ডিজেটেল ডেস্ক, ১০ মে’ : দীর্ঘদিনীয়া প্রতীক্ষাৰ অন্তত অসমৰ মৌৱে আৰম্ভ কৰিলে বিশ্বমুখী যাত্রা৷ অসম চৰকাৰৰ কৃষি বিভাগৰ প্রচেষ্টা তথা ‘এপিডা’ৰ সহযোগত শনিবাৰে বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত ২০ মেট্রিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্রলৈ ৰপ্তানি কৰা হয়৷ কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজোৰিয়াই খানাপাৰাৰ কৃষি ভৱনত আয়োজিত এক অনুষ্ঠানত এই কার্যসূচীৰ আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰে৷
উল্লেখ্য যে বাক্সা জিলাৰ পাঁচ শতাধিক কৃষকৰ পৰা এই ২০ মেট্রিক টন মৌ সংগ্রহ কৰা হয়৷ এপিডাৰ পঞ্জীয়নভুক্ত ৰপ্তানিকাৰী ছল্ট ৰেঞ্জ ফুড্ছ প্রাইভেট লিমিটেডৰ জৰিয়তে বৃহৎ পৰিমাণৰ এই মৌখিনি আমেৰিকালৈ ৰপ্তানি কৰে৷ কৃষি বিভাগৰ আয়ুক্ত সচিব ৰাজোৰিয়াই এই সন্দর্ভত কয় যে অকল বাক্সাই নহয়, অসমৰ বহু অঞ্চলত মৌৰ উৎপাদন হৈ আছে৷ ‘এক জিলা এক সামগ্রী’ প্রকল্পৰ অধীনত প্রথমবাৰলৈ বাক্সা জিলাৰ পৰা ২০ মেট্রিক টন মৌ আমেৰিকালৈ পৰীক্ষামূলকভাৱে প্রেৰণ কৰা হৈছে৷ পৰৱর্তী সময়ত এই পৰিমাণ বৃদ্ধি হোৱাৰ লগতে ৰাজ্যৰ আন জিলাবোৰো এই প্রকল্পৰ অধীনত অন্তর্ভুক্ত হ’ব বুলি আমি আশা প্রকাশ কৰিছোঁ৷ এই পদক্ষেপৰ জৰিয়তে স্থানীয় বজাৰতকৈ উন্নত মূল্য কৃষকে লাভ কৰিব বুলিও তেওঁ লগতে কয়৷
তেওঁ কয় যে অসমৰ আন প্রান্ততো বহু পৰিমাণে মৌ উৎপাদন হয় যদিও উপযুক্ত মানৰ অভাৱত কৃষকে উচিত মূল্য লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ এপিডাৰ জৰিয়তে মৌপালকসকলক উন্নত মানৰ প্রশিক্ষণ দি উৎপাদিত মৌৰ গুণগত মান বৃদ্ধিৰ চেষ্টা কৰা হৈছে৷
মন কৰিবলগীয়া যে বহু যুগ ধৰি অসমৰ খিলঞ্জীয়া জনগোষ্ঠী যেনে– বড়ো, কার্বি, মিচিং আদি জনজাতিৰ লোকে মৌপালন কৰি আহিছে৷ খাদ্য–দৰবৰ লগতে সাংস্কৃতিক আৰু ধর্মীয় পৰম্পৰাতো বহুলভাৱে মৌ ব্যৱহূত হৈ আহিছে৷ অসমৰ চহকী জৈৱ–বৈচিত্র্য, বনজ সম্পদ তথা দীর্ঘম্যাদী মৌপালনৰ পৰম্পৰাৰ বাবে মৌ উৎপাদনৰ ক্ষেত্রত বহু সম্ভাৱনা আছে৷ ৰাজ্যৰ ভিতৰতে বিটিচিৰ বাক্সা, কোকৰাঝাৰ, চিৰাং, ওদালগুৰি আৰু তামুলপুৰ সর্ববৃহৎ মৌ উৎপাদক জিলা৷
ৰাষ্ট্রীয় উদ্যান শস্য পৰিষদৰ শেহতীয়া তথ্য মতে, বিগত ২০২৩–২৪ বিত্তীয় বর্ষত অসমে প্রায় ১,৬৫০ মেট্রিক টন মৌ উৎপাদন কৰিছে৷ গতিকে কালিৰ এই পদক্ষেপে ৰাজ্যৰ মৌপালকসকলক উৎসাহিত কৰি মৌপালনৰ ক্ষেত্রত স্বাৱলম্বী কৰি তুলিব বুলি আশা প্রকাশ কৰিছে চৰকাৰে৷