নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কষ্টাৰিকাৰ ৫০সংখ্যক ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণত অংশগ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটাৰ

কষ্টাৰিকাৰ পঞ্চাশতম ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাদ’ৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতবৰ্ষৰ হৈ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে। দেশখনৰ ৰাজধানী চান হোচেত আয়োজিত এই অনুষ্ঠানত বিশ্বৰ বহুকেইখন দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী তথা উচ্চস্তৰীয় প্ৰতিনিধি মণ্ডলে ভাগ লৈছিল।

শপতগ্ৰহণৰ পিছত ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজক সাক্ষাৎ কৰি ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ শুভেচ্ছা পত্ৰ প্ৰদান কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদী তথা ভাৰতবাসীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে পৰবৰ্তী সময়ত বিদেশ ৰাজ্য মন্ত্ৰী মাৰ্ঘেৰিটাই দেশখনৰ বিদেশমন্ত্ৰীৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে আন তিনিখন ৰাষ্ট্ৰতো চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

ডিজিটেল ডেস্ক, ৯ মে’

You might also like