নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱনত ১৫ বছৰীয়া ল’ৰা এটাক লৈ কেতিয়াও ইমান ভয় কৰা নাছিলোঁ : কাঈল জেমিছন

ডিজিটেল ডেস্ক, ৩ মে’ : সম্প্রতি বিশ্বৰ নামী–দামী বলাৰসকলৰ বাবে ত্রাসৰ কাৰণ হৈ পৰিছে বৈভৱ সূর্যবংশী৷ চলিত আইপিএলত বৈভৱে ইজনৰ পিছত সিজন তাৰকা বলাৰক নির্দয়ভাৱে প্রহাৰ কৰি চমক সৃষ্টি কৰিছে৷ বর্তমান বৈভৱ সূর্যবংশী সকলো বলাৰৰ বাবে ভয়ৰ কাৰক হৈ পৰিছে৷ অৱশ্যে শুকুৰবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচখনত ব্যর্থ হয় ৰাজস্থান ৰয়েলছৰ বিস্ফোৰক অ’পেনাৰ বৈভৱ৷

১৫ বছৰীয়া বিস্ফোৰক বেটাৰগৰাকীয়ে দুটা বলত ৪ ৰান কৰি কাঈল জেমিছনৰ বলত বিদায় লয়৷ বৈভৱক আউট কৰি বন্য উল্লাস কৰি শাস্তিৰ সন্মুখীন হয় জেমিছন৷ মেচৰ অন্তত নিউজিলেণ্ডৰ পেচবলাৰগৰাকীয়ে কয় যে ইমান কম বয়সৰ ক্রিকেটাৰ এজনক লৈ তেওঁ আগতে কেতিয়াও ইমান চিন্তিত হোৱা নাছিল৷ জীৱনত ১৫ বছৰীয়া ল’ৰা এটাক লৈ ইমান ভয় কৰা নাছিলোঁ৷ কিন্তু আমি মেচৰ আগতেই বৈভৱক ৰোধাৰ বাবে পৰিকল্পনা কৰিছিলোঁ আৰু সফল হৈছিলোঁ৷

১৫ বছৰীয়া বেটাৰজনক আউট কৰাৰ পিছত তেওঁ কিয় ইমান উত্তেজিত হৈ পৰিছিল বুলি সোধাত জেমিছনে কয় যে জীৱনত কেতিয়াও ১৫ বছৰীয়া ল’ৰা এটাক ইমান ভয় কৰা মনত নাই৷ আমি এটা নির্দিষ্ট পৰিকল্পনা লৈ ওলাই আহিছিলোঁ৷ পৰিকল্পনাটোৱে কাম কৰাত মই উত্তেজিত হৈছিলোঁ৷

ইপিনে, বৈভৱক আউট কৰি অভদ্র আচৰণ কৰা বাবে জেমিছনক আইপিএল গৱর্নিং কাউঞ্চিলে দোষী সাব্যস্ত কৰে৷ তেওঁক এক ডিমেৰিট পইণ্ট দিয়া হৈছে৷ ভৱিষ্যতে যদি পুনৰ একে কার্য কৰে তেন্তে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব৷

You might also like