নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানক হৰুৱাই দ্বিতীয় স্থানলৈ উন্নীত গুজৰাট টাইটানছ

ডিজিটেল ডেস্ক, ১০ মে’ : গুজৰাট টাইটানছে চলিত আইপিএলৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে৷ প্রতিযোগিতাখনৰ শনিবাৰে জয়পুৰত অনুষ্ঠিত মেচখনত গুজৰাটে ঘৰুৱা দল ৰাজস্থান ৰয়েলছক ৭৭ ৰানত পৰাস্ত কৰে ৷ গুজৰাটৰ এয়া আছিল সপ্তম জয়৷ দলটোৱে এতিয়ালৈকে ১১খন মেচ খেলি ১৪ পইণ্ট সংগ্রহ কৰি দ্বিতীয় স্থানটো অধিকাৰ কৰে৷ বিপৰীতে ৰাজস্থানৰ এয়া আছিল পঞ্চম পৰাজয়৷ ৰাজস্থানে ১১খন মেচৰ পৰা ১২ পইণ্ট অর্জন কৰি পঞ্চম স্থানলৈ অৱনমিত হৈছে৷

মেচখনত গুজৰাটে জয়ৰ বাবে বান্ধি দিয়া ২৩০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰবীন্দ্র জাদেজাৰ ৩৮ আৰু বৈভৱ সূর্যবংশীৰ ৩৬ ৰানৰ সহায়ত ৰাজস্থানে ১৬.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫২ ৰান কৰে৷ জয়ছোৱালে ৩, জুৰেলে ২৪, হেটমায়াৰে ৬ আৰু ড’ন’ভানে ৪ ৰান কৰে৷ হেমষ্ট্রিঙৰ আঘাতৰ বাবে শনিবাৰে ৰিয়ান পৰাগে অংশ লোৱাৰ পৰা বিৰত থাকে৷

গুজৰাটৰ হৈ ৰছিদ খান আৰু মহম্মদ ছিৰাজে ৪টাকৈ উইকেট লয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰদ্বয় সাই সুদর্শন আৰু শুভমন গিলৰ দর্শনীয় অর্ধশতকৰ সহায়ত গুজৰাটে নির্ধাৰিত ২০ অভাৰত ৪ উইকেটত ২২৯ ৰান কৰে৷ ইনিংছ মুকলি কৰি সুদর্শন আৰু অধিনায়ক গিলে দলক সুন্দৰ আৰম্ভণি দিয়ে৷ দুয়োৰে মাজত প্রথম উইকেটত ১১৮ ৰান সংগ্রহ হোৱাৰ সময়তে সুদর্শনে বিদায় লয়৷ ব্যক্তিগত ৫৫ ৰানত বিদায় লয় সুদর্শনে৷

ইফালে, গিলে ৪৪টা বলত ৯টা চাৰি আৰু তিনিটা ছয়েৰে ৮৪ ৰান কৰে৷ বাটলাৰে ১৩, জেছন হল্ডাৰে ৭ ৰান কৰি বিদায় লয় যদিও ৱাশ্বিংটন সুন্দৰে ২০ বলত ৩৭ আৰু ৰাহুল টেৱাটিয়াই ৪ বলত ১৪ ৰান কৰি অপৰাজিত হৈ থাকে৷

You might also like