অভাৱনীয় জয়লাভৰ পিছতেই তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠনৰ প্রক্রিয়া আৰম্ভ হৈছে ৰাজ্যত৷ বিজেপি আৰু ৰাজ্য প্রশাসনে ইতিমধ্যে শপতগ্রহণ অনুষ্ঠানক লৈ ব্যাপক আয়োজন কৰাৰ লগতে নিমন্ত্রিত অতিথিৰ আগমনক লৈও আৰম্ভ কৰিছে বিশেষ প্রস্তুতি৷
উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে অহা ১২ মে’ত নতুন চৰকাৰে শপতগ্রহণ কৰিব লগা অনুষ্ঠানৰ ড০ হিমন্ত বিশ্ব শর্মাই নিজেই প্রস্তুতিৰ তদাৰক কৰিছে৷ ১২ মে’ৰ শপতগ্রহণ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও শীর্ষ পর্যায়ৰ নেতা৷
সেয়াই নহয়, মুখ্যমন্ত্রী ড০ শর্মাৰ শপতগ্রহণ অনুষ্ঠানত দেশৰ ২১খন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ–মুখ্যমন্ত্রীসকল্ আমন্ত্রণ জনোৱা হৈছে৷ এই কথা সংবাদ মাধ্যমত উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এনডিএ নেতৃত্বাধীন ২০খন ৰাজ্যৰ মুখ্যমন্ত্রী, উপ–মুখ্যমন্ত্রীসকল্ লগতে দেশৰ আগশাৰীৰ কেইবাগৰাকীও উদ্যোগপতি আৰু ৰাজ্যৰ সত্রাধিকাৰসকল এই শপতগ্রহণ সমাৰোহত উপস্থিত থাকিব৷
আনহাতে দলে দলৰ তৰফৰ পৰা ইতিমধ্যে আমন্ত্রণ জনাইছে নির্বাচিত পঞ্চায়ত প্রতিনিধিসকলক৷ তদুপৰি সমাৰোহত উপস্থিত থাকিব বিজেপি আৰু অগপৰ বুথ সভাপতিসকলৰ লগতে কেইবাগৰাকীও ৰাজ্যৰ বিশিষ্ট ব্যক্তি৷ ৰাজ্য প্রশাসনে ইতিমধ্যে সকলো নিমন্ত্রিত অতিথিক ১২ মে’ৰ দিনা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈ অনাৰ ব্যৱস্থা কৰিছে
মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি অহা ৯ মে’ত বিজেপিৰ নির্বাচিত বিধায়কসকল গুৱাহাটীত উপস্থিত হ’ব৷ ১০ মে’ৰ পুৱা ৯ বজাত অনুষ্ঠিত হ’ব বিধায়িনী দলৰ বৈঠক৷ এই বৈঠকৰ পিছতেই অনুষ্ঠিত হ’ব বিজেপি–অগপ–বিপিএফ্ আন এক বৈঠক৷
এই দুয়োখন বৈঠকত নেতা নির্বাচন কৰাৰ পিছতেই এনডিএৰ দলক লৈ নৱনির্বাচিত দলপতিয়ে ১০ মে’ৰ ১২ বজাত ৰাজ্যপালক সাক্ষাৎ কৰি নতুন চৰকাৰ গঠনৰ আর্জি পেচ কৰিব আৰু ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে অনুমতি প্রদান কৰাৰ পিছতেই শপতগ্রহণ অনুষ্ঠানৰ আনুষ্ঠানিক প্রক্রিয়া আৰম্ভ হ’ব৷
ইফালে ১২ মে’ৰ পুৱা ভাগতে গুৱাহাটী বিমানবন্দৰত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ বিমানবন্দৰৰ পৰাই হেলিকপ্টাৰযোগে নাৰেংগীৰ সেনা বাহিনীৰ হেলিপেডত উপস্থিত হৈ তাৰ পৰাই পোনে পোনে খানাপাৰাৰ শপতগ্রহণ অনুষ্ঠানলৈ আহিব৷ আনহাতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু ৰাষ্ট্রীয় সভাপতি নীতিন নবীন ১১ মে’ৰ নিশা অথবা ১২ মে’ৰ পুৱাই গুৱাহাটীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷
শপতগ্রহণ অনুষ্ঠানৰ বাবে ইতিমধ্যে খানাপাৰাৰ খেলপথাৰত বিশাল ৰভা নির্মাণ কৰা হৈছে৷ প্রায় এক লাখ লোক উপস্থিত থাকিব লগা এই শপতগ্রহণ অনুষ্ঠানৰ বাবে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি অসমৰ লগতে পশ্চিমবংগত লাভ কৰা বৃহৎ বিজয়ৰ পিছত ৰাজ্যখনৰ প্রথমগৰাকী বিজেপি মুখ্যমন্ত্রী হিচাপে শুভেন্দু অধিকাৰীয়ে শপত গ্রহণ কৰা অনুষ্ঠানত তেওঁ উপস্থিত থাকিব৷
এই প্রসংগত তেওঁ কয়– বিজেপি আৰু এনডিএ পৰিয়ালৰ বাবে কালিৰ দিনটো এক ডাঙৰ দিন৷ কাৰণ পশ্চিমবংগত বিজেপি ক্ষমতালৈ অহাৰ লগে লগে পূর্বাঞ্চল আৰু উত্তৰ–পূর্বাঞ্চল এই সমগ্র অঞ্চলটোত বিজেপি অথবা এনডিএৰ মুখ্যমন্ত্রীক দেখা পোৱা যাব৷ ঝাৰখণ্ডক বাদ দিলে পূর্বাঞ্চল আৰু উত্তৰ–পূবৰ প্রায় প্রতিখন ৰাজ্য এতিয়া বিজেপি বা এনডিএৰ শাসনৰ অধীনলৈ আহিছে৷
আনহাতে পশ্চিমবংগত কাইলৈৰ পৰা বিজেপিয়ে দায়িত্ব লোৱাৰ পিছত ৰাজ্যখনলৈ শান্তি–শৃংখলা উভতি আহিব৷ তাত কোনো সন্দেহ নাই৷ ইফালে পশ্চিমবংগৰ পৰা বাংলদেশী বিতাড়নৰ প্রক্রিয়া প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয়– ৰাজ্যখনৰ পৰা ডেৰ–দুই কোটি বাংলাদেশীক খেদি পঠিওৱাটো সহজ নহয়৷
কিন্তু সীমান্তত ফেন্সিং আৰম্ভ হ’লে আমাৰ দেশখন সুৰক্ষিত হ’ব আৰু নতুনকৈ বাংলাদেশী সোমোৱাটো বন্ধ হ’ব৷ ইয়াৰ পৰৱর্তী পর্যায়ত আমি কিমানখিনি বিদেশী বিতাড়ন কৰিব পাৰো, সেয়া হ’ব দ্বিতীয় পর্যায়ৰ প্রক্রিয়া৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুভেন্দু অধিকাৰীৰ শপতগ্রহণ অনুষ্ঠানত ভাগ ল’ব৷
ডিজিটেল ডেস্ক, ৯ মে’