ইডেনত বিশাল স্কৰ KKR-ৰ, স্তব্ধ গুজৰাটৰ বিজয়ৰথ
IPL 2026ৰ ৬০ সংখ্যক মেচত কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক ২৯ ৰানত পৰাস্ত কৰে। প্রথমে বেটিং কৰি কলকাতাই আৰম্ভণিৰে পৰা গুজৰাটৰ বলাৰসকলক তীব্র প্রহাৰ কৰে৷
অ’পেনাৰ ফিন এলেনে মাত্র ৩৫টা বলতে ১০টা ছয়, ৪টা চাৰিৰে ৯৩ ৰানৰ বিস্ফোৰণ ইনিংছ খেলে৷ উদীয়মান খেলুৱৈ অংকুশ ৰঘুবংশীয়ে ৪৪টা বলত ৮২ ৰানৰ লগতে কেমেৰুন গ্রিনে ২৮টা বলত ৫২ ৰান কৰে৷
দলটোৱে ২ উইকেট হেৰুৱায় ২৪৭ ৰান সংগ্রহ কৰে৷ ইফালে ২৪৮ ৰানৰ বিশাল তথা কঠিন লক্ষ্য আগত লৈ বেটিং কৰিবলৈ নমা গুজৰাট টাইটানছেও তীব্র যুঁজ দিয়া পৰিলক্ষিত হয়৷
অধিনায়ক শুভমন গিল আৰু সাই সুদর্শনে দলটোক সুন্দৰ আৰম্ভণি দিয়ে৷ সুদর্শনে আঘাতপ্রাপ্ত হৈ ক্রীজ এৰাৰ পিছত জ’ছ বাটলাৰৰ গিলে সৈতে দলটোক আগুৱাই নিছিল যদিও নির্ধাৰিত অভাৰত ২১৮ ৰানহে কৰিবলৈ সক্ষম হয়৷ গিলে ৮৫ ৰান আৰু বাটলাৰে ৫৭ ৰানৰ বৰঙণি আগবঢ়ায় যদিও দলটো ২৯ ৰানত পৰাস্ত হয়৷
ডিজিটেল ডেস্ক, ১৭ মে’