নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰীৰ অভিযোগৰ ভিত্তিত তেজপুৰত শিক্ষক গ্ৰেপ্তাৰ

তেজপুৰৰ এখন ঐতিহ্যমণ্ডিত চৰকাৰী বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীৰ অভিযোগৰ ভিত্তিত বিদ্যালয়খনৰ এজন শিক্ষকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

উল্লেখযোগ্য যে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ এজন শিক্ষক শুভজ্যোতি শৰ্মাৰ বিৰুদ্ধে বিদ্যালয়খনৰ একাদশ শ্ৰেণীত অধ্যয়নৰত দুগৰাকী ছাত্ৰীয়ে  নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে৷

এই অভিযোগৰ ভিত্তিতে যোৱানিশা অভিযুক্ত শিক্ষকজনক শালনীবাৰী আৰক্ষীয়ে আটক কৰে৷ একাদশ শ্ৰেণীত অধ্যয়নৰত দুইগৰাকী ছাত্ৰীৰ শৰীৰত স্পৰ্শ কৰাৰ অভিযোগ উত্থাপন হোৱা শিক্ষকজনক পাছত আৰক্ষীয়ে ২৫২/২৬ নম্বৰ গোচৰৰ বিপৰীতে পকচ’ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে ৷

বাৰ্তা ব্যুৰ’, তেজপুৰ, ১৭ মে’

You might also like