নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ হলী ফ্লাৱাৰ স্কুলত মৰ্মান্তিক ঘটনা, শ্ৰেণীকোঠাতে প্ৰাণ গ’ল শিশু ছাত্ৰৰ

নিয়মীয়া বাৰ্তা, শিলচৰ, ৭ মে’ : কাছাৰৰ কাটিগড়াৰ ব্যক্তিগত শিক্ষানুষ্ঠান হলী ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সংঘটিত হয় এক কৰুণ ঘটনা। শ্ৰেণী চলি থকা সময়তে এটি শিশু ছাত্ৰৰ মৃত্যু হয়। এই সন্দৰ্ভত অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি হৈছে।

বিদ্যালয়খনৰ চি চি টিভি ফুটেজ অনুসৰি বিদ্যালয়খনৰ কেজি ১ৰ ছাত্ৰ ছাকিব আলম (৪ বছৰ) শ্ৰেণীকোঠাত বহি সহপাঠীসকলৰ সৈতে টিফিন খাই আছিল। হঠাৎ সংঘটিত হয় এই দুৰ্ঘটনা। টিফিনত অনা খাদ্য শিশু ছাত্ৰজনৰ ডিঙিত লাগি ধৰে। ঘটনাটো দেখি সহপাঠীসকলে ক্লাছৰুমতে শিক্ষকক খৰধৰকৈ খবৰ দিয়ে। পিছত শিক্ষকসকলে খৰধৰকৈ শিশুটিক উদ্ধাৰ কৰি কাটিগড়া আদৰ্শ চিকিৎসালয়লৈ লৈ যায়। অৱশ্যে তাত উপস্থিত হোৱাৰ লগে লগে কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

উল্লেখ্য যে কাটিগড়াৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান হলী ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শ্ৰেণীকোঠাত কেজি ১ৰ এগৰাকী ছাত্ৰৰ অস্বাভাৱিক মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বৃহস্পতিবাৰে সংঘটিত এই মৰ্মান্তিক ঘটনাত কেজি ১ৰ ছাত্ৰ ছাকিব আলমৰ মৃত্যু হয়। বয়স মাত্ৰ পাঁচ বছৰ দহ মাহ। মৃত শিশুটিৰ পিতৃ হৰিছ উদ্দিন, কাটিগড়া পাৰ্ট ২ (গংগাপুৰ) অঞ্চলৰ বাসিন্দা।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে কাটিগড়া চক্ৰ বিষয়া যাত্ৰা কান্ত কৰ্মকাৰে চিকিৎসালয়ত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত সম্পূৰ্ণ কৰে। পিছত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

এই হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

You might also like