১৯৩০ চনৰ পিচত ভয়াৱহ আৰ্থিক মন্দাৱস্থাৰ সকীয়নি আইএমএফৰ মুৰব্বীৰ
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ ১৯৩০ চনৰ বৃহৎ মন্দাৱস্থাৰ পিছত চলিত ২০২০ চনটোত ভয়াৱহ গোলকীয় আৰ্থিক মন্দাৱস্থা দেখিবলৈ পোৱা যাব । – ক’ৰোনা ভাইৰাছক লৈ বিশ্ব স্তব্ধ হৈ থকাৰ সময়তে এই সকীয়নি দিছে আন্তৰ্জাতিক মুদ্ৰা নিধি (আই এম এফ)ৰ মুৰব্বী ক্ৰিষ্টালিনা জিঅ’ৰজিভাই । বিশ্বৰ আৰ্থিক মন্দাৱস্থাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি আই এম এফৰৰ পৰিচালন সঞ্চালক জিঅ’ৰজিভাই চৰকাৰসমূহক ৰাজহ আৰু মুদ্ৰানীতিক লৈ সঠিক পদক্ষেপ গ্ৰহণ কৰি ক’ৰোনা ভাইৰাছৰ কাৰণে যাতে আৰ্থিক ক্ষতি দীৰ্ঘদিনীয়া নহয় , তাৰ বাবে সকীয়নি দিছে । আই এম এফৰ ৱেবছাইটত ব্লক মেছেজত পৰিচালন সঞ্চালকগৰাকীয়ে কয় যে গোলকীয় বিকাশ ২০২০ চনত দ্ৰুতগতিত নেতিবাচক দিশে আগবাঢ়ি আহিছে । আই এম এফৰ ১৮০ খন দেশৰ ভিতৰত ১৭০ খন দেশতেই জনমূৰি আয় নিম্নগামী হোৱাটো পৰিলক্ষিত হৈছে । বিগত শতিকাটোৰ লেখীয়া যাতে অৰ্থনৈতিক সংকট গোলকীয় ক’ৰোনা ভাইৰাচ মহামাৰীয়ে সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে চৰকাৰসমূহে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিব লাগিব । পৰৱৰ্তী বৰ্ষত আংশিক উদ্ধাৰৰ সম্ভাৱনা আই এম এফে আশা কৰিব পাৰে যদিও চৰকাৰসমূহক ব্যৱসায় আৰু পৰিয়ালৰ বাবে জীৱনৰেখা প্ৰস্তুত কৰিবলৈও আহ্বান জনায় পৰিচালন সঞ্চালকগৰাকীয়ে । দেশসমূহে ইতিমধ্যে সংযুক্ত আঠ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও মহামাৰী ক’ভিড-১৯ ৰ প্ৰভাৱ পৰা বাণিজ্য আৰু পৰিয়ালৰ কাৰণে জীৱনৰেখা যোগান ধৰাৰ আহ্বান জনায় পৰিচালন সঞ্চালকগৰাকীয়ে ।