শ্রীলংকা ক্রিকেট ব’র্ডে কৰিলে এটা অদ্ভুত নিয়ম৷ দেশৰ ঘৰুৱা লীগ অর্থাৎ শ্রীলংকা প্রিমিয়াৰ লীগত পঞ্জীয়ন কৰিবলৈ এতিয়া ক্রিকেট খেলাৰ অভিজ্ঞতা থকাটোৱেহ যথেষ্ট নহয়৷ ক্রিকেটাৰসকলেও ছ’চিয়েল মিডিয়াত তাৰকা হ’ব লাগিব৷ তেতিয়াহে তেওঁলোকে লীগত খেলাৰ সুযোগ পাব৷
অৱশ্যে এই নিয়ম কেৱল বিদেশী ক্রিকেটাৰৰ বাবেহে৷ ঘৰুৱা ক্রিকেটাৰে ইয়াক অনুসৰণ কৰিব নালাগিব৷ শ্রীলংকা প্রিমিয়াৰ লীগে প্রৱর্তন কৰা নতুন নিয়মত উল্লেখ আছে যে কেৱল ক্রিকেটৰ মাপকাঠীৰ ওপৰত ভিত্তি কৰিয়েহ বিদেশী ক্রিকেটাৰক বিবেচনা কৰা নহ’ব৷
প্রতিযোগিতাখনৰ সর্বোচ্চ আইকন শাখাত স্থান পাবলৈ হ’লে সেই ক্রিকেটাৰজনৰ ৭৫খন আন্তঃৰাষ্ট্রীয় টি–২০, বিভিন্ন দেশৰ লীগত ১০০খনতকৈও অধিক মেচ আৰু যোৱা ডেৰ বছৰত কমেও ৩০খন টি–২০ মেচ খেলাৰ অভিজ্ঞতা থাকিব লাগিব৷
ইয়াৰ লগতে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ ২,৫০,০০০ৰো অধিক ফ’ল’ৱাৰ থাকিব লাগিব৷ তেতিয়াহে তেওঁলোকক সুযোগ দিয়া হ’ব৷ কেৱল সর্বোচ্চ শিতানটোৱেহ নহয়, ইয়াৰ তলৰ ষ্টাৰ শিতানতো ছ’চিয়েল মিডিয়াত ২ লাখ ৫০ হাজাৰতকৈ অধিক অনুগামী থকাৰ নিয়ম আছে৷
ইয়াৰ উপৰি ক্রিকেটাৰসকলে কমেও ৫০খন আন্তঃৰাষ্ট্রীয় টি–২০ খেলাৰ অভিজ্ঞতা থাকিব লাগিব, বিভিন্ন দেশৰ লীগত ১০০খনতকৈও অধিক মেচ খেলাৰ অভিজ্ঞতা থাকিব লাগিব আৰু যোৱা ডেৰ বছৰত কমেও ৩০খন টি–২০ মেচ খেলাৰ অভিজ্ঞতা থাকিব লাগিব৷
সোণৰ শাখাত কিছু শিথিল কৰা হৈছে নিয়ম৷ এই শাখাত স্থান পাবলৈ হ’লে বিদেশী ক্রিকেটাৰসকলে কমেও ৩০খন আন্তঃৰাষ্ট্রীয় টি–২০, বিভিন্ন দেশৰ লীগত ৭০খনতকৈ অধিক মেচ আৰু যোৱা ডেৰ বছৰত কমেও ২০খন টি–২০ মেচ খেলাৰ অভিজ্ঞতা থাকিব লাগিব৷
ইয়াৰ উপৰি ছ’চিয়েল মিডিয়াত তেওঁলোকৰ ১ লাখ ৫০ হাজাৰতকৈ অধিক ফ’ল’ৱাৰ থাকিব লাগিব৷ বিদেশী ক্রিকেটাৰৰ সর্বনিম্ন শ্রেণী ক্লাছিক শিতানত স্থান পাবলৈ হ’লে ক্রিকেটাৰসকলে কমেও ২০খন আন্তঃৰাষ্ট্রীয় টি–২০ খেলাৰ অভিজ্ঞতা থাকিব লাগিব, বিভিন্ন দেশৰ লীগত ৫০খনতকৈও অধিক মেচ খেলাৰ অভিজ্ঞতা থাকিব লাগিব আৰু যোৱা ডেৰ বছৰত কমেও ২০খন টি–২০ মেচ খেলাৰ অভিজ্ঞতা থাকিব লাগিব৷
তদুপৰি ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বহুসংখ্যক ফ’ল’ৱাৰ থকাৰ প্রমাণো দিব লাগিব৷ এই শিতানত কোনো নির্দিষ্টসংখ্যক অনুসৰণকাৰী দিয়া হোৱা নাই৷ কিন্তু শ্রীলংকা ক্রিকেট ব’র্ডে ছ’চিয়েল মিডিয়া নিয়ম কার্যকৰী কৰাৰ একমাত্র কাৰণ হ’ল লীগৰ প্রমোচন আৰু ব্যৱসায়িক দিশ৷ খেলিবলগীয়া ক্রিকেটাৰসকলৰ যদি অধিক অনুগামী থাকে তেন্তে লীগৰ প্রমোচনো অধিক হ’ব৷ সেইটো ব্যৱহাৰ কৰিলে আর্থিক লাভ হ’ব৷ ইয়াৰ দ্বাৰা শ্রীলংকা ক্রিকেট ব’ৰ্ড উপকৃত হ’ব৷ সেইবাবেই তেওঁলোকে এই সিদ্ধান্ত লৈছে৷
ডিজিটেল ডেস্ক, ১১ মে’