্দুল জলিলে নিজৰ পক্ষত কয় যে তেওঁ UDISE ক’ডৰ বাবে আবেদন কৰাৰ পিছত নগাঁৱৰ কঠীয়াতলী ব্লকৰ পৰা ক’ড লাভ কৰিছিল। তেওঁ লগতে উল্লেখ কৰে যে বিদ্যালয়খনত প্ৰায় ২৫০ৰো অধিক ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আছিল আৰু নাৰ্ছাৰীৰ পৰা সপ্তম শ্ৰেণীলৈকে পাঠদান চলি আছিল।
কিন্তু প্ৰশাসনে স্পষ্টভাৱে জনাইছে—বিদ্যালয়খন কোনো বৈধ অনুমতি অবিহনে চলি আছিল। সেয়েহে বিদ্যালয়খন তৎকালীনভাৱে বন্ধ কৰাৰ লগতে সকলো ছাত্ৰ-ছাত্ৰীক ওচৰৰ স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ত স্থানান্তৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে হোজাই জিলাত এনে ভুৱা বিদ্যালয়ৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপিত হৈছে। বহুদিন ধৰি শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে খেল কৰি অহা এই ধৰণৰ ঘটনাই শিক্ষা ব্যৱস্থাৰ ওপৰত কঠোৰ নিৰীক্ষণ আৰু জবাবদিহিতাৰ প্ৰয়োজনীয়তা পুনৰ স্পষ্ট কৰি তুলিছে।
অতি ভয়ংকৰ অভিযোগ যে এই ঘটনাত শিক্ষা বিভাগৰ সঞ্চালকৰ চহী আৰু ছীল জালিয়াতিৰ অভিযোগো উত্থাপিত হৈছে, যিয়ে ঘটনাটোক অধিক গুৰুতৰ ৰূপ দিছে। এতিয়া প্ৰশ্ন উঠিছে—এই জালিয়াতিৰ আঁৰত আৰু কোন জড়িত? আৰু কিমান দিনলৈ এনেদৰে শিক্ষাৰ সৈতে ঠগবাজি চলি থাকিব?