নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিক’ডিং জীৱন : কিমান বুজাম আৰু

ড০ পার্থসাৰথি মহন্ত

জীৱনত এনে কিছুমান সময় আহে কামৰ কাৰণে ভাগৰ নালাগে৷ ভাগৰ লাগে কথাৰ পৰা– বাৰে বাৰে ক’বলগীয়া হোৱা কথা, বাৰে বাৰে ক’বলগীয়া হোৱা শব্দৰ পৰা৷ একেবোৰ ব্যাখ্যা– বিভিন্ন সময়ত, বিভিন্ন পৰিস্থিতিত, বিভিন্ন কাৰণত৷

আপুনি যি কৰিলে সেয়া কিয় কৰিলে? আশা কৰা ধৰণে কিয় নকৰিলে? কিয় তেনেকৈ ক’লে? কিয় মনে মনে থাকিল? কিয় আঁতৰি আহিল? কিয় সলনি হ’ল?

বাৰে বাৰে একেবোৰ কথা কিমান বুজাব এটা সময়ত ভাগৰ লাগে৷ দেখা পোৱা নাযায়৷ এয়া সদায় নিজকে ব্যাখ্যা কৰিবলগা হোৱাৰ ক্লান্তি৷

এই ভাগৰ কেতিয়া আৰম্ভ হয় বেছিভাগ মানুহে লক্ষ্যই নকৰে৷ কাৰণ ই আমি উপলব্ধি কৰাতকৈ বহু আগতে আৰম্ভ হয়৷ সৰুতে আমি সকলো কথাৰে কৈফিয়ৎ দিব লাগে৷ কিয় এইটো কৰিলোঁ? পৰীক্ষাত নম্বৰ কিয় কম পালোঁ? ইত্যাদি৷ কোনেও নিশিকোৱাকেই আমি এটা কথা শিকি লওঁ– আনে স্বয়ংক্রিয়ভাৱে আমাক বুজি নাপায়৷ আমি বুজালেহে বুজে৷ নিজৰ বিষয়ে বুজোৱাটো ক্রমাৎ অভ্যাসত পৰিণত হয়৷ নিজৰ বিষয়ে ব্যাখ্যা কৰাটো হৈ পৰে আমাৰ অস্তিত্বক ন্যায্যতা প্রদান কৰাৰ প্রচেষ্টা৷

প্রথম অৱস্থাত এয়া একেবাৰে স্বাভাৱিক যেন লাগে৷ কাৰণ ভুল বুজাবুজি আঁতৰাবলৈ যোগাযোগ গুৰুত্বপূর্ণ৷ কিন্তু এটা কথা এবাৰ বুজোৱা আৰু গোটেই জীৱন একেটা কথাকে বুজাই থকাৰ মাজত পার্থক্য আছে৷ প্রথমটো যোগাযোগ, দ্বিতীয়টো ক্লান্তি৷

ইয়াত লুকাই থাকে এটা বেদনাদায়ক সত্য৷ কোনেও আমাক বুজিবলৈ চেষ্টা নকৰে৷ কোনো কোনোৱে আকৌ পুনৰ নিশ্চিত হ’বলৈকে সোধে৷ অর্থাৎ– তেওঁলোকে প্রশ্ণ কৰে, কিন্তু উত্তৰবোৰৰ কোনো গুৰুত্ব নাই৷ কাৰণ তেওঁলোকে সিদ্ধান্ত লৈয়ে থয়৷ সেইকাৰণে আপোনাৰ ব্যাখ্যাবোৰ তেওঁলোকে অজুহাত বুলি ভাবে৷

ইয়াৰ পৰা লগা ভাগৰ কেৱল আৱেগিকেই নহয়, শাৰীৰিকো৷ কথা কোৱাৰ আগতে আমি দ্বিধাবোধ কৰিবলৈ আৰম্ভ কৰোঁ৷ শব্দ সাৱধানে বাছিবলৈ লওঁ৷ ভুল বুজাবুজি হোৱাৰ আগতেই ব্যাখ্যা প্রস্তুত কৰোঁ৷ কিবা অসৎ উদ্দেশ্য থকা বাবে নহয়– ভুল বুজাবুজি হৈ ভাগৰি পৰা বাবে৷

সৃষ্টি হয় এক অদ্ভুত নিঃসংগতাৰ৷ কোনেও বুজি নোপোৱাৰ নিঃসংগতা৷ আমাৰ লগতে থাকি আমাক নুবুজাৰ বেদনা, তেওঁলোকে কেৱল আমাৰ মুখখনহে জানে, মনটো নহয়৷

আনে আমাৰ চৰিত্র, ব্যক্তিত্ব গঢ় দিব খোজে৷ আমাৰ এটা সংস্কৰণৰ সৃষ্টি কৰে– তেওঁলোকে বিচৰা ধৰণে৷ দায়িত্বশীল–শক্তিশালী–দয়ালু– সফল ইত্যাদি ইত্যাদি৷ আৰু আপুনি তেনেদৰেই আচৰণ কৰাটো বিচাৰে৷ শক্তিশালী হ’লে আপুনি ভাঙি পৰিব নোৱাৰে, দয়ালু হ’লে খং উঠিব নোৱাৰে৷ আৰু যদি তেনে হয়– আপুনি ব্যাখ্যা দিব লাগিব, কাৰণ আপোনাৰ প্রতি আন কাৰোবাৰ ধাৰণা যদি আপোনাৰ আচৰণৰ লগত খাপ খাই পৰা নাই, সেয়া যেন আপোনাৰহে ভুল৷

সমস্যাটো হ’ল– আমি সকলোৱে আমাক আনে বুজি পোৱাটো বিচাৰোঁ৷ আমি সংঘাত নিবিচাৰোঁ৷ কাৰো লগত দূৰত্ব নিবিচাৰোঁ৷ গতিকে বুজাই দিওঁ৷ বাৰে বাৰে৷ কাৰণ সম্পর্কবোৰ গুৰুত্বপূর্ণ৷

আমি আত্মৰক্ষাৰ বাবে নিজৰ বিষয়ে ব্যাখ্যা কৰোঁ৷ কিন্তু এই আত্মৰক্ষা ক্লান্তিকৰ৷ কাৰণ ইয়াৰ কোনো অন্ত নাই৷ সদায় এটা আন ভুল বুজাবুজিৰ সৃষ্টি হয়৷ কোনো ব্যাখ্যা কেতিয়াও সম্পূর্ণ অনুভৱ নহয়৷

সময় আৰু বয়সে অৱশ্যে আমাক এই ব্যাখ্যা কৰিবলৈ মন নোযোৱা কৰি আনে৷ এটা সময়ত সকলো বুজাবলৈ যত্ন কৰি থকা ব্যক্তি এজনে বুজোৱা কমাই আনে৷ কাৰণ তেওঁলোকে এটা কথা উপলব্ধি কৰে– কিছুমান মানুহে ইচ্ছা কৰিলেহে বুজি পায়৷ এই উপলব্ধিয়ে আচৰণ সলনি কৰে৷ দীঘলীয়া ব্যাখ্যা চুটি হৈ পৰে৷ যুক্তি কমি আহে৷ প্রমাণ কৰাৰ হেঁপাহ কমি আহে৷ কাৰণ তেওঁলোক ভাগৰি পৰে আৰু বাস্তৱ সত্যটোক গ্রহণ কৰি লয় যে বুজিব নুখুজিলে কাকো বুজাব নোৱাৰি৷

ইয়াৰ পৰাও ভুল বুজাবুজিৰ সৃষ্টি হয়৷ মানুহে মৌনতাক উদাসীনতা বুলি ভাবে৷ আচলতে এই মৌনতাৰ অর্থ হ’ল ক্লান্তি৷

কাৰণ অনবৰতে নিজৰ বিষয়ে আনক ব্যাখ্যা কৰি থকাৰ এটা মূল্য আছে৷ যি মূল্য আমি ভৰিবলগীয়া হয়৷ ই আমাৰ আত্মবিশ্বাস দুর্বল কৰি তোলে৷ আমি নিজকে সন্দেহ কৰিবলৈ আৰম্ভ কৰোঁ৷ ‘হয়তো মোৰ ভুল হৈছিল৷’ ‘হয়তো মই ভালকৈ বুজাব লাগে৷’ আমি ব্যাখ্যা কৰি, কৈফিয়ৎ দি জীয়াই থাকিবলৈ আৰম্ভ কৰোঁ–আনৰ অনুমোদনৰ বাবে, গ্রহণযোগ্যতাৰ বাবে, বৈধতাৰ বাবে৷

আৰু তাৰ পাছতো যেতিয়া ব্যাখ্যাৰ প্রয়োজন হয়, আমি উপলব্ধি কৰোঁ– সকলোকে কৈফিয়ৎ দিয়াৰ প্রয়োজন নাই৷ সকলো ইয়াৰ যোগ্য নহয়৷ কাৰণ ব্যাখ্যা দিয়াৰ বাবে প্রয়োজন পাৰস্পৰিক যত্ন, বিশ্বাস আৰু সন্মান৷

সত্যটো হ’ল–কিছুমান ব্যাখ্যাৰ অন্ত নাই৷ কাৰণ আচল কথাটো বুজি নোপোৱা নহয়৷ আচল কথাটো হ’ল–আমাক ব্যাখ্যা কৰাত ব্যস্ত ৰাখি অনিশ্চয়তাত ওলোমাই ৰখা৷ অনিশ্চিত মানুহক নিয়ন্ত্রণ কৰিবলৈ সহজ৷

সেয়েহে এটা সময়ত আমাৰ মনলৈ আহে–কিমান বুজাম আৰু৷ আৰু তেতিয়াই আমি সীমা টানিবলগীয়া হয়৷ নীৰৱে, কিন্তু গজগজীয়াকৈ, কাৰণ সকলোকে বুজোৱাৰ দায়িত্ব বহন কৰাটো সম্ভৱ নহয়৷ আমি নিজে ঠেকি শিকিছোঁ–সঁচা কথা ক’লেও ভুল বুজাবুজি হয়, দয়ালু হ’লেও সমালোচনা হয়, স্পষ্টকৈ বুজোৱাৰো ভুল ব্যাখ্যা হয়৷ ভুল কিন্তু আপোনাৰ নহয়৷

বুজা, ভুল বুজা আৰু ব্যাখ্যাৰ এই কথাখিনি উপলব্ধি কৰিলেই আমি পাওঁ স্বাধীনতা৷ ব্যাখ্যা বন্ধ কৰাৰ স্বাধীনতা৷ প্রতিটো সিদ্ধান্তৰ ওপৰত অতিমাত্রা চিন্তা কৰাটো বন্ধ কৰাৰ স্বাধীনতা৷ কিছুমান ভুল বুজাবুজি তেনেকৈয়ে থাকিবলৈ দিয়াৰ স্বাধীনতা৷ প্রতিটো কাহিনীত সংশোধনৰ প্রয়োজন নাই৷

কাৰণ, প্রকৃত বুজাবুজিৰ অনুভৱ বেলেগ৷ ধৈর্যসহকাৰে শুনে, যুক্তিপূর্ণ প্রশ্ণ কৰে৷ জটিলতা আৰু বৈপৰীত্য মানি লয়৷ সর্বোপৰি মানৱীয় দোষ–গুণৰ কাৰণে দোষী অনুভৱ কৰিবলৈ নকয়৷
অর্থাৎ প্রতিজন মানুহক আমাৰ কাহিনী বুজাব লাগিব বুলি কোনো কথা নাই৷ কাৰণ ব্যাখ্যাৰ প্রয়োজন নোহোৱা হ’লেহে পাৰস্পৰিক বিশ্বাস আৰু সন্মান আৰম্ভ হয়৷

You might also like