নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিকিল পল্লৱলোচন দাস, বিশ্বনাথৰ ৩ সমষ্টিত বিজেপিৰ বিজয়ধ্বজা

বিজেপিয়ে নিৰ্বাচনী বিজয় ধ্বজা উৰুৱাই পুনৰ গেৰুৱাময় কৰিলে বিশ্বনাথ জিলাৰ তিনি বিধান সভা সমষ্টি। কাৰ্যতঃ তিনি সমষ্টিতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী শিৱিৰক ধূলিসাৎ কৰিবলৈ সক্ষম বিজেপি প্ৰাৰ্থীসকল।

আজি ভোট গণনাৰ অন্তত বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে ২৬হাজাৰৰো অধিক ভোটত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক পৰাজিত কৰে।আজি পুৱা ভোট গণনা আৰম্ভৰ কালতে বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসে অগ্ৰগতি লাভ কৰে।

অৱশ্যে কংগ্ৰেছৰ প্ৰাৰ্থীজনে বিজেপিৰ এই অগ্ৰগতি ৰোধ কৰিবলৈ সক্ষম নহ’ল। আনহাতে সমষ্টি নিৰ্ধাৰণৰ পিছত প্ৰথমটো বিধান সভা নিৰ্বাচনত  বিজেপি প্ৰাৰ্থীৰ বিজয়ক ঐতিহাসিক আখ্যা দিছে ভাজপা কৰ্মী সকলে।

বিজয়ৰ পিছত প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসে ভগৱান আৰু বিশ্বনাথবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে। তদুপৰি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় ভাজপাৰ সভাপতি নীতিন নবীন, মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, বিশ্বনাথ জিলা  বিজেপিৰ সভাপতি অসীম কুমাৰ দাসৰ লগতে বিভিন্ন দলীয় কৰ্মী-নেতাক  কৃতজ্ঞতা জ্ঞাপন কৰে।

তদুপৰি আজি দিনটো কৃতজ্ঞতা প্ৰকাশৰ দিন বুলি অভিহিত কৰি অসমীয়া সমাজখনক আগবঢ়াই নিবলৈ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে।আনহাতে ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আনুগত্য স্বীকাৰ কৰি ৰাজ্যখনত উন্নয়নৰ ধাৰা আৰু সফল নেতৃত্বৰ বাবে ৰাজ্যবাসীৰ আস্থাভাজন হোৱা বুলি প্ৰকাশ কৰে।

বিজেপিৰ বিজয়ী প্ৰাৰ্থীজনে আনকি বিশ্বনাথবাসীৰ সমৰ্থনত অভিভূত হোৱাৰ লগতে কংগ্ৰেছে জাতিৰ নামত ধৰ্মৰ নামত যি নিঃকৃষ্ট ৰাজনীতি কৰিলে তাৰ যোগ্য প্ৰত্যুত্তৰ বিশ্বনাথবাসীয়ে দিলে বুলিও মন্তব্য কৰে।

ইফালে বিজেপি প্ৰাৰ্থীগৰাকী বিজয়ৰ পিছতে আনন্দত উত্ৰাৱল হৈ পৰে দলীয় কৰ্মীসকল।আজিৰ দিনটোতে  বিজেপি প্ৰাৰ্থীজনে  অনাগত দিনত বিশ্বনাথত  কংগ্ৰেছক উৎত্থাত কৰিব কৰিবলৈ সংগ্ৰাম অব্যাহত থাকিব বুলি প্ৰকাশ কৰে।

ইফালে বিহালী সমষ্টিত অভিলেখ সংখ্যক ৬০ হাজাৰৰো অধিক ভোটত জয় লাভ কৰে বিজেপি প্ৰাৰ্থী মুনিন্দ্ৰ দাস। তদুপৰি গহপুৰ সমষ্টিত  বিজেপি প্ৰাৰ্থী উৎপল বৰাই তৃতীয় বাৰলৈ বিজয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হয়। বিজেপি প্ৰাৰ্থী উৎপল বৰাই প্ৰায় ৫০হাজৰ ভোটত কংগ্ৰেছ প্ৰাৰ্থী ডাঃ শংকৰ জ্যোতি কুটুমক পৰাজিত কৰে।

বিশেষ বাৰ্তা, বিশ্বনাথ, ৪ মে’

You might also like