ৰাজনাথ সিং
“”হে নতুন, দেখা দিক আৰবাৰ, জন্মেৰো প্রথম শুভক্ষণ”-(হে নতুন পুৰুষ, এবাৰ পুনৰ সন্মুখলৈ আহা, ঠিক সেইদৰে যিদৰে জন্মৰ সময়ত সেই প্ৰথম শুভক্ষণ আহিছিল।)
গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ এই কথাখিনি কেৱল এটা কবিতাৰ অংশ নহয়, বৰঞ্চ সময়ে সময়ে স্বতঃস্ফূৰ্ত আৰু নবীন হোৱা প্ৰতিনিয়ত নিজকে নৱীকৰণ কৰা বংগৰ আত্মাৰ আহ্বান। পৰম্পৰাগতভাৱে গুৰুদেৱৰ জন্মদিনত তেওঁক সন্মান জনাই নবীকৰণৰ উদযাপন হিচাবে এই গীতটি গোৱা হয়, যিটো জন্মদিনৰ জাগৰণৰ প্ৰতীক। গুৰুদেৱে বুজি পাইছিল যে এই ভূমি কেৱল পৰিৱৰ্তিত নহয়, ইয়াৰ নিৰন্তৰ পুনৰ জন্ম হয়।
গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫সংখ্যক জয়ন্তীলৈ মাত্ৰ এসপ্তাহো নাথাকোতেই পশ্চিমবংগত এক ঐতিহাসিক পৰিৱৰ্তন হোৱাটো এক সুখৰ কাকতলীয়া ঘটনা। ৪ মে’ত পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এক ঐতিহাসিক বিজয় সাব্যস্ত কৰে। বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে এই নিৰ্বাচন কেতিয়াও কেৱল ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা নাছিল। এই মহান ভূমিৰ হৃত গৌৰৱ পুনৰুদ্ধাৰৰ সুযোগ আছিল, যিটো নিৰ্বাচনী জনাদেশৰ জৰিয়তে কৰা এক সভ্যতামূলক আহ্বান।
আজি ৰাজনৈতিক বিতৰ্কৰ হৈ চৈ একাষৰীয়া কৰি এটা গভীৰ প্ৰশ্ন মনলৈ আহিছেঃ আচলতে বংগ কি? আৰু ইয়াক পুনৰুদ্ধাৰ কৰাৰ অৰ্থ কি? বংগৰ বৰ্তমানক বুজিবলৈ হ’লে আমি প্ৰথমে ইয়াৰ অতীতত ভুমুকি মাৰিব লাগিব, সেয়াও দশক দশকৰ নহয়, শতিকাৰ অতীত।
বংগ বৌদ্ধিক কৌশলৰ সমাৰ্থক হোৱাৰ বহু আগতেই ই আছিল এক পবিত্ৰ ভূমি। পঞ্চদশ শতিকাত নৱদ্বীপৰ গংগাৰ পাৰত বিশ্ব চৈতন্য মহাপ্ৰভু নামেৰে জনাজাত নিমাই নামৰ এজন যুৱকে গান গাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ কীৰ্ত্তন কেৱল সংগীত নাছিল। ই আছিল ভক্তিত নিমজ্জিত এক সমাজ সংস্কাৰ আন্দোলন। তেওঁ অস্পৃশ্যসকলক আঁকোৱালি লৈছিল, বিদ্বানসকলৰ সৈতে নাচিছিল আৰু কোনো আখ্যানমূলক পৰিচয়ক বোজা হিচাপে নলৈ ঈশ্বৰৰ নাম সকলোৰে বাবে উপলব্ধ বুলি ঘোষণা কৰিছিল। তেওঁ জাগৰিত কৰি তোলা আনন্দপূৰ্ণ আৰু সৰ্বাংগীন বৈষ্ণৱ ধৰ্মই বংগ আৰু ভাৰতৰ আত্মাৰ আধ্যাত্মিক স্থাপত্য হৈ পৰিল।
দুটা শতিকাৰ পাছত সেই একেটা আত্মাই বাউল পৰম্পৰাত নিজৰ পাৰ্থিৱ পৰিপূৰক বিচাৰি পালে— য’ত কোনো জাতিৰ সাজপাৰ, কোনো শাস্ত্ৰ অবিহনে “মনেৰ মানুষ” অৰ্থাত হৃদয়ৰ মানুহবোৰৰ বিষয়ে গান গোৱা হৈছিল। তেওঁলোকৰ ভিতৰত কোনো ধৰ্মই আকোৱালি ল’ব নোৱাৰা আৰু প্ৰতিটো পৰম্পৰাই আকোৱালি লোৱা ব্যক্তি লালন ফকিৰতকৈ উজ্জ্বলভাৱে কোনো জিলিকি উঠা নাছিল। তেওঁ এগৰাকী হিন্দু নে মুছলমান? কোনেও ক’ব পৰা নাছিল আৰু কোনেও জনাৰ প্ৰয়োজনবোধ কৰা নাছিল। এই সুষম প্ৰতিভাধৰগৰাকী আছিল বাঙালী, যিটো পৰিচয় কেৱল সদায় সজীৱ আহিছে।
বিগত তিনিটা শতিকাত বংগই ভাৰতৰ নৈতিক জাগৰণত অংশগ্ৰহণ কৰাই নহয়, ভাৰতক আগুৱাই লৈ গৈছে। ৰাজা ৰামমোহন ৰায়ে নিজৰ ৰীতি-নীতিত কঠোৰ আৰু দুৰ্নীতিগ্ৰস্ত হৈ পৰা সমাজ এখন দেখি পৰম্পৰা পৰিত্যাগ বা অন্ধভাৱে ইয়াৰ ওচৰত আত্মসমৰ্পণ কৰাটো বাছি লোৱা নাছিল। তেওঁ ইয়াৰ সংস্কাৰ কৰিছিল, সতীদাহ প্ৰথা বিলুপ্তিৰ বাবে যুঁজিছিল আৰু নিজকে পুনৰ উদ্ভাৱন কৰিবলৈ অন্তৰ্দৃষ্টিত জোৰ দিছিল। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে সেই শিখা আৰু আগুৱাই লৈ গৈছিল, বিশেষকৈ মহিলাসকলৰ বাবে শিক্ষাক তেওঁলোকৰ মুক্তিৰ আহিলা কৰি তুলিছিল।
বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে দেশবাসীক প্ৰথমখন মহান উপন্যাস উপহাৰ দিছিল, য’ত লিপিবদ্ধ বন্দে মাতৰম গীতটিৰে এক শতিকা ধৰি স্বাধীনতা সংগ্ৰামীসকলৰ মাজত অনুৰণন ঘটিছিল আৰু এতিয়াও প্ৰতিজন ভাৰতীয়ৰ মুখে মুখে গুঞ্জৰিত হৈ আহিছে। বংগই ভাৰতক প্ৰথমগৰাকী মহিলা চিকিৎসক ডাঃ কাদম্বিনী গাংগুলীকো প্ৰদান কৰিছিল, যিয়ে নাৰীক স্বাৱলম্বীতা আৰু স্বাধীনতাৰ দিশত অনুপ্ৰাণিত কৰিছিল। ড° শ্যামা প্ৰসাদ মুখাৰ্জী ভাৰতৰ ঐক্যৰ বাবে প্ৰাণ আহুতি দিয়া এজন সবল জাতীয়তাবাদী আছিল।
হয়তো বংগৰ সকলো অসাধাৰণ মন আৰু মহান আত্মাৰ ভিতৰত স্বামী বিবেকানন্দ আটাইতকৈ উজ্জ্বল, প্ৰবুদ্ধ আৰু বিদগ্ধ ব্যক্তি আছিল। ১৮৯৩ চনত বিশ্ব ধৰ্মৰ সংসদত স্বামী বিবেকানন্দই দিয়া ঐতিহাসিক ভাষণত তেওঁ হিন্দু ধৰ্মৰ মহত্ত্ব বিশ্ববাসীৰ আগত প্ৰকাশ কৰি ধৰ্ম সহনশীলতা আৰু ধৰ্মান্ধতাৰ অন্ত পেলাবলৈ আহ্বান জনাইছিল। কিন্তু ঘৰলৈ উভতি আহোঁতে তেওঁ নিজৰ মানুহবোৰক এটা অপ্ৰিয় সত্য কথা ক’লে যে শক্তিবিহীন আধ্যাত্মিকতা হৈছে আৱেগিকতা, ভোকাতুৰ মানুহক দৰ্শন শিকাব নোৱাৰি, দেৱীক কেৱল মন্দিৰতে নহয়, নাৰীৰ মাজত, দুখীয়াৰ মাজত, দেশৰ মাজতেই পূজা কৰিব লাগিব।
এয়াই হৈছে বংগ। ই সদায় এনেকুৱাই আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বংগক এই দৃষ্টিৰেই প্ৰত্যক্ষ কৰে। যি আছিল, সেইটোৰ বাবে তেওঁ পিছলৈ ঘূৰি চোৱা নাই; নিশ্চিতভাৱে এখন বিদেশীয়ে দপদপাই থকা ভূমিৰ পৰিৱৰ্তে বংগক সভ্যতামূলক নিদ্ৰাৰ পৰা পুনৰ জাগ্ৰত কৰি নিজৰ সম্পূৰ্ণ সম্ভাৱনা অৰ্জন কৰিবলৈ তেওঁ আগ্ৰহী।
দীৰ্ঘদিন ধৰি বংগৰ বৌদ্ধিক আৰু ৰাজনৈতিক শ্ৰেণীৰ একাংশ লোকে তেওঁলোকৰ নিজৰ সভ্যতাৰ উত্তৰাধিকাৰক এক লজ্জাজনক বিষয় হিচাপে গণ্য কৰিছিল। এইবোৰ অতিক্ৰম কৰা, ব্যাখ্যা কৰা বা ঔপনিবেশিক মতাদৰ্শৰ দ্বাৰা প্ৰতিস্থাপন কৰা উচিত। ফলস্বৰূপে দশকজোৰা বিকাশৰ স্থবিৰতা, প্ৰতিষ্ঠানিক অৱক্ষয় আৰু যিসকলে ধৰ্মৰ কথা ক’বলৈ সাহস কৰিছিল, তেওঁলোকৰ মুখ বন্ধ কৰা আদি সংস্কৃতিয়ে বংগৰ বহুত্ববাদী আত্মাৰ বিৰোধিতাই কৰা নাছিল, বৰং সম্পূৰ্ণ কৰিছিল।
সদ্যসমাপ্ত পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলক কেৱল নিৰ্বাচনী জনাদেশ হিচাপেহে চোৱা অনুচিত। যিসকলে বংগক ইয়াৰ শিপা আৰু মূল্যবোধৰ পৰা বিচ্ছিন্ন কৰি পেলাইছে তেওঁলোকৰ বিৰুদ্ধে ই এক ৰাজহুৱা জনাদেশ হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচন কেতিয়াও ক্ষমতাৰ যুঁজ নাছিল। হৃত গৌৰৱ পুনৰুদ্ধাৰৰ এক পবিত্ৰ প্ৰচেষ্টা—এক যজ্ঞ আছিল।
বেলুৰ মঠৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ সম্পৰ্ক, স্বামী বিবেকানন্দৰ প্ৰতি তেওঁৰ সন্মান, সুশাসনক সেৱা হিচাপে, সেৱাক পূজা হিচাপে উপস্থাপন কৰা ইত্যাদিবোৰৰ ৰাজনৈতিক বক্তব্য নাছিল। সেইবোৰে বংগক নিজৰ অতীতৰ গৌৰৱ পুনৰুদ্ধাৰ কৰি গৌৰৱময় আৰু সুৰক্ষিত ভৱিষ্যতলৈ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। সেইবোৰ হৈছে ‘প্ৰধান ধৰ্ম’ অনুসৰণ কৰা এজন ‘প্ৰধান সেৱক’ৰ উদাহৰণ।
বংগ পুনৰুদ্ধাৰৰ বাবে চৈতন্য মহাপ্ৰভুৰ গীত গোৱা ঘাটসমূহৰ কাষে কাষে বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিব। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে সপোন দেখা বিদ্যালয়সমূহৰ বাবে ধন আগবঢ়াব লাগিব। যুগ যুগ ধৰি ভাৰতক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱা দেশত উৎকৃষ্ট বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব লাগিব। পশ্চিমবংগৰ সকলো জনজাতীয় ভাই-ভনীক মৰ্যাদা প্ৰদান কৰিব লাগিব। বংগৰ শাসকীয় দলৰ হাতত দীৰ্ঘদিন ধৰি মাহী আয়ে কৰাৰ দৰে নিৰ্যাতন ভুগি থকা পাহাৰীয়া অঞ্চলৰ জনসাধাৰণৰ আকাংক্ষাক গুৰুত্ব দিব লাগিব।
হে নুতন, হে নতুন পুৰুষ-নিজকে পুনৰবাৰ প্ৰকট কৰা। এই প্ৰাৰ্থনাৰে প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশনাত আৰু বংগৰ প্ৰতিগৰাকী ল’ৰা-ছোৱালীৰ আশীৰ্বাদত বংগৰ প্ৰথমখন বিজেপি চৰকাৰে এতিয়া নিজৰ ‘সেৱা’ পালন কৰিব। যোৱা অৰ্ধশতিকাত কিছু সময়ৰ বাবে এনে লাগিছিল যেন বংগৰ ভাল দিনবোৰ পিছ পৰি আছে। আজি আগন্তুক সমৃদ্ধি আৰু শান্তিৰ এক নতুন জীৱনৰ প্ৰতিশ্ৰুতিৰে ইয়াৰ পুনৰ জন্ম হৈছে।
(লেখক কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী)