ভট্টদেৱ বিশ্ববিদ্যালয়ত “ভট্টদেৱ : জীৱন আৰু কৃতি” শীৰ্ষক আলোচনা চক্ৰ
আমাৰ বৰ্তমান হৈছে অতীতৰ ভেটিত প্ৰতিষ্ঠিত এক সত্যঃ দিগন্ত বিশ্ব শৰ্মা
“আমাৰ বৰ্তমান হৈছে অতীতৰ ভেটিত প্ৰতিষ্ঠিত এক সত্য৷ যেয়েহে ঐতিহ্যক বাদ দি আমি একো কৰিব নোৱাৰোঁ৷” এই মন্তব্য বিশিষ্ট চিন্তাবিদ, লেখক, সুবক্তা তথা সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ সমন্বয়ক দিগন্ত বিশ্ব শৰ্মাৰ৷
ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনস্থ সাহিত্য অকাডেমিৰ উদ্যোগত আৰু ভট্টদেৱ বিশ্ববিদ্যালয়, বজালীৰ সহযোগত পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সভাগৃহত “ভট্টদেৱ: জীৱন আৰু কৃতি” শীৰ্ষক এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়।
ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকাৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত আসন গ্ৰহণ আৰু চিনাকি পৰ্বৰ পিছত অভ্যাগতসকলক সম্বৰ্ধনা জনোৱা হয়৷ সাহিত্য অকাডেমি, কলকাতাৰ আঞ্চলিক সম্পাদক ক্ষেত্ৰবাসী নায়কে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত পৰিচয়মূলক বক্তব্য আগবঢ়ায় সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ সমন্বয়ক দিগন্ত বিশ্ব শৰ্মাই।
শৰ্মাই তেওঁৰ বক্তব্যত উক্ত মন্তব্য কৰাৰ লগতে অসমীয়া গদ্য সাহিত্যৰ পুৰোধা ভট্টদেৱ সম্পৰ্কত আলোচ্য বিষয়বস্তু সম্পৰ্কে ভাষণ আগবঢ়াই কয় যে ভট্টদেৱ আছিল এগৰাকী মহাপুৰুষীয়া সত্ৰীয়া সংস্কৃতিৰ সাধক আৰু সাহিত্যক।
তেওঁৰ ৰচনাসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ বুলি মন্তব্য কৰে৷ তেওঁ ভাষণ প্ৰসংগত অতীতৰ ধ্ৰুপদী সাহিত্যৰ ভেটিতহে যে অসমীয়া সাহিত্যই ধ্ৰুপদী মৰ্যাদা লাভ কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত সেই সময়ৰ সাহিত্য কৃতিৰ আলোচনা আজিও যে প্ৰাসংগিক সেই কথা দোহৰাৰ লগতে জ্যোতিপ্ৰসাদৰ ৰূপান্তৰৰ সংস্কৃতিয়েও যে তাকে সমৰ্থন কৰে সেই কথাও উল্লেখ কৰে৷
ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধনপতি ডেকাৰ পৌৰোহিত্যত আয়োজিত এই আলোচনা চক্ৰৰl অনুষ্ঠিত প্ৰথম সত্ৰত সঞ্চালকৰ দায়িত্ব পালন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° বিনীতা বৰা দেৱচৌধুৰীয়ে।
এই অধিবেশনত জ্ঞানেন্দ্ৰ বৰ্মন, কুকিলা গোস্বামী আৰু ৰশ্মি দেৱীয়ে গৱেষণাপত্ৰ উপস্থাপন কৰে। আনহাতে দ্বিতীয় সত্ৰ অনুষ্ঠান সঞ্চালনা কৰে বি. এইছ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণ চন্দ্ৰ পাঠকে।
এই সত্ৰত হিৰুমণি কলিতা, জ্যোতিৰ্ময় শৰ্মা, ৰূপশ্ৰী গোস্বামী আৰু স্বপ্নালী দাসে গৱেষণাপত্ৰ উপস্থাপন কৰে। মহাপুৰুষ ভট্টদেৱৰ জীৱন আৰু সাহিত্যকৃতিক কেন্দ্ৰ কৰি আয়োজিত এই গুৰুত্বপূৰ্ণ আলোচনা চক্ৰখনে ভাষা ,সাহিত্য আৰু সংস্কৃতিৰ গৱেষণাত এক নতুন দিশ উন্মোচন কৰিব বুলি আশা কৰা হৈছে।
শৰ্মিষ্ঠা দাসে আঁত ধৰা তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভাষা অনুষদৰ সহযোগী ডীন ড° ৰুনিমা শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা তথা গৱেষকসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিয়ে সমগ্ৰ অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তোলে।
নিয়মীয়া বাৰ্তা, পাঠশালা, ২৬ মে’