বৰপেটাৰোডৰ সমীপৰ নিচুকা গাঁৱত আজি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIA-এ অভিযান চলায়। নিচুকা গাঁৱৰ বাসিন্দা তথা অভিযুক্ত জেহাদী চুলতান মাহমুদৰ বাসগৃহত এই তালাচী অভিযান চলোৱা হয়।
উল্লেখ্য যে যোৱা বৰ্ষৰ ৩০ ডিচেম্বৰত চুলতান মাহমুদক গ্ৰেপ্তাৰ কৰিছিল তদন্তকাৰী সংস্থাটোৱে। গ্ৰেপ্তাৰৰ পিছৰে পৰা জেহাদী কাৰ্যকলাপ সন্দৰ্ভত অব্যাহতভাৱে অনুসন্ধান চলাই আহিছে NIA।
চলিত তদন্তৰ অংশ হিচাপে আজি NIAৰ বিষয়াসকলে চুলতান মাহমুদৰ বাসগৃহত উপস্থিত হৈ বিভিন্ন নথি-পত্ৰ আৰু আন সামগ্ৰীৰ ওপৰত তালাচী চলায়।
জানিব পৰা মতে, অভিযুক্ত চুলতান মাহমুদ বৰ্তমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
ডিজিটেল ডেস্ক, ৮ মে’