বিৰোধী দলপতি : চর্চাত ৱাজেদ জাকিৰ হুছেইন–ৰেকিবুদ্দিন-ৰছিদ আলমৰ নাম
ষষ্ঠদশ অসম বিধানসভাৰ বিৰোধী দলপতি কোন হ’ব? অহা ২১ মে’ৰ পৰা ২৬ মে’লৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগা অসম বিধানসভাৰ অধিৱেশনৰ প্রাক্ক্ষণত বিৰোধী দলপতিৰ প্রসংগ সর্বাধিক চর্চাৰ বিষয় হিচাপে পৰিগণিত হৈছে৷
১৯জন বিধায়ক থকা কংগ্রেছে সাংবিধানিকভাৱে বিৰোধীৰ মর্যাদা পাবনে? ইয়াকৈ লৈ চলি থকা নানা আলোচনাৰ মাজতে বিৰোধী দলপতি নির্বাচনক লৈ একপ্রকাৰ সংকটত পৰিছে কংগ্রেছ নেতৃত্ব৷
উল্লেখ্য যে সদ্যসমাপ্ত বিধানসভা নির্বাচনত শোচনীয় পৰাজয় হৈ কংগ্রেছ দলে মাত্র ১৯খন আসনহে দখল কৰিবলৈ সক্ষম হৈছিল৷ এনে অৱস্থাত কংগ্রেছে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মর্যাদা লাভ নকৰিব বুলি বিগত সময়ছোৱাত চলি থকা চর্চাৰ মাজতে বিধানসভাৰ পৰা আহিছে এক বিশেষ তথ্য৷
সেই অনুসৰি বিৰোধী দলপতিৰ মর্যাদা কংগ্রেছে লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ বিধানসভাৰ সচিব দুলাল পেগুৱে প্রকাশ কৰা অনুসৰি পূর্বে বিৰোধী দলপতিৰ মর্যাদা পাবলৈ ২১গৰাকী সদস্যৰ প্রয়োজন আছিল৷
কিন্তু সংশোধনীৰ জৰিয়তে এই সংখ্যা ১৩গৰাকীলৈ হ্রাস কৰা হৈছে৷ এনে অৱস্থাত কংগ্রেছে বিৰোধী দলপতিৰ মর্যাদা লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে যদিও বিৰোধী দলপতি দিয়া–নিদিয়া সন্দর্ভত অধ্যক্ষইহে চূড়ান্ত সিদ্ধান্ত ল’ব পাৰে৷ স্বাভাৱিকতে বিৰোধী দলৰ দলপতিৰ মর্যাদাক লৈ কংগ্রেছত এনে অৱস্থাত সংকট সৃষ্টি হোৱাই নহয়, দলপতিৰ দায়িত্ব কাক অর্পণ কৰিব, তাৰ বাবেও দলটোৰ ভিতৰচ’ৰাত দেখা দিছে সমস্যাই৷
যোৱা ৪ মে’ত নির্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত ১২টা দিন উকলি গ’ল যদিও এতিয়াও কংগ্রেছৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হোৱা নাই৷ বিধায়িনী দলৰ বৈঠক অবিহনে দলপতি বাছনি কৰাটো দলৰ বাবে সংকটৰ সৃষ্টি কৰাই নহয়, ২১ মে’ত অনুষ্ঠিত হ’বলগা অসম বিধানসভাৰ অধিৱেশনত কংগ্রেছক কোনে নেতৃত্ব দিব তাক লৈ কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই বিৰোধী দলটোৱে৷
অভিযোগ অনুসৰি ১৮জনকৈ সংখ্যালঘু বিধায়ক নির্বাচিত হোৱা কংগ্রেছত এতিয়া আৰম্ভ হৈছে ভয়ানক লবীকেন্দ্রিক ৰাজনীতি৷ যাৰ বাবে দলটোৱে এতিয়াও চূড়ান্ত কৰিব পৰা নাই দলপতি, মুখ্য সচেতক বা উপ–দলপতি হিচাপে কাক বাছনি কৰিব৷ সর্বাধিক সংখ্যালঘু বিধায়ক থকা দলটোত বিৰোধী দলপতিগৰাকী সংখ্যালঘু হ’ব নে সংখ্যাগুৰু হ’ব তাক লৈও আৰম্ভ হৈছে সংঘাত৷
সততে মিঞাপ্রেমী বুলি বিজেপিয়ে কৰি অহা কটাক্ষৰ বাবে সংখ্যালঘুৰ চেকা আঁতৰাবলৈ নাওবৈচা সমষ্টিৰ বিধায়ক জয়প্রকাশ দাসক দলপতি বাছনি কৰাৰো যো–জা চলিছে৷ কিন্তু প্রথমবাৰৰ বাবে বিধানসভালৈ নির্বাচিত হৈ অহা জয়প্রকাশ দাসে এই দায়িত্ব গ্রহণ কৰিবলৈ সক্ষম হ’ব নে নাই তাক লৈও চলিছে চর্চা৷
এনে অৱস্থাত অভিজ্ঞতাৰ ফালৰ পৰা কংগ্রেছে এজন সংখ্যালঘু বিধায়কক দলপতিৰ মর্যাদা দিয়াৰ বাবেও চিন্তা–চর্চা কৰিছে৷ যাৰ বাবে চর্চাত উঠিছে ৱাজেদ আলী চৌধুৰী, জাকিৰ হুছেইন শিকদাৰ, ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, এ কে ৰছিদ আলমৰ নাম৷
স্বাভাৱিকতে সংখ্যালঘু বিধায়ক এজনক দলপতি নির্বাচন কৰাৰ ক্ষেত্রত সাংসদ ৰকিবুল হুছেইনেৰো যথেষ্ট প্রভাৱ থাকিব৷ কিয়নো নির্বাচনৰ ফলাফল ঘোষণাৰ পাছতে সংখ্যালঘু বিধায়কসকলক নিজ দললৈ আদৰি নি লাঞ্চ পার্টী খুওৱা ৰকিবুল হুছেইনৰ নির্দেশতে যে বিৰোধী দলপতি নির্বাচন হ’ব সেয়াও স্পষ্ট হৈছে৷
অৱশ্যে এইক্ষেত্রত প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈ আৰু পূর্বৰ বিৰোধী দলপতি দেৱব্রত শইকীয়ায়ো যে সমগ্র বিষয়টোত হস্তক্ষেপ নকৰিব, সেয়াও নুই কৰিব নোৱাৰি৷ দলপতি নির্বাচনৰ ক্ষেত্রতেই সিদ্ধান্তত উপনীত হ’ব নোৱাৰা কংগ্রেছে উপ–দলপতি, চীফ হুইপ, ডেপুটী চীফ হুইপ, দলৰ সচিব হিচাপে কাক দায়িত্ব দিব, তাক লৈও যথেষ্ট বিতর্ক চলিছে দলৰ ভিতৰচ’ৰাত৷
২১ মে’লৈ মাত্র কেইটামান দিন বাকী থকা অৱস্থাত কংগ্রেছে এতিয়ালৈ দলপতি নির্বাচন কৰিব নোৱাৰাটোৱে দলটোৰ ভিতৰত যে নির্বাচনী ফলাফলৰ প্রভাৱ অব্যাহত আছে, সেয়া স্পষ্ট হৈ পৰিছে৷ উল্লেখ্য যে বিৰোধী দলপতি নির্বাচনৰ ক্ষেত্রত ২০২১ চনত সংশোধন হৈছিল নিয়ম৷
সেই অনুসৰি ২১জনৰ পৰিৱর্তে ১৩জন সদস্য থাকিলে বিৰোধী দলপতিৰ মর্যাদা লাভ কৰিব পাৰে৷ কিন্তু কংগ্রেছৰ বাবে এই সুযোগৰ চূড়ান্ত সিদ্ধান্ত ল’ব অধ্যক্ষই৷ নিয়ম অনুসাৰে বিৰোধী দলপতিৰ মর্যাদা লাভ কৰিলেও চূড়ান্ত সিদ্ধান্ত দিব অধ্যক্ষই৷
ডিজিটেল ডেস্ক, ১৭ মে’