নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পাছতে বটদ্ৰৱাত মুখ্যমন্ত্ৰী ড০ শৰ্মা

ডিজিটেল ডেস্ক, বটদ্ৰৱা, ১৫ মে’ : দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পাছতে শুকুৰবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই জাতীয় সাজ পৰিধান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বটদ্ৰৱা থানত উপস্থিত হয়। পোনে পোনে তেওঁ থানৰ কীৰ্তনঘৰত সেৱা লয়। কীৰ্তনঘৰৰ ভকত-বৈষ্ণৱে আশীৰ্বাদ প্ৰদান কৰে।

পাছত বটদ্ৰৱা থানৰ নাটঘৰত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ হৈ সভাপতি অম্লান জ্যোতি দেৱ গোস্বামী, উপ-সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, কাৰ্যকৰী সভাপতি গোবিন চন্দ্ৰ দাসকে আদি কৰি সদস্যসকলে সম্বৰ্ধনা জনায়। বটদ্ৰৱাৰ স্থানীয় দল-সংগঠনেও তেওঁক সম্বৰ্ধনা জনায়। তাতে তেওঁ ভকত-বৈষ্ণৱক উদ্দেশ্যি ভাষণ প্ৰদান কৰি কয় যে বটদ্ৰৱা থানখনক বিশ্ব ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে কাম কৰি যাব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন অসমৰ কল্পনা কৰিছিল, সেইখন অসম গঢ়াৰ বাবে কাম কৰি যাব বুলি প্ৰকাশ কৰে।

পাছত তেওঁ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয়ত সমিতিৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে বটদ্ৰৱা থান সংযোগী শলগুৰি সত্ৰ আৰু নৰোৱা সত্র সংযোগী পথছোৱা যথেষ্ট ঠেক হোৱাৰ পৰিপ্ৰেক্ষিতত যান-জঁট সৃষ্টি হোৱাৰ বিষয়, বটদ্ৰৱা থান চৌহদত খোৱাপানীৰ সমস্যা, পানী নিষ্কাশনৰ ব্যবস্থা, দৌল মন্দিৰ আৰু সতী ৰাধিকা স্মৃতি ক্ষেত্ৰৰ উন্নয়ন আদি সমস্যা সমাধান আৰু উন্নয়নৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সকলো সমস্যা সমাধান আৰু উন্নয়নৰ বাবে কাম আৰম্ভ কৰা হ’ব বুলি প্ৰকাশ কৰে।

You might also like