অৰুণাচলৰ পাংচুপাছত আলফা (স্বাঃ)ৰ দুই কেডাৰৰ আত্মসমৰ্পণ
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংচু পাছত নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী অসম-স্বাধীন (আলফা-আই)ৰ দুজন সক্ৰিয় কেডাৰে নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে। উত্তৰ-পূবৰ অন্যতম বিদ্ৰোহ-বিৰোধী অভিযানৰ ক্ষেত্ৰত সেনা বিষয়াসকলে ইয়াক এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে অভিহিত কৰিছে।
অস্ত্ৰ সম্বৰণ কৰা ব্যক্তি দুজনক ক্ৰমে অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰৰ নিবাসী ৩১ বছৰীয়া অশোক সোণোৱাল ওৰফে লেকাং অসম (কৰ্পোৰেল) আৰু অসমৰ ধেমাজি জিলাৰ গোহাঁই গাঁৱৰ ৩১ বছৰীয়া বিপ্লৱ বুঢ়াগোহাঁই ওৰফে নিপেন অসম (লেন্স কৰ্পোৰেল) বুলি চিনাক্ত কৰা হৈছে।
চৰকাৰী সূত্ৰৰ মতে, আত্মসমৰ্পণৰ দুদিন পূৰ্বে অৰ্থাৎ ৩ মে’ত কেডাৰ দুজনে ম্যানমাৰৰ সাগাইং অঞ্চলৰ ৰানুস্থিত আলফা-(স্বাঃ)ৰ যুটীয়া জেনেৰেল হেডকোৱাৰ্টাৰৰ পৰা পলায়ন কৰিছিল। ভাৰত-ম্যানমাৰ সীমান্তৰ দুৰ্গম আৰু ভিতৰুৱা পথেৰে দুদিন ধৰি খোজকাঢ়ি আহি তেওঁলোকে পাংচু নিৰাপত্তা চকীত উপস্থিত হয় আৰু আনুষ্ঠানিকভাৱে তাতেই আত্মসমৰ্পণ কৰে।
উল্লেখ্য যে চাংলাং জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত পাংচু পাছ ঐতিহাসিকভাৱে উগ্ৰপন্থীৰ চলাচলৰ বাবে এক স্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিগনিত।
বিশেষ বাৰ্তা, ডিব্ৰুগড়, ৭ মে’