নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিগত বিত্তীয় বর্ষত দেশত সর্বাধিক সম্পত্তি বাজেয়াপ্ত ইডিৰ

ডিজিটেল ডেস্ক, ৩ মে’ : আর্থিক অনিয়মৰ গোচৰত ২০২৫–২৬ বিত্তীয় বর্ষত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ইডিয়ে বাজেয়াপ্ত কৰা ধনৰ পৰিমাণ বৃদ্ধি পাইছে৷ অৱশ্যে এইক্ষেত্রত লক্ষণীয় যে গ্রেপ্তাৰীৰ সংখ্যা বহুখিনি কমিছে৷ এই তথ্য প্রকাশ পাইছে চৰকাৰী পৰিসংখ্যাত৷

এই পৰিসংখ্যাৰ পৰা জানিব পৰা মতে, ২০২৫–২৬ বিত্তীয় বর্ষত ৮১ হাজাৰ কোটি টকা বাজেয়াপ্ত কৰিছে কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে৷ এই পৰিমাণৰ ধন বাজেয়াপ্ত কৰাটো এতিয়ালৈকে সর্বাধিক বুলি কোৱা হৈছে৷ ২০২৫–২৬ বিত্তীয় বর্ষত বিত্তীয় অনিয়ম প্রতিৰোধ আইন (পিএমএলএ) মতে, ইডিয়ে সমগ্র দেশত ২,৮৯২টা তালাচী অভিযান চলায়৷ ৩১ মার্চ পর্যন্ত এই পৰিসংখ্যা প্রকাশ কৰা হৈছে৷

বিত্তীয় অনিয়মৰ গোচৰত ইডিক প্রয়োজন অনুসৰি অভিযান, তালাচী, সম্পত্তি বাজেয়াপ্ত কৰাৰ অধিকাৰ দিছে পিএমএলএয়ে৷ এই আইনখনৰ মতে এনেধৰণৰ গোচৰত জামিন পোৱাটো সহজ নহয়৷ জামিনত থকা সময়ছোৱাত যাতে আন কোনো অপৰাধত অভিযুক্তগৰাকী জড়িত হৈ নপৰে সেই কথাও নিশ্চিত কৰিব লাগে আদালতক, তেতিয়াহে জামিন পাব পাৰে৷ যোৱাটো বিত্তীয় বর্ষৰ আৰম্ভণিতে ২০২৫ চনৰ এপ্রিল মাহত ইডিয়ে ঘোষণা কৰিছিল যে প্রতাৰণাৰ বলি হোৱা লোকসকলক তেওঁলোকে বাজেয়াপ্ত কৰা ধনৰ পৰা ১৫ হাজাৰ কোটি টকা ওভতাই দিব সেই বছৰটোত৷ যোৱা বিত্তীয় বর্ষত প্রায় ৩২ হাজাৰ কোটি টকা প্রতাৰিতসকলক ওভতাই দিয়ে ইডিয়ে৷

২০২৫–২৬ বিত্তীয় বর্ষত ইডিয়ে গ্রেপ্তাৰ কৰে ১৫৬জনক৷ আনহাতে, ২০২৪–২৫ বিত্তীয় বর্ষত তেওঁলোকে গ্রেপ্তাৰ কৰিছিল ২১৪জনক৷ তাৰ তুলনাত যোৱাটো বিত্তীয় বর্ষত ইডিৰ হাতত গ্রেপ্তাৰৰ সংখ্যা ২৭ শতাংশ হ্রাস পায়৷ ২০২৩–২৪ চনত ইডিৰ হাতত গ্রেপ্তাৰ হৈছিল ২৭২জন লোক৷ পৰিসংখ্যাত কোৱা হৈছে যে ২০২৫–২৬ বিত্তীয় বর্ষত ৭১২টা নির্দেশৰ ভিত্তিত ৮১ হাজাৰ ৪২২ কোটি টকা বাজেয়াপ্ত কৰে ইডিয়ে৷ আগৰ বছৰৰ তুলনাত ই ১৭১ শতাংশ অধিক৷ ২০২৪–২৫ বিত্তীয় বর্ষত তেওঁলোকে ৩০ হাজাৰ ৩৬ কোটি টকা বাজেয়াপ্ত কৰিছিল৷

ইডিয়ে দাবী কৰে যে অপৰাধীসকলে যাতে বেআইনী অপৰাধৰ পৰা লাভ কৰা সুবিধা ভোগ কৰিবলৈ নাপায়, তাক নিশ্চিত কৰিবলৈয়ে ধন বাজেয়াপ্ত কৰা হৈছে৷ ২০২৫–২৬ বর্ষত ইডিয়ে যিমান অভিযান চলায় তাৰ ভিতৰত ২,৮৯২টাৰ খবৰ বিভিন্ন সংবাদ মাধ্যমত ইতিমধ্যে প্রকাশ পাইছিল৷

You might also like