নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন চৰকাৰ গঠনৰ দিশে এখোজ, মুখ্যমন্ত্ৰীৰ পদত্যাগপত্ৰ দাখিল

অসমত ৰাজনৈতিক পৰিৱেশত তৎপৰতা বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকভৱনত উপস্থিত হৈ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ হাতত মুখ্যমন্ত্ৰী পদৰ পদত্যাগ পত্ৰ দাখিল কৰে। এই পদক্ষেপেৰে ৰাজ্যত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল।

লোকভৱনত ৰাজ্যপাল আচাৰ্যৰ সৈতে সাক্ষাৎ কৰাৰ পাছতে ড০ শৰ্মাই নতুন চৰকাৰ গঠনৰ বাবে পৰৱৰ্তী কাৰ্যসূচীৰ দিশে আগবাঢ়ে। এই সময়ছোৱাত মন্ত্ৰী ৰণোজ পেগু, বিধায়ক মানৱ ডেকা উপস্থিত আছিল।

জানিব পৰা মতে, লোকভৱনৰ পৰা ওলাই মুখ্যমন্ত্ৰী ড০ শৰ্মা পোনে পোনে বাজপেয়ী ভৱনত উপস্থিত হ’ব, য’ত নৱ-নিৰ্বাচিত বিজেপি বিধায়কসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত বিধায়ক দলৰ নেতা নিৰ্বাচনসহ চৰকাৰ গঠনৰ কৌশল নিৰ্ধাৰণ কৰা হ’ব বুলি আশা কৰা হৈছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এই পদত্যাগ আৰু তাৰ পাছৰ বৈঠকসমূহ ৰাজ্যত তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। শীঘ্ৰেই নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ তাৰিখ ঘোষণা হ’ব বুলি ধাৰণা কৰা হৈছে।

ডিজিটেল ডেস্ক, ৬ মে’

You might also like