নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়কৰূপে ২৫ বছৰ পূর্ণ, আপোনালোকৰ সেৱাৰ ৰূপালী যাত্রা

🔹 ড০ হিমন্ত বিশ্ব শর্মা

২৫ বছৰ৷ এটা ৰাজনৈতিক যাত্রাৰ নাম নহয়, এয়া হৈছে বিশ্বাস, আশীর্বাদ আৰু জনসেৱাৰ এক আৱেগিক অধ্যায়৷ ২০০১ চনত জালুকবাৰীৰ মোৰ প্রিয় সন্মানীয় জনসাধাৰণে এজন সাধাৰণ কর্মীৰ হাতত যি বিশ্বাসৰ পতাকা তুলি দিছিল, সেই বিশ্বাসক বুকুত লৈ আজি পুনৰ মুখ্য সেৱক হিচাপে অসমক সেৱা কৰাৰ সুযোগ লাভ কৰাটো মোৰ বাবে এক গভীৰ আৱেগৰ মুহূর্ত৷ বিধানসভাৰ প্রথমটো দিনৰ পৰা আজিলৈ প্রতিটো সংগ্রাম, প্রতিটো সিদ্ধান্ত, প্রতিটো সফলতাৰ আঁৰত আছে অসমৰ জনতাৰ মৰম, আশীর্বাদ আৰু অগাধ আস্থা৷ এই ২৫ বছৰত মই কেৱল ৰাজনীতি কৰা নাই, অসমবাসীৰ সুখ–দুখ, আশা–আকাংক্ষা আৰু সপোনৰ লগত নিজকে সম্পৃক্ত কৰিবলৈ অহৰহ চেষ্টা কৰিছোঁ৷ বিধায়ক হোৱাৰ আজিৰ এই ২৫ বছৰীয়া বিশেষ দিনটোত পুনৰ এবাৰ প্রতিশ্রুতি দিছোঁ– আমৃত্যু আই অসমী আৰু আই ভাৰতীৰ সেৱাত নিজকে উৎসর্গা কৰি যাম৷ জালুকবাৰী মোৰ শক্তি৷ অসমবাসী মোৰ প্রেৰণা৷ আপোনালোকৰ আশীর্বাদেই মোৰ আটাইতকৈ ডাঙৰ সম্পদ৷ যোৱা ২৫ বছৰত আপোনালোকৰ যি মৰম–চেনেহ, আশীর্বাদ–আস্থা লাভ কৰিলোঁ, অনাগত দিনৰ প্রতিটো খোজতেই ইয়াতকৈ দুগুণ মৰম বুটলিবলৈ মই সেৱা কৰি যাম৷ এয়াই এই জীৱনৰ বজ্রকঠোৰ সিদ্ধান্ত৷

You might also like