নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনি-উত্তৰ অসমত নিশ্চিহ্ন কংগ্ৰেছ

চলি আছে চলিত বৰ্ষত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। যদিও আনুষ্ঠানিক ঘোষণা হবলৈ এতিয়াও বাকী, তথাপি অগ্ৰগতিৰ ফালৰ পৰা চাবলৈ গলে বিজেপি মিত্ৰজোঁটে ১০০ শতাংশ চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিছে।

কিন্তু এইখিনিতে মন কৰিব লগা বিষয়টো হল যে কংগ্ৰেছৰ দুৰ্গতি। দলটো এইবাৰ একপ্ৰকাৰ উজনি আৰু উত্তৰ অসমত ধূলিসাত হৈ পৰিল। খোপনি পুতি ৰব পৰাকৈও দলটোৱে কোনো এখন আসনতে অগ্ৰগতি লাভৰ মুখ দেখা নাই বা নাপালে। কংগ্ৰেছৰ এই দুৰ্গতিৰ কাৰণ সময় নিশ্চিতভাৱে বিশ্লেষণ কৰা হব।

আমালৈ অহা শেহতীয়া খবৰ অনুসৰি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া আদিকে ধৰি বহু বাঘা বাঘা উজনি উত্তৰ অসমৰ নেতাৰ পৰাজয় নিশ্চিত হৈছে যদিও নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক ফলাফলহে বাকী।

ৰাজ্যত চলি থকা ভোট গণনাৰ মাজতে উজনি-উত্তৰ অসমত কংগ্ৰেছৰ পৰাজয়ৰ স্পষ্ট ছবি পোহৰলৈ আহিছে। কংগ্ৰেছৰ শক্তিশালী ঘাটি হিচাপে পৰিচিত বহু সমষ্টিত এইবাৰ দলটো প্ৰায় নিশ্চিহ্ন হৈ পৰাৰ ছবি দেখা গৈছে।

উজনি-উত্তৰ অসমৰ অধিকাংশ সমষ্টিত বিজেপিৰ ৰণচালিত নিশেষ হোৱাৰ দিশে কংগ্ৰেছ। বহু গুৰুত্বপূৰ্ণ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীসকল পিছপৰি থকাৰ লগতে কিছু ঠাইত দলটোৱে তৃতীয় বা চতুৰ্থ স্থানতো অৱস্থান কৰিছে।

ৰাজনৈতিক বিশ্লেষকৰ মতে, সংগঠনৰ দুৰ্বলতা, আভ্যন্তৰীণ দ্বন্দ্ব আৰু জনতাৰ মাজত সমৰ্থন হ্ৰাস পোৱাটোৱেই এই পৰাজয়ৰ মুখ্য কাৰণ। আনহাতে NDA জোঁটে উন্নয়নমূলক ইছ্যু আৰু শক্তিশালী সাংগঠনিক ব্যৱস্থাৰে ভোটাৰক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এই ফলাফলত স্পষ্ট হৈ পৰিছে যে উজনি-উত্তৰ অসমত এইবাৰ কংগ্ৰেছৰ আধিপত্য সম্পূৰ্ণৰূপে হ্ৰাস পাইছে আৰু বিজেপি-নেতৃত্বাধীন NDA-ই শক্তিশালী ভিত্তি স্থাপন কৰিছে। আগন্তুক ৰাজনৈতিক সমীকৰণৰ ক্ষেত্ৰতো এই ফলাফলৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব বুলি অনুমান কৰা হৈছে।

ডিজিটেল ডেস্ক, ৪ মে

You might also like