নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিভাগৰ দুৰ্নীতিগ্ৰস্ত চক্ৰক উৎখাতৰ দাবী : লখিমপুৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

লখিমপুৰৰ বন বিভাগৰ আঞ্চলিক বন বিষয়া শিৱাশীষ শাণ্ডিল্য ১২ হাজাৰ টকা উৎকোচ লওতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা ঘটনা ই চাঞ্চল্য সৃষ্টি কৰে। সকলোৱে একাংশ দুৰ্নীতি গ্ৰস্ত বিষয়াৰে ভৰি থকা বিভাগটোৰ বিৰুদ্ধে ক্ষোভ উজাৰে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্ন দল সংগঠনে।

আজি বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে জিলা বন বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে। তেওঁলোকে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা  দিয়ে।

তেওঁলোকে ধন লোভী বন বিষয়া হুচিয়াৰ,ঘোচখোৰ বন বিষয়া হুচিয়াৰ, বন বিভাগ হায় হায় আদি শ্লোগান দি কাৰ্য্যালয়ৰ চৌহদ উত্তাল কৰি তোলে। ধৰ্ণা দি বীৰ লাচিত সেনাৰ মনোজ কলিতাই সংবাদ মাধ্যমৰ আগত কয়-লখিমপুৰৰ বন বিভাগত বিয়াগোম দুৰ্নীতি সংঘটিত হৈছে। ৰেঞ্জাৰ গ্ৰেপ্তাৰ হব লগীয়া হৈছে। এইয়া অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা।

য’তেই দুৰ্নীতি হয় তাতেই বাঘৰ দৰে জপিয়াই পৰিম বুলি মূখ্যমন্ত্রীয়ে সতৰ্ক বাণী দিয়াৰ পাছতো সকলোৰে চকুত ধূলি দি লখিমপুৰৰ বন বিভাগত দুৰ্নীতি চলি আছিল। তেওঁ আৰু কয় কেৱল এজন বিষয়াক গ্ৰেপ্তাৰ কৰিলেই নহব। তেওঁলোকৰ কিছু মান এজেন্ট থাকে। এজেন্ট ক লগত লৈ তেওঁ লোকে বিষয়াই অবাধে ধন সংগ্রহ কৰে।

আমি যেতিয়া দুৰ্নীতিৰ বিৰুদ্ধে বিষয়া সকলক স্মাৰক পত্র যোগে নাইবা আন ধৰণে অভিযোগ দিও তেতিয়া বিষয়া সকলে দুৰ্নীতি কৰা সকলক মাতি আনে। তেওঁলোকৰ পৰা টেক্স সংগ্রহ হে কৰে। সম্প্ৰতি জিলা খনত বন বিভাগৰ যাৰ নাম দুৰ্নীতি ৰ সৈতে উচ্চাৰিত হৈছে তেও লোকক কঠোৰ শাস্তি দিবলৈ আমি দাবী জনাইছো।অন্যথা আমি প্ৰতিবাদ অব্যাহত ৰাখিম।

বীৰ লাচিত সেনাৰ আন এজন নেতা প্ৰাণজিৎ গগৈয়ে কয়- লখিমপুৰৰ বন বিষয়া ধন তোলা বিষয়াতহে  পৰিণত হৈছে। শিল বালি কঢিওৱা ডাম্পাৰ , টেক্টৰ আদি তেও লোকৰ বাবে লক্ষীৰ বাহন। তাৰ পৰা অৰিহণা লৈ তেওঁ লোক নোদোকা হৈছে।

ৰক্ষক যদি ভক্ষক হয় তেন্তে সাধাৰণ জনতাই কি কৰিব? লখিমপুৰত বন, নদী আদি ধ্বংস হৈছে। তাৰ লগত যে প্ৰত্যক্ষভাৱে বন বিষয়া জৰিত সেই কথা কালি প্ৰমাণ হৈ গৈছে। তেও কয় শিবাৰ্শীষ শাণ্ডিল্যক গ্ৰেপ্তাৰ কৰিলেই নহব। তেওংৰ ওপৰত এনে ব্যবস্থা গ্রহণ কৰক যাতে ভবিষ্যতে ডাম্পাৰ আদিৰ মাত শুনিলেই তেওঁৰ বুকু কপি উঠে।

লখিমপুৰত বন বিভাগত দুৰ্নীতি মুক্ত নোহোৱা পৰ্যন্ত বীৰ লাচিত সেনাই প্ৰতিবাদ চলাই যাব। এতিয়া ৰ পৰা নদী সমুহৰ ওপৰত বীৰ লাচিত সেনাই নজৰ ৰাখিব। বিভাগটোৰ দুৰ্নীতিকাৰী চক্ৰটোক পুলিয়ে পোখাই উভালি পেলাবলৈ আমি দাবী জনাইছো। এই দৰে দাবী জনায় বীৰ লাচিত সেনাৰ নেতৃত্বই। জিলাখনত বিভাগটো দুৰ্নীতি মুক্ত নহলে বীৰ লাচিত সেনাৰ শক্তিশালী প্ৰতিবাদৰ সন্মুখীন হব লাগিব বুলি তেওঁলোকে সকীয়াই দিয়ে।

বিশেষ বাৰ্তা, লখিমপুৰ, ২ মে’

You might also like