জুন মাহত মানুহৰ শৰীৰত ক’ৰোনাৰ টিকাৰ পৰীক্ষা
নিয়মীয়া বাৰ্তা,৯ এপ্ৰিলঃ ক’ভিড-১৯ৰ সংক্ৰমণে ক্ৰমাৎ দ্ৰুতগতি লাভ কৰিছে ৰাছিয়াত। দেশখনৰ চৰকাৰে ঘোষণা কৰা অনুসৰি ৰাছিয়াত ৭,৪৯৭ গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ লগতে ৫৭গৰাকীয়ে প্ৰাণ হেৰুৱাইছে। কিন্তু বিভিন্ন দেশে সন্দেহ প্ৰকাশ কৰিছে যে চীনৰ দৰে ৰাছিয়াই মৃত্যুৰ প্ৰকৃত সংখ্যা প্ৰকাশ কৰা নাই। এই অভিযোগ খণ্ডন কৰে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। ৰাছিয়াৰ এটা শীৰ্ষ গৱেষণা কেন্দ্ৰৰ মুৰব্বীয়ে পুটিনক জনাইছে যে আগন্তুক জুন মাহৰ ভিতৰত ক’ৰোনা ভাইৰাছৰ টিকাৰ পৰীক্ষা মানুহৰ শৰীৰত চলাবলৈ সক্ষম হ’ব দেশখন।