৫৭ গছি বন্তি প্ৰজ্বলন কৰি তিতাবৰৰ ৰাইজে এক বিশেষ আধ্যাত্মিক আৰু উৎসৱমুখৰ পৰিৱেশৰ মাজত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আন্তৰিক শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰে।
একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰা হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জ্ঞাপনৰ উপলক্ষে আয়োজন কৰা এই কাৰ্যসূচীয়ে তিতাবৰৰ জনমানসত আনন্দ আৰু আশাৰ নতুন সঞ্চাৰ ঘটায়।
অনুষ্ঠানত উপস্থিত তিতাবৰবাসী ৰাইজে বন্তি প্ৰজ্বলনৰ মাধ্যমেৰে মুখ্যমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য, দীঘায়ু আৰু সৱল নেতৃত্ব কামনা কৰে। তেওঁৰ মাৰ্গদৰ্শনত অসমে উন্নয়ন আৰু অগ্ৰগতিত এক নতুন মাত্ৰা লাভ কৰিব বুলিও আশা প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যখনৰ লগতে তিতাবৰো উন্নয়ন আৰু বিকাশৰ নতুন পথত আগবাঢ়িব আৰু এখন উন্নত, প্ৰগতিশীল আৰু আত্মনিৰ্ভৰশীল তিতাবৰ গঢ়ি তুলিবলৈ সকলো স্তৰৰ ৰাইজ ঐক্যবদ্ধভাৱে আগবাঢ়িবলৈ সংকল্পবদ্ধ বুলি অনুষ্ঠানত উপস্থিত লোকে মত প্ৰকাশ কৰে।
উল্লেখ্য যে, তিতাবৰৰ শ্রী শ্রী কমলাবাৰী সত্ৰৰ বুঢ়াভকত সোণাৰাম শৰ্মাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, তিতাবৰৰ নৱ নিৰ্বাচিত বিধায়ক ধীৰাজ গোৱালা, খণ্ড উন্নয়ন বিষয়া শিখামণি গগৈৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
সমগ্ৰ অনুষ্ঠানটোত এক সৌহার্দ্যপূর্ণ পৰিৱেশ বিৰাজ কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বৰ প্ৰতি তিতাবৰবাসীৰ আস্থা আৰু সমৰ্থনৰ স্পষ্ট প্ৰতিফলন পৰিলক্ষিত হয়।
নিয়মীয়া বাৰ্তা, তিতাবৰ, ১৭ মে’