মঠঘৰীয়াৰ অভিশপ্ত দুর্ঘটনাত তিনিগৰাকীকৈ যুৱতীৰ প্রাণ কাঢ়ি নিয়াৰ পিছত মহানগৰ আৰক্ষীয়ে চলোৱা তদন্তত পোহৰলৈ আহিছে নিত্য নতুন তথ্য৷ ত্রিপুৰা নহয়, অসমৰ গোৱালপাৰাৰ নামপাৰাৰ বাসিন্দা আছিল অভিশপ্ত গাড়ীখনৰ চালক ছামিম আহমেদ৷ ২০১৩ চনত গুৱাহাটীলৈ আহি জিএছটিৰ কাম–কাজৰ সৈতে জড়িত হৈ পৰা ছামিমে নিজৰ ঠিকনা ত্রিপুৰা বুলি কৈ আৰক্ষীক বিভ্রান্ত কৰিবলৈ আৰম্ভণিৰ পৰাই চেষ্টা চলাই আহিছিল৷ কিন্তু আৰক্ষীয়ে তদন্ত তীব্রতৰ কৰি তোলাৰ পাছতে এফালৰ পৰা পোহৰলৈ আহিছে বহুৰূপী ছামিমৰ নিকৃষ্ট কাণ্ডসমূহ৷
উল্লেখ্য যে শনিবাৰে মহানগৰ আৰক্ষীয়ে জিম্মাৰ ম্যাদ উকলি যোৱাৰ পাছত ছামিমক আদালতত হাজিৰ কৰে৷ আদালতে ধৃত ছামিমক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ আৰক্ষীক বিভিন্ন সময়ত ছলাহী কথাৰে বিভ্রান্ত কৰিব খোজা ছামিমক লৈ শেহতীয়াকৈ বহু তথ্য পোহৰলৈ আহিছে৷ এই সন্দর্ভত বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, এছক’ৰ্ট ছার্ভিচৰ নামতো ছামিমে দীর্ঘদিন ধৰি বেপাৰ চলাই আহিছিল৷ ধুৰন্ধৰ যুৱকজনক গ্রেপ্তাৰৰ পাছতে আৰক্ষীয়ে ম’বাইল ফোন পৰীক্ষা কৰাৰ পাছত বহু তথ্য লাভ কৰিছে৷
সূত্রটোৱে সদৰী কৰা মতে, ধৃত ছামিমৰ কললিষ্টত বহু যুৱতীৰ নম্বৰ লাভ কৰা হৈছে৷ অকল সেয়াই নহয়, মহানগৰীৰ বহু হাইপ্রফাইল লোকৰো নম্বৰ আৰক্ষীয়ে লাভ কৰিছে৷ ম’বাইল ফোনত এনেধৰণৰ বহু যুৱতী তথা হাইপ্রফাইল লোকৰ বার্তালাপৰ তথ্যও তদন্তকাৰী দলে লাভ কৰিছে৷ লক্ষণীয় যে কোনোধৰণৰ কাম নকৰাকৈ এটা অভিজাত জীৱন যাপন কৰি আহিছিল ছামিম আহমেদে৷ মৃত তিনি যুৱতীৰ বাদেও প্রতিদিনে নতুন নতুন যুৱতীৰ সৈতে মহানগৰীৰ অভিজাত বাৰত দুপৰ নিশালৈকে পার্টী কৰিছিল ছামিম আহমেদে৷ এই যুৱতীসকল ছামিমৰ এছক’ৰ্ট ছার্ভিচৰ সৈতে জড়িত থকাৰ সম্ভাৱনা সূত্রটোৱে কৰিছে৷ এই সন্দর্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি অধিক তথ্য আহৰণৰ বাবে চেষ্টা চলাইছে৷ ইয়াৰ বাদেও ২০১৩ চনত গুৱাহাটীলৈ আহি জিএছটিৰ কাম–কাজৰ সৈতে জড়িত হৈ পৰা ছামিম আহমেদৰ নামত জিএছটি কেলেংকাৰিৰো অভিযোগ উত্থাপিত হৈছে৷ এই সন্দর্ভতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই৷
শেহতীয়াকৈ আৰক্ষীয়ে মঠঘৰীয়াৰ এটা নলাৰ পৰা ছামিম আহমেদৰ তেজ লগা কাপোৰ–কানি জব্দ কৰিছিল৷ এই সন্দর্ভত অধিক তথ্য আহৰণৰ বাবে ছামিম আহমেদৰ তেজৰ নমুনা সংগ্রহৰ অনুমতি বিচাৰি আদালতত আৰক্ষীয়ে আবেদন জনোৱাৰ পিছত আদালতে শনিবাৰে এই অনুমতি প্রদান কৰে৷ ন্যায়িক জিম্মাত কাৰাগাৰলৈ প্রেৰণ কৰিলেও কাৰাগাৰৰ পৰাই নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্রেৰণ কৰিব পাৰিব আৰক্ষীয়ে৷ প্রয়োজনত ছামিম আহমেদক সোধা–পোছাও কাৰাগাৰত চলাব পাৰিব আৰক্ষীয়ে৷ যি কি নহওক, মঠঘৰীয়াৰ ২৫ এপ্রিলৰ নিশাৰ অভিশপ্ত দুর্ঘটনাটোত তিনিগৰাকী যুৱতীয়ে প্রাণ হেৰুওৱাৰ পিছত এয়া সাধাৰণ দুর্ঘটনা বুলি ভবা হৈছিল যদিও দিন যোৱাৰ লগে লগে কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰেই ধুৰন্ধৰ ছামিম আহমেদৰ কু–কীর্তি এফালৰ পৰা পোহৰলৈ আহিব ধৰিছে৷
ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ মে’ :