নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সোণালী শৈশৱ আৰু শিশু শ্রমিক

সোণালী শৈশৱৰ মধুৰ স্মৃতি সময়ৰ লগে লগে পুৰণি হ’লেও হূদয়ত অমলিন হৈ থাকে৷ শৈশৱক সুৰক্ষিত কৰা মানে দেশৰ ভৱিষ্যতক সুৰক্ষিত কৰা৷ ই ফুলৰ সুৱাসৰ দৰে৷ বৰ মিঠা, কোমল আৰু অবিস্মৰণীয়৷ শিশুৰ হাঁহিত লুকাই থাকে সুন্দৰ সমাজৰ ভেটি৷ খেলা–ধূলা, হাঁহি–ধেমালি, বন্ধু–বান্ধৱীৰ সৈতে কটোৱা মুহূর্তবোৰে শৈশৱক সোণালী কৰি তোলে৷ পৰিয়ালৰ মৰম–চেনেহৰ মাজত ডাঙৰ–দীঘল হোৱা শিশুসকলে বিদ্যালয়ৰ শিক্ষা গ্রহণৰ জৰিয়তে নিত্য নতুন জ্ঞান আহৰণ কৰে৷ খেলা–ধূলা, নাচ–গান আৰু বিভিন্ন সৃষ্টিশীল কামৰ জৰিয়তে শাৰীৰিক–মানসিক বিকাশ ঘটে৷ কোমল অন্তৰত গভীৰভাৱে ৰেখাপাত কৰা এই মিঠা স্মৃতি আজীৱন অম্লান হৈ থাকে, কিন্তু বাস্তৱ বৰ কঠুৱা৷ বহু শিশুৰ বাবে সোণালী শৈশৱৰ আনন্দ আকাশ–কুসুম হৈ ৰয়, দৰিদ্রতাৰ কৰাল গ্রাসত পৰাৰ বাবে শিশু শ্রম আৰু অশিক্ষাৰ বলি হয়– সিহঁতৰ স্বাভাৱিক জীৱনৰ ছন্দপতন ঘটে৷ অৱহেলাৰ সন্মুখীন হোৱাৰ লগতে খেলা–ধূলা, হাঁহি–ধেমালিৰ পৰাও বঞ্চিত হয়৷ দাৰিদ্র্যক্লিষ্ট পৰিয়ালৰ শিশুসকলে পৰিস্থিতিৰ তাড়নাত পৰি জীৱিকাৰ তাগিদাত কঠোৰ শ্রমত নিয়োজিত হ’বলগীয়া হয়৷ বিদ্যালয়ৰ শিক্ষা হৈ পৰে সুদূৰপৰাহত৷ ফলত, শাৰীৰিক আৰু মানসিক বিকাশ বাধাগ্রস্ত হয়৷ এই সমস্যাই ক্রমাৎ সমাজখনলৈও অশনি সংকেত কঢ়িয়াই আনে৷ ইয়াৰ ফলত যে কেৱল মধুৰ শৈশৱেই বাধাগ্রস্ত হয় এনে নহয়, ই সমাজৰ ভৱিষ্যতকো অন্ধকাৰেৰে ছানি ধৰে৷ শিশু শ্রম সাম্প্রতিক কালৰ গভীৰ সামাজিক আৰু আর্থিক সমস্যা৷ শিশু শ্রমৰ আঁৰত কেইটামান উদ্বেগজনক কাৰণ নিহিত হৈ আছে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল দৰিদ্রতা আৰু শিক্ষাহীনতা৷ সামাজিক সচেতনতাৰ অভাৱেও ইয়াত ইন্ধন যোগায়৷ দৰিদ্র পৰিয়ালৰ অভিভাৱকে শিশুহঁতক বিদ্যালয়লৈ পঠিওৱাৰ পৰিৱর্তে উপার্জনৰ বাবে কামলৈ পঠিয়ায়৷ কঠোৰ শ্রম, অপুষ্টি, প্রতিকূল পৰিস্থিতিয়ে সিহঁতৰ কোমল দেহ–মন মুচৰি পেলায়৷ ইটাভাতা, ফটকা–আতচবাজী কাৰখানা, বিড়ি প্রস্তুত কৰা আদিৰ কামত লগোৱাৰ ফলত সিহঁতৰ দৈহিক–মানসিক গঠনত প্রভাৱ পৰে৷ কম মজুৰিত খটুৱাব পাৰি বুলি বহু উদ্যোগপতি, মালিক বা গৃহস্থই শিশু শ্রমিক নিয়োগ কৰে৷ দাৰিদ্র্য আৰু অশিক্ষাই সিহঁতৰ সোণালী শৈশৱক একেবাৰে মোহাৰি পেলায়৷ শিক্ষাৰ অভাৱত ভৱিষ্যৎ সুৰক্ষাৰ পথ ৰুদ্ধ হৈ পৰে৷ পৰৱর্তী জীৱনত সিহঁত অসামাজিক কাম–কাজতো লিপ্ত হোৱাৰ আশংকা পৰিলক্ষিত হয়৷ কিন্তু শিশু শ্রমিক কোন? দেশৰ বিধি–ব্যৱস্থাই কি কয়?
ভাৰতীয় আইন অনুসৰি ১৪ বছৰ বয়সৰ অনূর্ধ্ব শিশুক শ্রমিকৰূপে নিয়োগ কৰাটো সাধাৰণতে নিষিদ্ধ৷ ১৪–১৮ বয়সৰ কিশোৰ–কিশোৰীক বিপজ্জনক কাম–কাজত নিয়োগ কৰিব নোৱাৰি৷ ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি শিশু শ্রমিক সেইসকল, যিসকলে শিক্ষা লাভ কৰিবলগীয়া বয়সত কাম কৰে৷ অসমত বিশেষকৈ চাহ বাগিচা, কৃষিকর্ম, ঘৰুৱা কাম–কাজ, হোটেল, নির্মাণকার্য আদিত শিশু শ্রমিকক নিয়োগ কৰা হয়৷ পৰিয়ালে অতিৰিক্ত উপার্জনৰ বাবে শিশুক কামলৈ পঠিয়ায়৷ শিক্ষাৰ অভাৱ আৰু সজাগ নোহোৱা বাবে দৰিদ্র পৰিয়ালে শিশুসকলৰ ভৱিষ্যতক লৈ সমূলি উৎকণ্ঠিত নহয়৷ শিশুক কামলৈ পঠিয়ালে নানা সমস্যাই দেখা দিব পাৰে৷ বিদ্যালয়ৰ শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ উপৰি বিপজ্জনক কামত দুর্ঘটনা, ৰোগ, শাৰীৰিক–মানসিক ক্ষতিৰ লগতে নিম্ন মজুৰি, সুদীর্ঘ কর্ম সময়, যৌন শোষণ বা মানৱ সৰবৰাহকাৰী চক্রৰ কবলত পৰাৰ আশংকা বিদ্যমান৷ ব্যাপক পৰিসৰত চাবলৈ গ’লে সমাজত দৰিদ্রতাৰ চক্র বর্তি থকাৰ লগতে জাতীয় উন্নয়ন বাধাগ্রস্ত হয়৷ উল্লেখ্য যে ২০১১ চনৰ লোকপিয়ল অনুসৰি ১ কোটিৰো অধিক শিশু দেশৰ বিভিন্ন প্রান্তত নিয়োজিত হৈ আছিল৷ সাম্প্রতিক তথ্য অনুসৰি ৫–১৭ বছৰীয়া প্রায় ৫০ লাখ শিশু অর্থনৈতিক কাম–কাজত জড়িত৷ অসমৰ চাহ বাগিচাত শিশু শ্রমিকক নিয়োগ কৰাটো স্বাভাৱিক হৈ পৰিছে৷ ২০১১ চনত প্রায় ৯৯,৫১২জন শিশু শ্রমিক আছিল যদিও সাম্প্রতিক সময়ত শিশু উদ্ধাৰৰ সংখ্যা পূর্বতকৈ বহু বৃদ্ধি পাইছে৷ সমগ্র বিশ্বত প্রায় ১৩.৮ কোটি শিশু শ্রমিক আৰু ইয়াৰ ভিতৰত ৫.৪ কোটি বিপজ্জনক কামত জড়িত হৈ আছে৷ শিশু আৰু কিশোৰ শ্রম (প্রতিৰোধ আৰু নিয়ন্ত্রণ) আইন–১৯৮৬ (২০১৬ চনত সংশোধিত) অনুসৰি ১৪ বছৰৰ তলত সকলো কাম নিষিদ্ধ আৰু বিপজ্জনক কামত ১৮ বছৰ বয়সলৈ নিষিদ্ধ৷ শিক্ষাৰ অধিকাৰ আইন–২০০৯, শিশু–কিশোৰৰ বাবে ন্যায় আইন আদিৰে সুৰক্ষা প্রদানৰ ব্যৱস্থা আছে৷ অসম চৰকাৰে টাস্ক ফ’চ, পৰিদর্শন, অভিযান আৰু হেল্পলাইন (১০৯৮) আদিৰে ব্যৱস্থা গ্রহণ কৰি আহিছে৷ শিশু শ্রমিকক কামৰ পৰা বিৰত ৰখাৰ বাবে শিক্ষা আৰু সজাগতাৰ ওপৰত গুৰুত্ব প্রদান কৰিব লাগিব৷ দৰিদ্রতা নির্মূলৰ বাবে মহিলা সবলীকৰণ কর্মসংস্থানৰ ব্যৱস্থা বাঞ্ছনীয়৷ আইন কঠোৰ হ’লেও বাস্তৱ ক্ষেত্রত বলৱৎ কৰাহে ঘাই কথা৷ নিয়োগকাৰীক কঠোৰ শাস্তিৰে দণ্ডিত কৰা দৰকাৰ৷ শিশু শ্রমিকক দেখিলেই ১০৯৮ হেল্পলাইন বা স্থানীয় আৰক্ষীক যোগাযোগ কৰাটো মংগলজনক৷ চাহ বাগিচা আৰু গ্রামাঞ্চলত বিশেষ পদক্ষেপ গ্রহণ কৰিব পাৰিলে ভাল৷ শিশু শ্রম নিষিদ্ধ আইন কঠোৰভাৱে প্রয়োগ কৰিব লাগিব৷ দৰিদ্র পৰিয়ালক কর্মসংস্থাপন, আর্থিক সাহায্য প্রদানৰ লগতে বিনামূলীয়া শিক্ষাৰ সুবিধা বৃদ্ধি কৰা প্রয়োজন৷ সমাজত সচেতনতা সৃষ্টি কৰি শিশুহঁতক বিদ্যালয়মুখী কৰাটো আৱশ্যকীয়৷ সোণালী শৈশৱেই সুন্দৰ ভৱিষ্যতৰ ভেটি গঢ়িব পাৰে৷ শিশুক সঠিক পথ–নির্দেশনা দি দেশৰ উপযুক্ত নাগৰিকৰূপে গঢ়ি তোলাটো সময়ৰ আহ্বান৷

You might also like