নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত আৰক্ষীৰ অভিযানত পিষ্টল-গ্ৰেনেড উদ্ধাৰ, দুজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, শিলচৰ, ৭ মে’ : শিলচৰ চহৰতলী ৰামনগৰ অঞ্চলত আৰক্ষীৰ বিশেষ তালাচী অভিযানত উদ্ধাৰ হৈছে আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক। বুধবাৰে ৰামনগৰৰ এফ চি আই ৰোডৰ কাষতে থকা এটা ঘৰত অভিযান চলায়।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, লক্ষ্মীপুৰ থানাত দাখিল কৰা এক গোচৰৰ তদন্তৰ ভিত্তিত এই অভিযান চলাইছিল। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৮ (৪) আৰু অস্ত্ৰ আইনৰ ধাৰা ২৫(১) (ক)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। অভিযানৰ সময়ত আৰক্ষীয়ে আক্ৰাম আলীৰ ঘৰৰ পৰা ইটালীত নিৰ্মিত ৯ মিমি পিষ্টল, ৫ ৰাউণ্ড গুলী আৰু চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে। লগতে জব্দ কৰিছে কিছু গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু এটা মোবাইল ফোন। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন লোকক।

বৃহস্পতিবাৰে শিলচৰত‌ এখন সংবাদমেলত কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে  কয়- ধৃত লোককেইজন হৈছে লাইশ্ৰম টিকেন মেইটেই নামৰ যুৱক আৰু মনলিছা চানু নামৰ এগৰাকী মহিলা। প্ৰাৰম্ভিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ সৈতে তেওঁলোকৰ প্ৰত্যক্ষ সম্পৰ্ক থাকিব পাৰে।  উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰকসমূহৰ উৎস, সম্ভাব্য সৰবৰাহৰ চক্ৰ আৰু ইয়াৰ লগত জড়িত অন্যান্য লোকৰ উৎস চিনাক্তকৰণৰ বাবে তদন্ত তীব্ৰতৰ কৰা হৈছে। বন্দীসকলক জেৰা কৰি আইনী প্ৰক্ৰিয়া অব্যাহত আছে বুলিও তেওঁ কয়।

You might also like