নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশক সাক্ষী কৰি আজি শপত ল’ব ড০ হিমন্ত বিশ্ব শর্মাই

ডিজিটেল ডেস্ক, ১২ মে’ : ২৬ বছৰীয়া দীঘলীয়া ৰাজনৈতিক পৰিক্রমাক আগুৱাই নি আজি দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্রী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শর্মাই৷ ২০০১ চনত জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক নির্বাচিত হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলা ড০ শর্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে অকংগ্রেছী চৰকাৰৰ মুখ্যমন্ত্রী পদত আজি অধিষ্ঠিত হ’ব৷ কার্যতঃ আজিপ শপতগ্রহণৰ বাবে সমগ্র দেশৰ দৃষ্টি নিবদ্ধ হৈছে অসমৰ ওপৰত৷ কার্যতঃ দেশৰ দ্বিতীয় ৰাজধানীত পৰিণত কৰি গুৱাহাটীত ৰাজনীতিৰ মহাতাৰকাৰ পৰা ঔদ্যোগপতিৰ সমাহাৰ ঘটিছে। প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, বিত্তমন্ত্রী নির্মলা সীতাৰমণ, জে পি নাড্ডা, শিৱৰাজ সিং চৌহানকে আদি কৰি কেন্দ্রীয় মন্ত্রীসভাৰ কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্রীৰ লগতে শপতগ্রহণ অনুষ্ঠানৰ অতিথিৰূপে গুৱাহাটীত উপস্থিত হৈছে দেশৰ ২২গৰাকী মুখ্যমন্ত্রী, উপ–মুখ্যমন্ত্রী৷

উল্লেখ্য যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি পুৱা ১১.৪০ বজাত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ড০ শর্মাক মুখ্যমন্ত্রীৰূপে শপত বাক্য পাঠ কৰোৱাব৷ ইয়াৰ লগে লগে অসমৰ বাবে সৃষ্টি হ’ব এক ঐতিহাসিক দিন৷ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে অধিষ্ঠিত হ’ব লগা ড০ হিমন্ত বিশ্ব শর্মাৰ এই শপতগ্রহণ অনুষ্ঠানৰ সাক্ষী হ’ব সমগ্র দেশ৷ সদ্যসমাপ্ত নির্বাচনত বিৰোধীক বিধ্বস্ত কৰি ১০২খন আসনেৰে এনডিএৰ বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা ড০ শর্মাৰ এই বিজয়ৰ লগে লগে নিশ্চিত কৰিছিল দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হোৱাটো৷

মন কৰিবলগীয়া যে আজি ১১.৪০ বজাৰ সময় হ’ব ৰাজ্যবাসীৰ বাবে, ড০ হিমন্ত বিশ্ব শর্মাৰ বাবে মাহেন্দ্র ক্ষণ৷ শপতগ্রহণ অনুষ্ঠানৰ বাবে বাস্তু বিধি অনুসৰি খানাপাৰা খেলপথাৰত নির্মাণ কৰা হৈছে বিশেষ মঞ্চ৷ সমান্তৰালভাৱে শপতগ্রহণৰ বাবে নির্ধাৰণ কৰা হৈছে শুভ সময়৷ ১১.৪০ বজাৰ এই শুভ সময়তে শপত ল’ব ড০ শর্মাই৷

উল্লেখ্য যে চলিত বর্ষৰ ১২ মে’, মঙলবাৰৰ দিনটোৰ পুৱা ১১.৪০ বজাৰ পৰা ১২.৪৫ বজাৰ এই সময়ছোৱা হ’ল শুভ সময় তথা অভিজিৎ মুহূর্তৰ সৈতে মিলি যোৱা সময়৷ যিকোনো নতুন আৰু গুৰুত্বপূর্ণ কাম কৰাৰ বাবে ইয়াক দিনটোৰ আটাইতকৈ শুভ আৰু শক্তিশালী সময় বুলি গণ্য কৰা হৈছে৷ কৃষ্ণ পক্ষৰ দশমী তিথিৰ এই দিনটো আটাইতকৈ শুভ বুলি ইতিমধ্যে জ্যোতিষশাস্ত্রই কৰা বর্ণনা অনুসৰিয়েই আজি ১১.৪০ বজাত শপতবাক্য ল’ব মুখ্যমন্ত্রী ড০ শর্মাই৷

মন কৰিবলগীয়া যে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রীৰূপে অধিষ্ঠিত হ’ব লগা ড০ শর্মাৰ শপতগ্রহণ অনুষ্ঠানৰ বাবে মা কামাখ্যা দেৱালয়, বটদ্রৱা থান আৰু ৰংঘৰৰ আর্হিত সজোৱা হৈছে বিশাল মঞ্চ৷ এই মঞ্চত প্রতিফলিত হ’ব অসমৰ সাতামপুৰুষীয়া কৃষ্টি–সংস্কৃতি তথা আধ্যাত্মিকতা৷ এই শুভক্ষণত মুখ্যমন্ত্রীক আশীর্বাদ দিবলৈ উপস্থিত থাকিব ৰাজ্যৰ একাধিক সত্রাধিকাৰ–গুৰুসকল৷ সমান্তৰালভাৱে অনুষ্ঠানৰ সাক্ষী হৈ ৰ’ব নিমন্ত্রিত তিনি কুৰিতকৈও অধিক বিশিষ্ট ব্যক্তি–মুখ্যমন্ত্রী, উপ–মুখ্যমন্ত্রী আৰু দলৰ জ্যেষ্ঠ নেতাসকল৷

আনহাতে, তৃতীয়বাৰৰ বাবে অসমত এনডিএ চৰকাৰ গঠনৰ এই শুভক্ষণত অংশ ল’বলৈ সোমবাৰে নিশা ১০.৩০ বজাত গুৱাহাটীত উপস্থিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ প্রধানমন্ত্রী মোদীৰ আগমনৰ পূর্বে গুৱাহাটীত উপস্থিত হয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, বিত্তমন্ত্রী নির্মলা সীতাৰমণ, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, শিৱৰাজ সিং চৌহানকে ধৰি কেইবাজনো কেন্দ্রীয় মন্ত্রী৷

You might also like