NEET Exam : নগাঁৱৰ ৭ কেন্দ্ৰত ৪৭২৭ পৰীক্ষাৰ্থী
কাইলৈ দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’ব সৰ্বভাৰতীয় পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ নাম ভৰ্তিৰ প্ৰৱেশ পৰীক্ষা ‘নেচনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট’ চমুকৈ নীট (ইউ জি) ২০২৬।
এইবাৰ জিলাখনৰ নগাঁও বিশ্ববিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, খাগৰিজান মহাবিদ্যালয়, গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয় আৰু পি.এম. শ্ৰী কেন্দ্ৰীয় বিদ্যালয় নগাঁও আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত জিলাখনৰ সৰ্বমুঠ ৪,৭২৭ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব।
নগাঁও জিলা প্ৰশাসনে সংশ্লিষ্ট মহাবিদ্যালয়ৰ সহযোগত পৰীক্ষা কেন্দ্ৰ সমূহৰ যাৱতীয় সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। এইবাৰ পৰীক্ষা কক্ষসমূহৰ পৰিৱেশ, কেন্দ্ৰৰ নিয়ন্ত্ৰণ কক্ষৰ কাৰ্যক্ষমতা আৰু প্ৰশ্নকাকতৰ সুৰক্ষা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে পৰ্যাপ্ত সংখ্যক আৰক্ষী, নিৰাপত্তা বাহিনীৰ লোকক নিয়োগ কৰা হৈছে। কোনো এইগৰাকী পৰীক্ষাৰ্থীয়েই যাতে কেন্দ্ৰত প্ৰৱেশৰ সময়ত সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় সেই বিষয়টোতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
বিশেষ বাৰ্তা, নগাঁও, ২ মে’