ডিজিটেল ডেস্ক, ৪ মে’ : অসমৰ ৰাজনৈতিক প্রেক্ষাপটত আজি এটা গুৰুত্বপূর্ণ দিন হিচাপে চিহ্ণিত হৈছে৷ শাসক–বিৰোধী উভয় শিবিৰৰ ব্যাপক তৎপৰতা তথা সকলো ৰাজনৈতিক সমীকৰণ আৰু জল্পনা–কল্পনাৰ ওৰ পেলাই আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ল সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
প্ৰাৰম্ভিক তথ্য অনুসৰি, দিছপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে অগ্ৰগতি লাভ কৰিছে। দিছপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে ২৪০৫৬ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে লাভ কৰিছে ৪৮৫১টা ভোট। তৃতীয় ৰাউণ্ডৰ ভোটগণনালৈ বিজেপি প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈ ২০,০৫৫টা ভোটত আগবাঢ়ি আছে।
ইফালে, মধ্য গুৱাহাটীত বিজয় গুপ্তাই অগ্ৰগতি লাভ কৰিছে। কুংকী চৌধুৰীক ১৪৬৫টা ভোটত পিছ পেলাই আগবাঢ়ি আছে বিজয় গুপ্তা। জালুকবাৰী সমষ্টিত ড০ হিমন্ত বিশ্ব শৰ্মাই অগ্ৰগতি লাভ কৰিছে। আনহাতে, নিউ গুৱাহাটীত দিপ্লুৰঞ্জন শৰ্মাই অগ্ৰগতি লাভ কৰিছে। ডিমৰীয়াত অগপ প্ৰাৰ্থী তপন দাসে অগ্ৰগতি লাভ কৰি আছে।